ETV Bharat / bharat

Covid-19 Omicron Sub-Variant BF.7: ভাৰতৰ বাবে চিন্তনীয় নহয় ক’ভিডৰ নতুন প্ৰকাৰ: জ্যেষ্ঠ বিজ্ঞানী ৰাকেশ মিশ্ৰ

author img

By

Published : Dec 24, 2022, 10:17 AM IST

ক'ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট বি এফ ৭ ক লৈ আশংকা দূৰ কৰি শুকুৰবাৰে এগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ বিজ্ঞানীয়ে কয় যে বি এফ ৭ ভেৰিয়েণ্ট হৈছে অ’মিক্ৰণৰ উপ ভেৰিয়েণ্ট (Covid-19 Omicron Sub-Variant BF.7) ৷ বি এফ ৭ ভেৰিয়েণ্টক লৈ ভাৰতে চিন্তা কৰাৰ প্ৰয়োজন নাই ।

BF 7 variant of coronavirus not worrisome for India, assures senior scientist Rakesh Mishra
ক'ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট বি এফ ৭ক মন্তব্য জ্যেষ্ঠ বিজ্ঞানী ৰাকেশ মিশ্ৰৰ

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ: চীন, জাপানকে ধৰি বিশ্বৰ কেইখনমান দেশত শেহতীয়াকৈ ক'ভিড-১৯ৰ নতুন প্ৰকৰণ বি এফ-৭ৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষকৈ চীনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিডৰ এই নতুন প্ৰকাৰ (Covid-19 Omicron Sub-Variant BF.7) ৷ এই লৈ এতিয়া চিন্তিত হৈ পৰিছে দেশবাসী ৷

ক'ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট বি এফ-৭ক লৈ দেখা দিয়া আশংকা দূৰ কৰি শুকুৰবাৰে দেশৰ এগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ বিজ্ঞানীয়ে কয় যে, বি এফ-৭ ভেৰিয়েণ্ট হৈছে অ’মিক্ৰণৰ উপ-ভেৰিয়েণ্ট (Omicron strain) ৷ অৱশ্যে বি এফ-৭ ভেৰিয়েণ্টক লৈ ভাৰতে চিন্তা কৰাৰ বিশেষ কোনো প্ৰয়োজন নাই ।

বাতৰি সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাংগালুৰুৰ টাটা ইনষ্টিটিউট ফৰ জেনেটিক্স এণ্ড ছ’চাইটি (Tata Institute for Genetics and Society) ৰ সঞ্চালক ৰাকেশ মিশ্ৰই (Rakesh Mishra Director) অৱশ্যে সকলোকে সকীয়াই দি কয় যে, ফেচ মাস্ক পৰিধান কৰা আৰু অপ্ৰয়োজনীয় ভিৰৰ পৰা আঁতৰি থকাটো সদায় উপযুক্ত ।

তেওঁ লগতে কয়, "বি এফ-৭ ভেৰিয়েণ্ট হৈছে অ’মিক্ৰণৰ এটা উপ-প্ৰকাৰ (Sub variant of Omicron) । কিছুমান সৰু সৰু পৰিৱৰ্তনৰ বাহিৰে মূল বৈশিষ্ট্যসমূহ অ’মিক্ৰণৰ দৰেই হয়, ইয়াত কোনো ডাঙৰ পাৰ্থক্য নাই । ভাৰতে ইতিমধ্যেই অ’মিক্ৰণৰ ঢৌৰ মাজেৰে পাৰ হৈছে । গতিকে আমি ইয়াৰ বাবে চিন্তা কৰিব নালাগে । ই একেটা ভাইৰাছ ।"

বিজ্ঞানীগৰাকীয়ে কয় যে চীনৰ “শূন্য ক’ভিড নীতি”ৰ (Zero Covid policy of China) বাবেই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ চীনৰ জনসাধাৰণ প্ৰাকৃতিক সংক্ৰমণৰ সংস্পৰ্শলৈ অহা নাই আৰু তেওঁলোকে সেই সময়খিনি বৃদ্ধসকলক টিকাকৰণৰ বাবে ব্যৱহাৰ কৰা নাছিল । যিসকল লোকৰ টিকাকৰণ কৰা হোৱা নাই, তেওঁলোকৰ লক্ষণবোৰ গুৰুতৰ । কম বয়সীয়া লোকসকলৰ এতিয়াও কোনো সমস্যা নাই । কিন্তু টিকাকৰণ নকৰা বয়সস্থ লোকসকলৰ মাজত, ই অতি দ্ৰুতগতিত বিয়পি পৰিছে ৷

বিজ্ঞানীগৰাকীৰ মতে, বেছিভাগ ভাৰতীয় নাগৰিকে বাহ্যিকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ভেকচিন লাভ কৰিছে (Hybrid immunity) ৷ এই ভেকচিনৰ জৰিয়তে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিভিন্ন ক’ভিড-19 প্ৰকাৰৰ লগত যুঁজ দিবলৈ সহায়ক হ’ব ৷ ভাৰতত বৰ্তমানৰ ভেকচিনসমূহৰ বিভিন্ন অ’মিক্ৰণৰ ভিন্নতাক প্ৰতিৰোধ বা বিফল কৰিব পৰা ক্ষমতা আছে ৷ ইয়াৰ প্ৰমাণ হৈছে চলিত বৰ্ষৰ আৰম্ভণিতে অ’মিক্ৰণৰ ডাঙৰ ঢৌত ভাৰতত বৃহৎ সংখ্যক লোক আক্ৰন্ত হোৱা নাই ৷

উল্লেখ্য যে শেহতীয়াকৈ জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, কোৰিয়া গণৰাজ্য, ব্ৰাজিল আৰু চীনত ধৰা পৰা নতুন প্ৰকৰণৰ প্ৰতি লক্ষ্য ৰাখি ২০ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষনে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এখন পত্ৰ লিখিছিল ।

কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, যিমানদূৰ সম্ভৱ নতুনকৈ ধৰা পৰা সকলো পজিটিভ ৰোগীৰ নমুনা, দৈনিক ভিত্তিত, নিৰ্দিষ্ট INSACOG (Indian SARS CoV 2 Genomic Consortium) জিনম চিকুৱেঞ্চিং পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: New Covid outbreak: ক’ভিডৰ সংক্ৰমণক লৈ ৰাইজক শংকিত নহ’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.