ETV Bharat / bharat

Naxal attack in Chhattisgarh: জগদলপুৰত নক্সালৰ আক্ৰমণত আহত জোৱানৰ মৃত্য়ু

author img

By

Published : Dec 25, 2022, 11:20 AM IST

ছত্তীশগড়ত পুনৰ ৰিজাৰ্ভ গাৰ্ডৰ ওপৰত নক্সালৰ আক্ৰমণ (Naxal attack at Karnataka)। এই আক্ৰমণত শ্বহীদ হয় এজন জোৱান । ইপিনে, আৰক্ষীয়ে ২০২৩ বৰ্ষত নক্সালৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰস্তুত কৰিছে নতুন পৰিকল্পনা ।

Naxal attack in Bijapur
ছত্তীশগড়ত পুনৰ নক্সালৰ আক্ৰমণ

নেশ্য়নেল ডেস্ক, ২৫ ডিচেম্বৰ: ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক জুনেজাই শুকুৰবাৰে নক্সাল প্ৰভাৱিত জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ২০২৩ বৰ্ষৰ নক্সাল বিৰোধী ৰণনীতি নিৰ্ধাৰণৰ বাবে এক বৈঠকৰ আয়োজন কৰাৰ সময়তে নক্সালৰ আক্ৰমণত আহত এজন জোৱানৰ মৃত্য়ু হয় (DRG jawan martyred in Jagdalpur)। আৰক্ষী সঞ্চালক প্ৰধানৰ এনে নক্সাল বিৰোধী ৰণনীতিৰ সময়ত নক্সাল সকলো তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য়ৰ পৰা আঁতৰি থকা নাই । বিশেষকৈ নক্সালসকলে ছুটিত ঘৰলৈ অহা জোৱানসকলক লক্ষ্য কৰি লৈছে ।

শনিবাৰে নক্সালৰ এটা ক্ষুদ্ৰ একচন গোটে মিৰ্তুৰপাৰাত ডিআৰজি জোৱানক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে (DRG jawan injured in Naxalite attack in Bijapur)। নক্সাল আক্ৰমণত আহত ডিআৰজি জোৱানক নেলচনাৰা কমিউনিটি হেল্থ চেণ্টাৰত প্ৰাথমিক চিকিৎসাৰ পিছত জগদলপুৰলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছতেই ডিআৰজি জোৱানজনৰ মৃত্য়ু হয় ।

উল্লেখ্য় যে, ১৫ দিন পূৰ্বে জিলাখনৰ পেগদাপল্লীৰ অৰণ্যত আৰক্ষী আৰু নক্সালৰ মাজত হোৱা সংঘৰ্ষত কোবৰা গোটৰ এজন হেড কনিষ্টবল আহত হৈছিল (Naxal attack in Bijapur)। তেওঁৰ ভৰিত গুলী লাগিছিল । অৱশ্য়ে হেড কনিষ্টবলজনৰ অৱস্থা এতিয়া সুস্থ হৈছে (Jagdalpur news)। ইপিনে, উচুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত দুটা নক্সালৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । নক্সাল বিৰোধী অভিযানৰ সময়ত জোৱানসকলে নেলাকাংকৰৰ অৰণ্যত নক্সালসকলৰ সৈতে মুখামুখি হৈছিল । অৱশ্যে, এই আক্ৰমণত কোনো লোক আহত হোৱা নাই ।

দ্বিতীয় ঘটনাটো সীতাপুৰ কেম্প টেকমেটলা অভিমুখে টহল দি থকা অৱস্থাত নক্সালৰ দ্বাৰা স্থাপন কৰা স্পাইক হোলৰ খুন্দাত দুজন সৈনিক আহত হয় । শুকুৰবাৰে চুকমাৰ 73 টা গাঁতৰ পৰা শ শ স্পাইক ছিদ্ৰ উদ্ধাৰ হৈছে । বিজাপুৰৰ নেলাকাংকৰৰ অৰণ্যত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় (Encounter of police and Naxals in Nelakankar forest) । এই জোৱানৰ আক্ৰমণটোৰ পিছত মাওবাদীসকলেও প্ৰত্য়াক্ৰমণ কৰিছিল ।

উল্লেখ্য় যে, ২০১৮ চনৰ ৯ এপ্ৰিলত বিজাপুৰ জিলাৰ কুত্ৰুৰ পৰা অৰণ্য়লৈ যাত্ৰা কৰি থকা অৱস্থাতেই মাওবাদীৰ দ্বাৰা সংঘটিত আইইডি বিস্ফোৰণত দুজন জিলা ডিআৰজি জোৱান নিহত হৈছিল । তদুপৰি উক্ত ঘটনাত পাঁচজন ডিআৰজি আহত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বস্তাৰৰ বিদ্ৰোহী পীড়িত বিজাপুৰ জিলা ভ্ৰমণ কৰাৰ পাঁচ দিন আগতে মাওবাদী আক্ৰমণ সংঘটিত হৈছিল ।

লগতে পঢ়ক:Passengers upset for pilots arrived late: পাইলট আৱদ্ধ ট্ৰেফিকত, বিমানবন্দৰত অপেক্ষা যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.