ETV Bharat / bharat

Passengers upset for pilots arrived late: পাইলট আৱদ্ধ ট্ৰেফিকত, বিমানবন্দৰত অপেক্ষা যাত্ৰীৰ

author img

By

Published : Dec 24, 2022, 5:53 PM IST

বিমান উৰাৰ নিৰ্ধাৰিত সময় আছিল দুপৰীয়া ১২ বজাত ৷ নিৰ্ধাৰিত সময় উকলি গ’ল ৷ কিন্তু কোনো উমঘাম নাই বিমান উৰাৰ ৷ যাত্ৰীৰ মাজত চৰম উৎকন্ঠা... কেতিয়া উৰিব বিমান ৷ ঘোষণা কৰা হ’ল- বিমান উৰাত পলম হ’ব ৷ কাৰণ পাইলট আহি পোৱা নাই... ট্ৰেফিক জামত আৱদ্ধ হৈ আছে পাইলট ৷

Passengers upset for pilots arrived late
বিমানবন্দৰত অপেক্ষা যাত্ৰীৰ

নিউজ ডেস্ক, 24 ডিচেম্বৰ: বেংগালুৰু বিমান বন্দৰত শুকুৰবাৰে যাত্ৰীসকলৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কাৰণ আছিল বেংগালুৰুৰ পৰা পুনে আৰু দিল্লী অভিমুখী বিমানখন নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উৰা মাৰিছিল ৷ যাৰ বাবে যাত্ৰীসকল নিৰ্ধাৰিত সময়তকৈ ৮১ মিনিট পলমকৈ তেওঁলোকৰ গন্তব্যস্থানত উপস্থিত হৈছিল । ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছিল যাত্ৰীসকল ৷ নেটিজেনৰ মাজত এই বিষয়টোক লৈ এতিয়া সৰৱ চৰ্চা চলিছে ৷

Passengers upset for pilots arrived late
দেৱানাহাল্লি কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

যাত্ৰীসকলে অভিযোগ কৰা মতে দেৱানাহাল্লি কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ(Devanahalli Kempegowda International Airport) পৰা এখন বিমান শুকুৰবাৰে দুপৰীয়া ১২ বজাত উৰা মৰাৰ লগতে দুপৰীয়া ২.৫০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত(Indira Gandhi International Airport) উপস্থিত হোৱাৰ কথা আছিল ৷ কিন্তু পাইলটজন পলমকৈ উপস্থিত হোৱাৰ বাবে বিমানখন দুপৰীয়া ১.২১ বজাতহে উৰা মাৰিছিল আৰু বিয়লি ৪.০৭ বজাত দিল্লীত উপস্থিত হৈছিল । পাইলট ট্ৰেফিকত আৱদ্ধ হৈ পৰাৰ বাবে পলমকৈ বিমানবন্দৰত উপস্থিত হৈছিল ৷

লগতে পঢ়ক : Covid-19 Omicron Sub-Variant BF.7: ভাৰতৰ বাবে চিন্তনীয় নহয় ক’ভিডৰ নতুন প্ৰকাৰ: জ্যেষ্ঠ বিজ্ঞানী ৰাকেশ মিশ্ৰ

যাত্ৰীসকলে বিমানখন উৰা মৰালৈ বিমান বন্দৰতে অপেক্ষা কৰিবলগীয়া হৈছিল ৷ ছ'চিয়েল মিডিয়াত যাত্ৰীসকলে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰে(Passengers upset for pilots arrived late) ৷ পাইলট পলমকৈ অহাৰ বাবে ১৮০ জন যাত্ৰী বিমানবন্দৰতে অপেক্ষা কৰি ভাগৰি পৰিছিল । যাত্ৰীসকলে টুইট কৰে যে, ট্ৰেফিকৰ বাবে পাইলটৰ আগমণত পলম হৈছে বুলি তেওঁলোকক বিমান বন্দৰত কোৱা হৈছিল ।

আনহাতে এয়াৰলাইন্স কোম্পানীটোৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁলোকে সময়মতে উৰা মাৰিবলৈ চেষ্টা কৰিছিল । কিন্তু কেতিয়াবা অনিশ্চয়তাৰ বাবে, বিমানৰ সময়সূচী পৰিৱৰ্তন অনিবাৰ্য হৈ পৰে ৷ ইয়াৰ বাবে তেওঁলোক অনুতপ্ত । আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৰ্ণাটক আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখাই(Police clarification on traffic jam) ৷

যান-বাহন বিভাগৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত এম এ চেলিমে বিমান কোম্পানী আৰু যাত্ৰীসকলে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰে । এম এ চেলিমে ই টিভি ভাৰত কৰ্ণাটকক ফোনযোগে স্পষ্ট কৰি দিয়ে যে সেইদিনা চহৰখনৰ কোনো ঠাইত কোনো যান-বাহনৰ সমস্যাৰ খবৰ পোৱা হোৱা নাছিল ।

লগতে পঢ়ক : India Covid Measures : চিকিৎসা অক্সিজেন যোগান সন্দৰ্ভত ৰাজ্যসমূহলৈ পত্ৰ স্বাস্থ্য মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.