ETV Bharat / state

HSLC ৰ ফলাফল : ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও

author img

By

Published : Aug 2, 2021, 4:54 PM IST

চলিত বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ঘোষণা কৰা হ’ল বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT) ফলাফল । বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বহুকেইখন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল বিসংগতিপূৰ্ণ বুলি ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত ৰাখিছে ৷

STUDENT PROTEST AT CHAIGAON
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও

ছয়গাঁও, ২ আগষ্ট : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC EXAM RESULT)ক লৈ সোমবাৰে পুনৰ উত্তপ্ত হৈ পৰে ছয়গাঁও ৷ ছয়গাঁও সমষ্টিৰ বামুণীগাঁও হাইস্কুলৰ প্ৰায় ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস শালৈৰ বাসগৃহৰ সম্মুখত বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে বামুণীগাঁও হাইস্কুল হায় হায়, প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস শালৈ হায় হায়, ৰঞ্জু দাস শালৈ গ’ বেক, আমাক ন্যায় লাগিবই আদি বিভিন্ন শ্ল’গানেৰে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ঘৰৰ চৌহদ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, ৩০ জুলাইত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বামুণীগাঁও হাইস্কুলৰ পৰা অৱৰ্তীণ হোৱা ১৫৭ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয় ৷ ইয়াৰ পিচতেই বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী ক্ষোভিত হৈ পৰে ৷ এই অবাঞ্চিত ফলাফলৰ পিচত ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস শালৈক যোগাযোগ কৰাত তেওঁ এয়া ছেবাৰ কাম বুলি মন্তব্য কৰে ৷

লগতে চাওকঃ HSLC পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল জাগীৰোড

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলক সোমবাৰে বিদ্যালয়ত লগ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰধান শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়লৈ নোযাৱাত ক্ষোভিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীলৈ অপেক্ষা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক ফোন কৰাত ছুইচ অফ পায় ৷ ইয়াৰ পাছত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকল লগ হৈ বামুণীগাঁৱৰ পৰা প্ৰায় ৭ কিল’মিটাৰ পথ খোজকাঢ়ি ছয়গাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীৰ ঘৰত উপস্থিত হৈ তেওঁৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে ৷

ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা মতে, একেবাৰে পঢ়িব নোৱাৰা, বিদ্যালয়লৈ নোযোৱা, টেষ্ট পৰীক্ষাত ফেইল কৰা কেইবাজনো ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে ৷ ইয়াৰ বিপৰীতে নিয়মিত স্কুললৈ যোৱা আৰু পঢ়িব পৰা ছাত্ৰ-ছাত্ৰীসকল অনুত্তীৰ্ণ হৈছে ৷ এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক দোষাৰোপ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে নতুনকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও চৰকাৰক দাবী জনাইছে ৷

তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগিবই বুলি চৰকাৰক দাবী জনাইছে ৷ ছাত্ৰ-ছাত্ৰীসকলে বহু সময় ধৰি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰৰ গেটৰ সন্মুখত ৰাস্তাত বহি বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি থকাৰ সময়ত ছয়গাঁও আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ প্ৰধান শিক্ষয়িত্ৰীৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাত ছাত্ৰ-ছাত্ৰীসকল অধিক ক্ষোভিত হৈ পৰে ৷ মঙলবাৰে বিদ্যালয়লৈ নগ’লে পুনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ ঘেৰাও কৰিব বুলিও ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : শিক্ষান্ত পৰীক্ষাৰ মৃল্যায়নক লৈ অসন্তুষ্ট ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.