ETV Bharat / city

পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে

author img

By

Published : Aug 2, 2021, 12:23 PM IST

কলিয়াবৰৰ বৰঘূলিৰ বোকা-পানীৰে কদৰ্যময় হোৱা পথক লৈ ক্ষুব্ধ ৰাইজ ৷ মেৰামতি কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ অৱশেষত পথটোৰ ওপৰত ভূঁই ৰুই চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

Public Protest Against Government For Poor Road Condition At Kaliabor
পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে

কলিয়াবৰ,2 আগষ্ট : কলিয়াবৰ (Kaliabor)ৰ বৰঘূলিৰ পথটো দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ অৱস্থা (Poor Condition) ৷ এজাক বৰষুণতে বোকা-পানীৰে কদৰ্যময় অৱস্থা হয় । ফলত যাতায়াতৰ বাবে জল-কলা খাবলগীয়া হৈছে ৰাইজ ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ উক্ত পথটো মেৰামতি নকৰাত পথটোৰ ওপৰত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে বৰঘূলিবাসী ৰাইজে ৷

উল্লেখ্য যে, এইটো পথৰে দৈনিক কেইবা বিভিন্ন অঞ্চলৰ ৰাইজে যাতায়াত কৰে । পথৰ জৰাজীৰ্ণ অৱস্থাই বহু যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে । বাৰিষাতো বাদেই, খৰালিতো একেই অৱস্থা । বহু দিন মেৰামতিৰ নকৰাৰ ফলত পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে ৰথটোত ৷ এই সমূহৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে ৷

আনহাতে, পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ অৱশেষত স্থানীয় লোকসকল পথলৈ ওলায় আহি পথটোতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো মেৰামতি কৰাৰ দাবী তোলে অঞ্চলবাসীয়ে ।

পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে

অসম চৰকাৰে গ্ৰাম্য উন্নয়নৰ জৰিয়তেই অৰ্থনীতি সবল কৰিব বিচৰা গাঁৱত প্ৰকৃততে বিপৰীত ছবি এখন হে দেখাপোৱা যায় ৷ কলিয়াবৰৰ বৰঘূলিৰ এই পথৰ দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰি যে দৰাচলতে চৰকাৰৰ কথা আৰু কামৰ মাজত কিমান পাৰ্থক্য আছে ৷ নিৰ্বাচনৰ সময়ত সময় অহাৰ লগে লগে প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহে জনপ্ৰতিনিধি সকলে । কিন্তু নিৰ্বাচন যোৱাৰ পিছতে সকলো বগা হাটীত পৰিণত হয় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক - HSLC পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল জাগীৰোড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.