ভিক্টৰৰ দৰেই ভুক্তভোগী ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডে

author img

By

Published : Sep 12, 2022, 8:15 PM IST

Police case against Victor Das

ভিক্টৰ দাসৰ দৰে আৰক্ষীৰ বিৰুদ্ধে মাত মতা ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তাৰ ওপৰতো গোচৰ আৰক্ষীৰ (Police case against Victor Das) ৷ ২০১৯ চনত ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তাৰ ক্ষেত্ৰতো সংঘটিত হৈছিল অনুৰূপ ঘটনা (Advocate reacts on Victor Das arrest) ৷

ডিব্ৰুগড়, 12 ছেপ্টেম্বৰ: সাৱধান ! আৰক্ষীৰ বিৰুদ্ধে মাত মাতিলেই আপোনাৰ জীৱনলৈ আহিব পাৰে বিপদ (Complain against police)। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ ঘটনাৰ পিছতে বিপদাশংকা কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেয়ে (Advocate reacts on Victor Das arrest)। আৰক্ষীয়ে অভিযোকাৰীৰ অভিযোগৰ সন্দৰ্ভত তদন্তৰ বিপৰীতে অভিযোগকাৰীক গ্ৰেপ্তাৰৰ বিষয়টো যুক্তিসংগত নহয় বুলি প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তাজনে ।

২০১৯ চনত এইগৰাকী জ্যেষ্ঠ অধিবক্তাৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে । টিংখাং আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানৰ নামত এটা পৰিয়ালক নিশা অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছিল ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁঞিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আৰক্ষী সঞ্চালক প্ৰধানলৈ টুইট কৰিছিল অধিবক্তাগৰাকীয়ে (Case against advocate Vijay Pande) ।

ভিক্টৰৰ দৰেই ভুক্তভোগী ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডে

ইয়াৰ পিছদিনা জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ আইনৰ ধাৰা ১২০ (বি) জাপি দি চাৰ্জশ্বিট দাখিল কৰিছিল আৰক্ষীয়ে । আৰক্ষীৰ বিৰুদ্ধে মাত মতাৰ বাবেই জ্যেষ্ঠ অধিবক্তাজনৰ বিৰুদ্ধে গোচৰ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, এতিয়া আৰক্ষী জনসাধাৰণৰ বাবে নহয় অভিযুক্তৰ পক্ষতহে । গতিকে আৰক্ষীৰ ওপৰত সাধাৰণ মানুহৰ আস্থা নোহোৱা হৈ আহিছে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ চাকৰিৰ নামত এটা চক্ৰই বেপাৰ কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি টুইট কৰিছিল ভিক্টৰ দাসে (Victor Das tweet) ৷ টুইটযোগে এই ঘটনাৰ উপযুক্ত তদন্তৰ দাবী কৰিছিল তেওঁ ৷ কিন্তু উৰা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি কেইবাটাও ধাৰাৰে গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক (Police arrested Victor Das) ৷ ভিক্টৰ গ্ৰেপ্তাৰক লৈ ইতিমধ্য ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক: ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.