ETV Bharat / state

Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:32 PM IST

“অৰুণোদয়ৰ মালিক মহিলাসকল । মহিলাৰ স্বামী নহয় ৷ এই অৰুণোদয়ৰ ধন স্বামী সকলক নিদিব ৷ ঘৰত স্বামীক সহায় কৰিব এই ধনেৰে ৷” অৰুণোদয় 2.O আঁচনিৰ মঞ্জুৰী পত্ৰ প্ৰদান কাৰ্যসূচীত হিতাধিকাৰী মহিলাসকলক উদ্দেশ্যি এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam CM on Orunodoi scheme
Assam Govt Orunodoi schmeme

হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

গুৱাহাটী, 12 অক্টোবৰ: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দ্ৰুত গতিত ঘূৰিছে ৰাজনীতিৰ চকৰি ৷ অসমতো হিতাধিকাৰী আঁচনিৰ জোৰদাৰ ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ নতুনকৈ 10.54 লাখৰো অধিক মহিলা হিতাধিকাৰীক সামৰি অৰুণোদয় 2.0ৰ যোগেদি দৰিদ্ৰ সকললৈ ৰাজ্যজুৰি আৰ্থিক সাহাৰ্য আগবঢ়াইছে ।

2022 বৰ্ষৰ অক্টোবৰত মুকলি কৰা এই অৰুণোদয় আঁচনিৰ প্ৰথম পৰ্যায়ত 19 লাখ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিছিল মঞ্জুৰী পত্ৰ ৷ এইবাৰ অৰুণোদয় 2.O ত 7.30 লাখ হিতাধিকাৰীক ধৰিলে প্ৰায় 26 লাখৰো অধিক হিতাধিকাৰী হয়গৈ আঁচনিখনৰ । এই আঁচনিৰ যোগেদি প্ৰায় 4140 কোটি টকা ব্যয় কৰা হ’ব ৷ পৰৱৰ্তী সময়ত এই হিতাধিকাৰীৰ সংখ্যা 32 লাখলৈ বৃদ্ধি কৰাৰ অসম চৰকাৰৰ ৷ অহা নবেম্বৰ মাহৰ পৰা 26 লক্ষাধিক মহিলাক প্ৰতিমাহৰ 10 তাৰিখৰ ভিতৰত 1250 টকাকৈ দিব অসম চৰকাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে যোৰহাটত এখন সভাত হিতাধিকাৰীক প্ৰতীকি ৰূপত অৰুণোদয়ৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল মুখ্যমন্ত্ৰীয়েই নহয় অসমৰ দিহিঙে-দিপাঙে জিলাই জিলাই অসম চৰকাৰৰ মন্ত্ৰী সকলেও একেই সভাত বিশাল আয়োজনেৰে অৰুণোদয়ৰ হিতাধিকাৰী সকলক অৰুণোদয় কাৰ্ড বিতৰণ কৰিছে এইকেইদিন ৷

বুধবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মহিলা সকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত কেতবোৰ মন কৰিবলগীয়া মন্তব্য আগবঢ়ায়, যিবোৰ মন্তব্যই স্পষ্ট কৰে কিয় ৰাজ্যৰ 32 লাখ মহিলা হিতাধিকাৰী সৃষ্টিৰ আঁৰৰ কথা ৷

মহিলা সকলক উদ্দেশ্যি কি ক’লে আজি মুখ্যমন্ত্ৰীয়ে ?

ঘৰৰ মহিলাগৰাকী অৰুণোদয়ৰ গৰাকী । যোৰহাটত আজি এই মন্তব্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’লে, “অৰুণোদয়ৰ মালিক ঘৰৰ মহিলাগৰাকী, স্বামী সকল নহয় ৷ এই অৰুণোদয়ৰ ধন স্বামীক নিদিব ৷ ঘৰত স্বামীক সহায় কৰিব ৷ দালি-চেনি কিনি দিব ৷ ঘৰৰ আৰ্থিক সহায় কৰিব । হাজবেণ্ডক ক’ব ঘৰৰ দালি-চেনি, ইলেক্ট্ৰিচিটি বিল যদি 300/400 টকা আহে, মই তাৰে 250 টকা দিম ৷ তোমাৰ কষ্ট কমাই দিম ৷ এয়েই হ’ল অৰুণোদয় ৷”

কেৱল সেয়ে নহয় হিতাধিকাৰী সৃষ্টি প্ৰসংগতো বিৰোধীৰ সমালোচনাৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজস্ব ব্যাখা আগবঢ়ালে কিয় হিতাধিকাৰী সৃষ্ঠি কৰিছে তেওঁৰ চৰকাৰে ? তেওঁ কয়, “হিতাধিকাৰী যদি সৃষ্টিয়েই নকৰো মই কিয় মুখ্যমন্ত্ৰী হ’লো ? হিত+অধিকাৰী ৷ হিতৰ অধিকৰী ৷ যদি অসমৰ মানুহ হিতৰে অধিকাৰী নহয় তেন্তে মই হিমালয়ত বহি থকাই ভাল ৷ মইতো মানুহক হিতাধিকাৰী কৰিবই লাগিব ৷”

কিয় টাৰ্গেট মহিলা ভোটাৰ, মহিলা হিতাধিকাৰী ?

নিৰ্বাচন আয়োগে যোৱা 27 জানুৱাৰীত প্ৰকাশ কৰা তথ্য মতে অসমত মুঠ 2,41,11,743 গৰাকী ভোটাৰ আছে ৷ তাৰে 1,19,82,804 গৰাকী মহিলা ভোটাৰ । এতিয়া এই মহিলা সকলৰ ভিতৰত যিমান পাৰি সিমান দৰিদ্ৰতাৰে যুঁজি থকা মহিলা অৰুণোদয় আঁচনিৰে সংযুক্ত কৰাৰ চেষ্টা অসমৰ বিজেপি চৰকাৰৰ ৷ এই সকল মহিলাই যে আগন্তুক নিৰ্বাচনৰ সময়ত মূল কাৰক হিচাবে ভূমিকা পালন কৰিব সেয়া নিশ্চিত । চৰকাৰে বৰ্তমানলৈ সৃষ্টি কৰা 29 লাখৰো অ৷ধিক হিতাধিকাৰীয়ে কমেও সম সংখ্যক ভোটাৰক যে প্ৰভাৱিত কৰিব সেয়া সহজেই অনুমেয় ৷

সেয়ে এই হিতাধিকাৰী সকলৰ ভূমিকাও যে আগন্তুক নিৰ্বাচনত গুৰুত্বপূৰ্ণ হ’ব সেয়া নিশ্চিত ৷ সেয়ে শাসনাধিষ্ঠিত বিজেপিৰ ওচৰত এই মহিলা ভোটাধিকাৰ সকল অতি গুৰুত্বপূৰ্ণ ৷ বিজেপি শাসিত ৰাজ্য চৰকাৰে মাহৰ 10 তাৰিখে দিয়া 1250 টকাই প্ৰদান কৰা সাময়িক সকাহে বিশাল সংখ্যক হিতাধিকাৰীক পাহৰাই ৰাখিব মৌলিক সমস্যাৰ কথা আৰু যিটোৱে দলক অধিষ্ঠান বিৰোধী ঢৌৰ পৰা আঁতৰাই ৰাখিব ৷

আনহাতে, মুখ্যমন্ত্ৰীৰ বাকপটুতা আৰু বিশাল প্ৰচাৰেৰে অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰণে স্বাভাৱিকতে চৰকাৰে টাৰ্গেট কৰি লোৱা ৰাজ্যৰ 32 লাখ মহিলা হিতাধিকাৰীক আঁচনিৰ ধন পাই থকালৈকে যে মোহাবিষ্ট কৰি ৰাখিব সেয়া নিশ্চিত ৷

লগতে পঢ়ক: Himanta Biswa Sarma in Jorhat : গুৱাহাটীত কৃত্ৰিম বান নাইকিয়া কৰিবলৈ বিশ্বকৰ্মাক লাগিব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.