ETV Bharat / state

Bicycle Distributions: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:51 AM IST

Minister Piyush Hazarika visits Barak valley
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বৰাক উপত্যকাত ভীষণ ব্যস্ত মন্ত্ৰী পীযুষ হাজৰীকা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকা ভ্ৰমণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

শিলচৰ, ১৩ অক্টোবৰ : তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে বৰাক উপত্যকাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা ৷ বৃহস্পতিবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ তাৰ পিচতে বিয়লি হাইলাকান্দিত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ কাৰ্যসূচীৰ আৰম্ভণি কৰে ।

উল্লেখ্য যে, অসম চৰকাৰে ৰাজ্যজুৰি ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৩.৬৯ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ আঁচনিৰ অধীনত কাৰ্যসূচী গ্ৰহণ কৰিছে । এই অনুষ্ঠানত হাইলাকান্দি জিলাৰ মুঠ ৭,৭৪৯ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হৈছে ৷

মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমেৰে পঢ়া-শুনা কৰিবই লাগিব । কঠোৰ অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ'ছফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবী লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেয়েহে শিক্ষাৰ্থীসকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

Minister Piyush Hazarika visits Barak valley
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, চিকিৎসক, বিজ্ঞানী আদিৰ লগতে আজিকালি ৰাজনীতিৰ ক্ষেত্ৰখনত সফল হ'বলৈও আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিক্ষা অবিহনে জীৱনত কোনো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায় ।

আনহাতে, শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে আমি সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়কত্ৰয় কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰে সংগ দিয়ে ।

লগতে পঢ়ক: Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.