উপ-নিৰ্বাচন সন্দৰ্ভত কি কলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

By

Published : Aug 2, 2021, 6:16 PM IST

thumbnail

দলৰ এক সংকটকালত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব কান্ধ পাতি লৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই ৷ একেৰাহে দুটাকৈ নিৰ্বাচনত পৰাজয় বৰণ কৰা কংগ্ৰেছ দল আজি চৰম সংকটত ৷ ইজনৰ পিছত সিজনকৈ নেতা, বিধায়কে এৰিছে কংগ্ৰেছ দল ৷ আজিৰ তাৰিখত অৱধাৰিত হৈ পৰিছে ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন । ইয়াৰে মৰিয়নি আৰু থাওৰা সমষ্টিত কংগ্ৰেছ বিধায়ক দুগৰাকীয়ে দল এৰি বিজেপিত যোগ দিয়াৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ গতিকে স্বাভাবিকতে প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি ভূপেন কুমাৰ বৰাৰ সমূখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান ৷ এফালে দলত্যাগৰ ধুমুহা, আনফালে উপ-নিৰ্বাচন ৷ এনে সময়তে সভাপতি ভূপেন কুমাৰ বৰাই ঘোষণা কৰিছে যে, তেঁও এইসময়ত উপ-নিৰ্বাচনতকৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে ৷ ই টিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত বৰাই কৰিছে এই মন্তব্য ৷ 126 টা বিধানসভা সমষ্টিতে দলটোক পুণৰ শক্তিশালী ৰূপত গঢ়ি তোলাটোৱেই তেঁওৰ এতিয়া প্ৰথম দায়িত্ব বুলি উল্লেখ কৰিছে ৷ আনহাতে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৰাকীয়ে ৷ এ আই ইউ ডি এফ মহাজোঁটত থাকিব নে নাথাকে সেই বিষয়েও কংগ্ৰেছে পুণৰ চিন্তা কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই ৷ লগতে আৰু কি কি মন্তব্য কৰিলে কংগ্ৰেছ সভাপতি গৰাকীয়ে ? চাওক জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা এই বিশেষ সাক্ষাৎকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.