ETV Bharat / state

হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

author img

By

Published : Aug 2, 2021, 12:47 PM IST

হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন (Assam Bhawan) ৷ ইতিমধ্যে ইয়াৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন আই এ এছ বিষয়া ভি এছ ভাস্কৰক (V S Bhaskar) ৷

as_ghy_01_hyderabad_assam_bhavan_7206058
হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

গুৱাহাটী, 2 আগষ্ট : হায়দৰাবাদত নিৰ্মাণ হ’ব ‘অসম ভৱন’ । অসম চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । অসমত সুদীৰ্ঘ কাল সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা আই এ এছ বিষয়া ভি এছ ভাস্কৰক (V S Bhaskar) ইয়াৰ বাবে দায়িত্ব অৰ্পণ কৰিছে অসম চৰকাৰে ।

as_ghy_01_hyderabad_assam_bhavan_7206058
আই এ এছ বিষয়া ভি এছ ভাস্কৰ

ভাস্কৰক এই গুৰু দায়িত্ব পালনৰ বাবে অসম চৰকাৰে এক নিৰ্দেশ যোগে পুনৰ নিযুক্তি প্ৰদান কৰিছে । সেই নিৰ্দেশ অনুসৰি হায়দৰাবাদত অসম ভৱন নিৰ্মাণ (Assam Bhawan)ৰ বাবে প্ৰয়োজনীয় ভূমিৰ ব্যৱস্থা কৰাৰ বাবে তেলেংগানা চৰকাৰৰ সৈতে সকলো ধৰণৰ যোগাযোগ আৰু সমন্বয় ৰক্ষাৰ দায়িত্ব দিয়া হৈছে ভি এছ ভাস্কৰক । প্ৰস্তাৱিত অসম ভৱনৰ সৈতে এখন চিকিৎসালয়ো সংলগ্ন কৰি ৰখাৰ চিন্তা কৰিছে অসম চৰকাৰে ।

as_ghy_01_hyderabad_assam_bhavan_7206058
হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

আনহাতে, আন এক নিৰ্দেশ যোগে ৰাজ্য চৰকাৰে প্ৰশাসনৰ শীৰ্ষ মহলত সামান্য সালসলনি ঘটাইছে । সেই অনুসৰি অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক অতিৰিক্তভাৱে অসম প্ৰশাসনিক ট্ৰিবিউনেলৰ অধ্যক্ষৰ দায়িত্বও দিয়া হৈছে ।

as_ghy_01_hyderabad_assam_bhavan_7206058
হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

একেদৰে, ছপা আৰু লেখন বিভাগৰ সচিব নীৰা গগৈ সোণোৱালক অতিৰিক্তভাৱে বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত আৰু পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ উন্নয়ন আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে । আনহাতে, ৰাজহ বিভাগৰ (Revenue Department) সচিব অমিতাভ ৰাজখোৱাক অতিৰিক্তভাৱে ন্যস্ত কৰা হৈছে শ্ৰম আয়ুক্তৰ দায়িত্ব ।

লগতে পঢ়ক-সৰ্বানন্দ বিহীন মাজুলীত কোনে বিলাব আনন্দ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.