ETV Bharat / state

Assam assembly winter session: বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা গৃহীত কৰা হ’ল কেইবাখনো বিধেয়ক

author img

By

Published : Dec 25, 2022, 11:28 AM IST

শনিবাৰে অন্ত পৰিল পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশন (15th Assam assembly) ৷ পাচঁদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শীতকালীন অধিবেশনত গৃহীত কৰা হয় কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক (Assam assembly winter session) ৷

15th Assam assembly
বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা গৃহীত কৰা হ’ল কেইবাখনো বিধেয়ক

গুৱাহাটী, 25 ডিচেম্বৰ: যোৱা 20 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ শনিবাৰে অন্ত পৰে । পাঁচদিনীয়াকৈ অনুষ্ঠিত এই অধিবেশনৰ অন্তিম দিনা কেইবাখনো বিধেয়ক গৃহীত কৰা হয় (Various bill passed in winter session assam assembly)। বিধানসভাত শনিবাৰে ‘‘ফৌজদাৰী প্ৰক্ৰিয়াৰ মূল বিধেয়ক ২০২২ (সংশোধনী) (The Core of Criminal Procedure)’’, ‘‘দ্য আছাম মেইনটেনেনছ্ অৱ পাব্লিক অৰ্ডাৰ (স্বায়ত্তশাসিত জিলা) (সংশোধনী) বিল, ২০২২’’ (The Assam Maintenance of Public Order), ‘‘ৰেগিং বিৰোধী বিধেয়ক (সংশোধনী) বিল ২০২২ (The Assam Prevention of Ragging)” , ‘‘অসম লোকায়ুক্ত আৰু উপ-লোকায়ুক্ত (সংশোধনী) বিধেয়ক ২০২২’’, গৃহীত কৰা হয় ৷

ইয়াৰ লগতে, ‘‘অসম ৰাজ্যিক যুৱ আয়োগ বিল (সংশোধনী) , ২০২২’’, ‘‘কৰ বিল (সংশোধনী) ২০২২’’ (The Assam Money Lenders Bill), ‘‘সঞ্চয় দাতাৰ সুৰক্ষা জনিত বিধেয়ক (ইন ফাইনেঞ্চিয়েল এষ্টাব্লিছমেণ্টছ) (ৰিপিলিং) ২০২২’’, ‘‘অসম কৰ আইন বৈধকৰণ বিধেয়ক (ৰিপিলিং) ২০২২’’, ‘‘ অসম কৰ বিধেয়ক (The Assam Taxation ২০২২) (প্রচিডিয়ৰ ফৰ ৰাউণ্ডিং অফ) (ৰিপিলিং) ’’, ‘‘বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ নিধি (সংশোধনী) বিধেয়ক, ২০২২’’, বিধায়ক গৃহীত কৰা হয় ৷

‘‘ভূমি আৰু ৰাজহ আইন বিধেয়ক ২০২২’’ (দ্বিতীয় সংশোধনী) (The Assam Land and Revenue Rendering), ‘‘ভূমিৰ ওপৰত চিলিং নিৰ্ধাৰণ বিধেযক ২০২২ (সংশোধনী)’’, ‘‘ভূমি আদায় আৰু অধিগ্ৰহণ বিধেয়ক ২০২২(সংশোধনী) (Assam Land Requisition and Acquisition)’’, ‘‘ জলসিঞ্চন বিধেয়ক ২০২২ (সংশোধনী) ’’, ‘‘জলসিঞ্চনৰ পানী ব্যৱহাৰ বিধেয়ক ২০২২ (সংশোধনী) ’’, ‘‘নিয়ন্ত্ৰিত আৰু অনুজ্ঞাপত্ৰপ্ৰাপ্ত গুদাম বিল ২০২২ (সংশোধনী) ’’ বিধেয়ক গৃহীত কৰা হয় পঞ্চদশ বিধানসভাত ৷

ইয়াৰোপৰি গৃহীত কৰা হয় 'চিনেমা সম্বন্ধীয় বিধেয়ক (ৰেগুলেশ্যন) (সংশোধনী) বিল ২০২২', 'অৰণ্য সম্বন্ধীয় বিধেয়ক ( ৰিম’ভেল এণ্ড ষ্ট’ৰেজ অৱ ফৰেষ্ট প্ৰডিয়ুছ) ৰেগুলেশ্যন (সংশোধনী) বিল ২০২২’’, ‘‘নিম্নতম মজুৰি বিধেয়ক (সংশোধনী) বিল, ২০২২’’, ‘‘দ্য বিল্ডিং এগু আডাৰ কন্‌ষ্ট্ৰাকশ্যন ওৱৰ্কাৰছ (ৰেগুলেশ্যন অৱ এমপ্লয়মেন্ট এণ্ড কণ্ডিশ্যন অৱ চাৰ্ভিচ্) (সংশোধনী) বিল ২০২২’’, ‘‘দ্য প্লেনটেশ্যনছ্ লেবাৰ (সংশোধনী) বিল ২০২২’’, ‘‘দ্য ইণ্ডাষ্ট্রিয়েল ডিছপ্যুটছ (সংশোধনী) বিল, ২০২২’’, ‘‘দ্য বিড়ি এগু চিগাৰ ওৱৰ্কাৰছ্ (কণ্ডিশ্যনছ্ অৱ এমপ্লয়মেন্ট) (সংশোধনী) বিল ২০২২’’, ‘‘সম পাৰিশ্ৰমিক (সংশোধনী) বিধেয়ক, ২০২২’’ ৷

‘‘গ্ৰেচুইটিৰ ধন পৰিশোধ (সংশোধনী) বিল ২০২২’’,‘‘অসম ভাড়া বিধেয়ক ২০২২(টেম্পোৰেৰিলি ছেট্‌লড্ এৰিয়াছ) (সংশোধনী) ’’, ‘‘বস্তি অঞ্চলৰ বিধেয়ক (ইমপ্রুভমেন্ট এণ্ড ক্লিয়াৰেঞ্চ) (সংশোধনী) ’’, ‘‘অসম উদ্যোগ বিল 2022 (সংশোধনী) ’’, ‘‘অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম বিল ২০২২ (দ্ভিতীয় সংশোধনী) ,' 'পেছা ব্যৱসায় কলিং আৰু নিয়োগ কৰ (সংশোধনী) বিল ২০২২,' 'অসম চপছ আৰু এষ্টেৰিজম বিধেয়ক ২০২২,' ৰুৰেল ডেভেলপমেণ্ট চেছ্‌ ( ৰিপিলিং) বিল, ২০২২,' 'অসম ৰাজ্যিক পৰিবহণ নিগম বিল ২০২২ (অকৰ্তৃত্বশীল ভ্ৰমণ প্ৰতিৰোধ) (Assam State Transport Corporation),' 'মথাউৰি আৰু নিষ্কাসন বিলৰ (সংশোধনী)দৰে গুৰুত্বপূৰ্ণ বিল শীতকালীন বিধানসভাত গৃহীত কৰা হয় ।

উল্লেখ্য যে, বিধানসভাৰ অন্তিম দিনৰ কাৰ্যসূচী প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় । বিধানসভাত অন্তিম দিনা অসম বিধান সভাৰ স্থানীয় নিকায়সমূহৰ হিচাপ সমিতিৰ সভাপতি চক্ৰধৰ গগৈয়ে সমিতিৰ চতুৰ্থ প্রতিবেদন সদনত দাখিল কৰে । ইপিনে কানাডাৰ নোভা স্কটিয়া, হালিফাক্সত ২০২২ চনৰ ২০ আগষ্টৰ পৰা ২৬ আগষ্টলৈ অনুষ্ঠিত হৈ যোৱা ৬৫ তম্ কমনৱেলথ্ পাৰলিয়ামেণ্ট্ৰেৰী এচোছিয়েছন্ কনফাৰেঞ্চত চি পি এ আসাম ষ্টেট ব্রাঞ্চ (ইণ্ডিয়া ৰিজন) ৰ প্ৰতিনিধিৰ অংশগ্ৰহণৰ প্ৰতিবেদন দাখিল কৰা হয় ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ সামাজিক, অর্থনৈতিক আৰু সাধাৰণ খণ্ডৰ ওপৰত ( ২০২২ বৰ্ষৰ প্ৰতিবেদন নং ৪) অসম চৰকাৰৰ ২০২০ চনৰ ৩১ মাৰ্চত সমাপ্ত বছৰটোৰ প্ৰতিবেদনখন সদনত উপস্থাপন কৰে (Minister Pijush Hazarika)। যোৱা মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ ‌অধিবেশন শনিবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হয় ।

লগতে পঢ়ক : CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.