ETV Bharat / state

ডবকাত ব্ৰাউন চুগাৰসহ এজনক আটক

author img

By

Published : Aug 2, 2021, 4:41 PM IST

অসম আৰক্ষীৰ ব্যাপক অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ সোমবাৰে ডবকা আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰসহ জালত পৰিল এজন লোক ৷

a-man-arrested-with-brown-sugar-at-doboka
ডবকাত ব্ৰাউন চুগাৰ সহ এজনক আটক

হোজাই,2 আগষ্ট: ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছিল কোটি কোটি টকাৰ ড্ৰাগছৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে ডবকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোজাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন মোৰাঝাৰৰ আব্দুল কাদিৰ বুলি জানিব পৰা গৈছে ৷

সোমবাৰে এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাৰ নেতৃত্বত ডবকা, মোৰাঝাৰ আৰু যমুনামুখ আৰক্ষীয়ে ডবকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাইছিল ৷ অভিযান কালত এখন মটৰ চাইকেলত অহা এজন আৰোহীক তালাচী চলাই চাৰিটা চাবোনৰ বাকচত লৈ অহা প্ৰায় 40 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মোৰাঝাৰলৈ মটৰ চাইকেলেৰে ড্ৰাগছখিনি লৈ অহা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷

অধিক তথ্যৰ বাবে লোকজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা মিনি লক ডাউনৰ সুযোগ লৈ ৰাজ্যত সক্ৰিয় হৈছে একাংশ দুষ্ট লোক ৷ আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি মাৰি এইসকল লোকে সঘনে সংঘটিত কৰিছে চুৰি, ডকাইতিকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বেহা তথা সৰবৰাহ ৷ যাৰ বাবে পূৰ্বতকৈ অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী ৷

লগতে পঢ়কঃ Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.