অসম

assam

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Aug 2, 2021, 6:59 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 news at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

উপ-নিৰ্বাচন সন্দৰ্ভত কি কলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

দলৰ এক সংকটকালত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব কান্ধ পাতি লৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই ৷ একেৰাহে দুটাকৈ নিৰ্বাচনত পৰাজয় বৰণ কৰা কংগ্ৰেছ দল আজি চৰম সংকটত ৷ ইজনৰ পিছত সিজনকৈ নেতা, বিধায়কে এৰিছে কংগ্ৰেছ দল ৷ আজিৰ তাৰিখত অৱধাৰিত হৈ পৰিছে ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন ।

কলিয়াবৰত 'জল-জীৱন মিছন' আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

কলিয়াবৰত "জল জীৱন মিছন"ৰ ওলোটা ছবি ৷ নলযোগে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী প্ৰদান বাবে অব্যাহত কামত ব্যাপক দুৰ্নীতি কৰা বুলি ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ ৷

অসন্তুষ্ট শিক্ষাৰ্থী : সঁচাকৈয়ে ধনৰ বিপৰীতে উত্তীৰ্ণ হয় নেকি শিক্ষাৰ্থী ?

তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিৱেশ ৷ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰে বিদ্যালয় গৃহৰ আচবাব ৷ সম্প্ৰতি বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফলৰ বাবে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷

HSLC ৰ ফলাফল : ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও

চলিত বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ঘোষণা কৰা হ’ল বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT) ফলাফল । বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বহুকেইখন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল বিসংগতিপূৰ্ণ বুলি ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত ৰাখিছে ৷

দুগ্ধপাম পুনৰুজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

মৃতপ্ৰায় অৱস্থাত থকা এখন পুৰণি দুগ্ধ পাম পুনৰুজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ ৷ উক্ত প্ৰকল্পত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰাত সমানে গুৰুত্ব আৰোপ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই ৷

লাভলীনাই অসমৰ বাবে সোণ বুটলি অনাৰ আশা লুৰিণৰ

দেওবাৰে লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদ (AJP)ৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) ৷ চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে লাভলীনাক শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় লুৰিণৰ লগতে অসম জাতীয় পৰিষদৰ বহুকেইগৰাকী নেতা ৷

ডবকাত ব্ৰাউন চুগাৰসহ এজনক আটক

অসম আৰক্ষীৰ ব্যাপক অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ সোমবাৰে ডবকা আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰসহ জালত পৰিল এজন লোক ৷

দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে: লুৰীণজ্যোতি

অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত নিহত শ্বহীদ জোৱান নাজমূল হকৰ বৰপেটাৰ কদমগুৰিস্থিত বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ সীমা সমস্যাৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ কটাক্ষ লুৰীণজ্যোতি গগৈৰ ৷

হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

হায়দৰাবাদত নিৰ্মাণ হ’ব ‘অসম ভৱন’ । অসম চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । অসমত সুদীৰ্ঘ কাল সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা আই এ এছ বিষয়া ভি এছ ভাস্কৰক (V S Bhaskar) ইয়াৰ বাবে দায়িত্ব অৰ্পণ কৰিছে অসম চৰকাৰে ।

লাইলাপুৰত গুলীবিদ্ধ আৰক্ষী জোৱানৰ বাসগৃহত মন্ত্ৰী যোগেন মহন

অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ লাইলাপুৰত সংঘটিত সীমা বিবাদ (Border Dispute)ক লৈ সৃষ্টি হোৱা গুলীয়াগুলিত গুলীবিদ্ধ অসম আৰক্ষী (Assam Police)ৰ জোৱানৰ বাসগৃহত দেওবাৰে উপস্থিত হয় পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন (Jogen Mohan)সহ বিজেপিৰ এক সঁজাতি দলৰ প্ৰতিনিধি ৷

ABOUT THE AUTHOR

...view details