ETV Bharat / city

কলিয়াবৰত 'জল-জীৱন মিছন' আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Aug 2, 2021, 4:57 PM IST

কলিয়াবৰত "জল জীৱন মিছন"ৰ ওলোটা ছবি ৷ নলযোগে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী প্ৰদান বাবে অব্যাহত কামত ব্যাপক দুৰ্নীতি কৰা বুলি ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ ৷

Widespread corruption in Jal-jiban Mission scheme At Kaliabor
কলিয়াবৰত 'জল-জীৱন মিছন' আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

কলিয়াবৰ, 2 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ (NAGAON DISTRICT) কলিয়াবৰতো জল জীৱন (JALJIBAN MISSION) আঁচনিৰ শুভাৰম্ভ হোৱা দেখা গৈছে ৷ জল জীৱন মিছন আঁচনিৰ অধীনত নলযোগে খোৱাপানী ৰাইজে ঘৰতে পাব পৰাকৈ কলিয়াবৰতো আৰম্ভ কৰা হৈছে এই জল জীৱন মিছন আঁচনিৰ ৷ কলিয়াবৰৰ বিহদুবিৰ ২৫৭, ধনেখোৱাৰ ২৯৭ আৰু দেৱসত্ৰৰ ৩০১ টা পৰিয়ালে এই আঁচনিৰ জৰিয়তে ঘৰতে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'ব ।

কিন্তু জল-জীৱন মিচন আঁচনিৰ অধীনত নলযোগে খোৱাপানী ৰাইজে ঘৰতে পাব পৰাকৈ ন-ন আঁচনিৰ শুভাৰম্ভ কৰাৰ পিচতেই কলিয়াবৰৰ বৰঘূলিত পোহৰলৈ আহিছে এখন ওলোটা ছবি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ বিষয়া-অভিযন্তাৰ অমনোযোগিতাৰ বাবেই আঁচনিৰ কামত ঠিকাদাৰে সংঘটিত কৰিছে ব্যাপক অনিয়ম ।

কলিয়াবৰত 'জল-জীৱন মিছন' আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

কলিয়াবৰৰ বৰঘূলিৰ দৃশ্য এয়া । ঘৰে-ঘৰে বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷ একে ঠাইতে ক'ৰবাত দুটা, আন ক'ৰবাত চাৰিটা পানী সংযোগৰ টেপ স্থাপন কৰিছে ৷ অকল সেয়াই নহয়, মূল পথৰ পৰা এশ মিটাৰ দুৰত্বত থকা চাৰিটা পৰিয়ালৰ বাবে এইদৰে একেটা স্থানত ঠিকাদেৰ স্থাপন কৰিছে চাৰিটাকৈ পানী-টেপ।

লগতে পঢ়ক - পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে

মুঠৰ ওপৰত, চৰকাৰী আঁচনিৰ পৰা ৰাইজ উপকৃত হোৱাৰ পৰিবৰ্তে ঠিকাদাৰৰ পকেট গৰম হোৱাটোয়েই প্ৰধান উদ্দেশ্য বুলি সাংবাদিকৰ আগত সৰৱ হৈ পৰিছে স্থানীয় লোক সকল ৷ তদুপৰি, পানী সংযোগৰ মূল নলৰ পৰা ঘৰুৱা সংযোগৰ বাবে নিৰ্দ্ধাৰিত দহ মিটাৰ ঠাইৰ দূৰত্বৰ পৰিৱৰ্তে ঠিকাদাৰৰ খেয়াল-খুচি মতে কম দৈৰ্ঘ‍্যৰ নলা লগোৱা বুলি সৰ্বত্ৰে অভিযোগ উঠিছে ।

শীঘ্ৰেই উক্ত বিষয়টো বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব উল্লেখনীয় বিষয় ৷

উল্লেখযোগ্য যে, জল জীৱন মিছনৰ অধীনত এতিয়ালৈ ৰাজ্যখনৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ পাইছে । ৯০ হাজাৰটা পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিব । ইতিমধ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ (Department of Public Health engineering ) ৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

এই অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বিপৰীতে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনিৰ বিপৰীতে প্ৰশাসনিক অনুমোদন দিছে । এই ২১০৩ টা আঁচনিৰ বিপৰীতে বায় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা ।‌‌ ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা ।‌‌

ৰাজ্য চৰকাৰে খৰছ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা । অতি লক্ষণীয়ভাৱে এই খোৱা পানী যোগান আঁচনিৰ ৰূপায়নৰ বাবে নাগৰিক সমাজেও অৰিহণা আগবঢ়াব লাগিব । উল্লেখিত পৰিমাণৰ ৰাজহুৱা পুঁজিৰ বিপৰীতে নাগৰিক সমাজৰ অৰিহণা নিৰ্ধাৰণ কৰা‌ হৈছে ১৬৩৮৫.৭৮ লাখ টকা ৷

লগতে পঢ়ক - আজিও অক্ষত আহোমৰ প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.