ETV Bharat / state

দুগ্ধপাম পুনৰুজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 2, 2021, 4:20 PM IST

মৃতপ্ৰায় অৱস্থাত থকা এখন পুৰণি দুগ্ধ পাম পুনৰুজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ ৷ উক্ত প্ৰকল্পত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰাত সমানে গুৰুত্ব আৰোপ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই ৷

aasu-protest-at-teok-to-reopen-a-old-dairy-farm
দুগ্ধপাম পুনৰোজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

যোৰহাট, 2 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে সোমবাৰে যোৰহাট জিলাৰ টীয়কত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ টীয়কৰ কলিয়াপানীত থকা দুগ্ধ পাম, দুগ্ধ উৎপাদন কেন্দ্ৰ আৰু শুক্ৰ উৎপাদন কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ উল্লেখ্য যে, বিভাগৰ প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱত কলিয়াপানীত থকা দুগ্ধ পাম, দুগ্ধ উৎপাদন কেন্দ্ৰ আৰু শুক্ৰ উৎপাদন কেন্দ্ৰটোৱে বৰ্তমান জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ এই প্ৰকল্পসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে উক্ত প্ৰকল্পত নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰাত সমানে গুৰুত্ব আৰোপ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই ৷

পশুপালন বিভাগৰ তত্বাৱধানত কলিয়াপানীত প্ৰতিষ্ঠা কৰা দুগ্ধ পামখনে নব্বৈৰ দশকত যোৰহাট জিলাৰ লগতে কাষৰীয়া শিৱসাগৰ জিলাৰো প্ৰয়োজনীয় গাখীৰৰ চাহিদা পূৰণ কৰিছিল ৷ কিন্তু বিভাগৰ প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱৰ বাবে ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ পৰ্যবসিত হয় আটাইকেইটা প্ৰকল্প ৷ প্ৰচুৰ সম্ভাৱনা থকা এই প্ৰকল্পকেইটা পুনৰুজ্জীৱিত কৰিবৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই বহুবাৰ বিভাগৰ কৰ্তৃপক্ষক আবেদন কৰিও সুফল লাভ নকৰিলে ৷

দুগ্ধপাম পুনৰুজ্জীৱিত কৰাৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

অৱশেষত সোমবাৰে ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অচিৰে প্ৰকল্পকেইটা পুনৰুজ্জীৱিত নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সন্থাই ৷ যি সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰে নতুন নতুন প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে, সেই সময়ত এনে উৎপাদনমুখী প্ৰকল্পসমূহৰ জৰাজীৰ্ণৰূপে চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাইছে ৷ 1969 চনতে 1 হাজাৰ বিঘা ভূমিত স্থাপন হোৱা এই দুগ্ধ পামখনৰ এনে জৰাজীৰ্ণ অৱস্থা হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে আছু কৰ্মীসকলে ৷ নতুনকৈ এই প্ৰকল্পটো মুকলি কৰাৰ কাম আৰম্ভ কৰি তাত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে আছুৱে ৷

লগতে পঢ়কঃ আজিও অক্ষত আহোমৰ প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.