অসম

assam

প্ৰসংগ ফেচবুক প’ষ্ট: জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু ভবেশ কলিতাৰ

By

Published : Sep 12, 2022, 9:46 PM IST

Bhabesh Kalita files case against Jaya Kalita

অসমৰ ৰাজনীতিত পুনৰ আন এক বিতৰ্ক ৷ ভিক্টৰ দাসৰ পিছত এইবাৰ ৰঙিয়াৰ নগৰৰ 9 নং ৱাৰ্ডৰ নিবাসী জয়া কলিতাই ফেচবুকৰ এটা প’ষ্টে লগাইছে খলকনি ৷ ইতিমধ্যে জয়া কলিতাৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ (Bhabesh Kalita files case against Jaya Kalita at Rangia) ৷

ৰঙিয়া, 12 ছেপ্টেম্বৰ : ভিক্টৰ দাসৰ বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আন এক বিতৰ্কই মূৰ তুলি উঠিছে অসমৰ ৰাজনীতিত । এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ এগৰাকী যুৱতীয়ে (Bhabesh Kalita files case against Jaya Kalita) ।

ৰঙিয়াৰ নগৰৰ 9 নং ৱাৰ্ডৰ নিবাসী জয়া কলিতাই ফেচবুকৰ এটা প’ষ্টৰ জৰিয়তে প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত কৰিছে । প’ষ্টটোৰ জৰিয়তে জয়া কলিতাই বিধায়কগৰাকীয়ে 2018 চনৰ ডিচেম্বৰ মাহত ফোনযোগে জলসিঞ্চন বিভাগৰ চাকৰিৰ বিনিময়ত ধন দাবী কৰা বুলি অভিযোগ উত্থাপিত কৰে ।

লগতে আৰক্ষীৰ ওচৰত তেওঁৰ বিৰুদ্ধে উদ্দেশ্য প্ৰণোদিতভাৱে গোচৰ ৰুজু কৰা বুলিও অভিযোগ তৰে ।

ইফালে এই ফেচবুক প’ষ্টটোৰ পিছতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হয় । ইয়াৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই তেওঁৰ বিৰুদ্ধে ফেচবুকত প’ষ্ট দিয়া সন্দৰ্ভত জয়া কলিতাৰ বিৰুদ্ধে সোমবাৰে ৰঙিয়া থানাত দাখিল কৰে এক গোচৰ ।

প্ৰসংগ ফেচবুক প’ষ্ট : জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু

লগতে পঢ়ক :ভিক্টৰৰ দৰেই ভুক্তভোগী ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডে

বিধায়ক কলিতাই তেওঁকে টাৰ্গেট কৰি জয়া কলিতাই দিয়া প’ষ্টটো ভিত্তিহীন বুলি মন্তব্য কৰে ৷ আনকি 2018 চনৰ পৰা বৰ্তমানলৈ অভিযোগ দিবলৈ ৰৈ থকাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে । লগতে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে এনে মিছা অভিযোগ উত্থাপন কৰা বুলিও দাবী কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ জৰিয়তে যুৱতীগৰাকীক সকলো প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাই বিধায়ক ভবেশ কলিতাই । যদিহে জয়া কলিতাৰ অভিযোগৰ সত্যতা প্ৰমাণিত হয়, তেতিয়াহ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও কয় ৰঙিয়াৰ বিধায়কগৰাকীয়ে । ইয়াৰ পিছত আদালততো জয়া কলিতাৰ বিৰুদ্ধে গোচৰ তৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, জয়া কলিতা ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হোৱাৰ লগতে কা’ আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল । লগতে তেওঁ যোৱাটো পৌৰসভাৰ নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী হিচাপে ৰঙিয়াৰ 9 নং ৱাৰ্ডত প্ৰতিদ্বন্দিতাও আগবঢ়াইছিল ৷

লগতে পঢ়ক :ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details