HSLC পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল জাগীৰোড

author img

By

Published : Aug 1, 2021, 10:49 PM IST

Morigaon students protest

৩০ জুলাইত ঘোষণা কৰা হৈছিল উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল । কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে ছেবাৰ বিকল্প মূল্যায়ন পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷ বহু ছাত্ৰ-ছাত্ৰীয়ে ফলাফল ঘোষণাত পক্ষপাতিত্ব হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৷

জাগীৰোড, ১ আগষ্ট : ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদেৰে দেওবাৰে উত্তাল হৈ পৰে জাগীৰোড আৰক্ষী থানাৰ চৌহদ । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা জাগীৰোডৰ চাৰিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিবলৈ অসন্মতি প্ৰদান কৰি দেওবাৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে জাগীৰোড আৰক্ষী থানাৰ চৌহদ । প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলে পক্ষপাতীত্ব কৰাৰ অভিযোগ উত্থাপন কৰি বিনাচৰ্তে পৰীক্ষাত উৰ্ত্তীণ কৰাই দিয়াৰ দাবী উত্থাপন কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামন্ত্ৰী ৰণোজ পেগু হায়-হায়, শিক্ষামন্ত্ৰী ৰণোজ পেগু গ' বেক, পাছ কৰাম বুলি ফেইল কিয়? আমাক পাছ কৰাই দিবই লাগিব, আমি আকৌ পৰীক্ষা নিদিও আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

জাগীৰোড আৰক্ষীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ হাল্লাব'ল

উল্লেখ্য যে, বহুদিনৰ জল্পনা-কল্পনাৰ পাচত ৩০ জুলাইত ঘোষণা কৰা হৈছিল উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল । সৰ্বকালৰ অভিলেখ ভংগ কৰি ৯৩.১০ শতাংশ উত্তীৰ্ণৰ হাৰে বহুতৰে জীৱনলৈ আনন্দ কঢ়িয়াই অনাৰ বিপৰীতে কিন্তু উত্তীৰ্ণ নোহোৱা একাংশ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও মানি ল'ব বিচৰা নাই শিক্ষা বিভাগে ঘোষণা কৰা ফলাফল । যাৰ বাবে দেওবাৰে জাগীৰোডৰ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, এন এফ ৰেলৱে মাধ্যমিক বিদ্যালয়, নখোলা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ লক্ষী ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে জাগীৰোড থানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক ন্যায় প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

লগতে পঢ়ক : লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.