অসম

assam

1বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 25, 2022, 1:15 PM IST

1বজাৰ 10 টা শীৰ্ষ বাতৰি

Etv Bharat
Etv Bharat

Magazines recovered at Darbhanga Airport : বিমানবন্দৰৰ যাত্ৰীৰ বেগত উদ্ধাৰ মেগজিন আৰু কাৰ্টিজ

মেগজিন আৰু ৩ টা ৯ এমএমৰ সজীৱ কাৰ্টিজসহ গ্ৰেপ্তাৰ হৈছে এজন বিমান যাত্ৰী । সন্দেহজনক লোকজন মতিহাৰী জিলাৰ ঢাকাৰ কালামুদ্দিন । তেওঁৰ পৰা প্ৰেছ কাৰ্ডো উদ্ধাৰ । জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Assam assembly winter session: বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা গৃহীত কৰা হ’ল কেইবাখনো বিধেয়ক

শনিবাৰে অন্ত পৰিল পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশন ৷ পাচঁদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শীতকালীন অধিবেশনত গৃহীত কৰা হয় কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ৷

Scorpio hit Tej Pratap Yadav Car: মন্ত্ৰী তেজ প্ৰতাপৰ বাহনত খুন্দা স্ক’ৰপিঅ’ৰ

পাটনাৰ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত নিশা মন্ত্ৰী তেজ প্ৰতাপ যাদৱৰ বাহনত খুন্দিয়ালে উদণ্ড চালকৰ বাহনে। মন্ত্ৰীগৰাকীৰ দেহৰক্ষীয়ে উক্ত স্থানৰ পৰা বাহনখনক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ পিছতেই সংঘটিত হৈছে এই ঘটনাটো । ইতিমধ্য়ে দুজন লোকক উক্ত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ।

Man Elephant conflict : বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে হাতী-মানুহৰ সংঘাতৰ ঘটনা ৷ এইবাৰ তেজপুৰত বন্যহস্তীৰ আক্ৰমণৰ পৰা এটা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

Naxal attack in Chhattisgarh: জগদলপুৰত নক্সালৰ আক্ৰমণত আহত জোৱানৰ মৃত্য়ু

ছত্তীশগড়ত পুনৰ ৰিজাৰ্ভ গাৰ্ডৰ ওপৰত নক্সালৰ আক্ৰমণ । এই আক্ৰমণত শ্বহীদ হয় এজন জোৱান । ইপিনে, আৰক্ষীয়ে ২০২৩ বৰ্ষত নক্সালৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰস্তুত কৰিছে নতুন পৰিকল্পনা ।

Good governance day : প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

৯৮ সংখ্যক জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক দেশবাসীয়ে স্মৰণ কৰিছে। বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল'ত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ জন্ম জয়ন্তীক দেশবাসীয়ে সুশাসন দিৱস হিচাপে পালন কৰিছে ।

Ravishankar prasad target Bharat Jodo Yatra : ৰাহুল গান্ধীক আক্ৰমণ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদৰ

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ সমালোচনা কৰিলে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে । এই যাত্ৰাৰ নেতৃত্বত থকা ৰাহুল গান্ধীকো আক্ৰমণ নেতাগৰাকীৰ । এই যাত্ৰাত সৰু সৰু গেঙৰ সদস্য আছে বুলি তেওঁ অভিযোগ কৰে ।

Militant cadre detained: কাছাৰত HPC উগ্ৰপন্থী গোটৰ শীৰ্ষ কেডাৰ আটক

দীৰ্ঘদিন ধৰি উগ্ৰপন্থীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলাই আহিছে ৷ শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ আৰক্ষী আৰু অসম ৰাইফলছে লক্ষীপুৰৰ পৰা মাৰ পিপলছ কনভেনছন চমুকৈ HPC (P) উগ্ৰপন্থী সংগঠনৰ এটা শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে ।

Drugs in golaghat: গোলাঘাটত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান)। গোলাঘাট আৰক্ষীয়েও জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে নিশাও গোলাঘাটত আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছৰ বিৰুদ্ধে । অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন ।

Road Accident: ট্ৰেভেলাৰৰ খুন্দাত নিহত দুই বাইক আৰোহী

ধেমাজি জিলাৰ কুলাজান-বগীবিল পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা প্ৰায় ৬.৩০ বজাত কুলাজান-বগীবিল পথৰ টঙানি দলঙৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো

ABOUT THE AUTHOR

...view details