ETV Bharat / bharat

Scorpio hit Tej Pratap Yadav Car: মন্ত্ৰী তেজ প্ৰতাপৰ বাহনত খুন্দা স্ক’ৰপিঅ’ৰ

author img

By

Published : Dec 25, 2022, 12:07 PM IST

পাটনাৰ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত নিশা মন্ত্ৰী তেজ প্ৰতাপ যাদৱৰ বাহনত খুন্দিয়ালে উদণ্ড চালকৰ বাহনে (Scorpio hit Tej Pratap Yadav car in IGIMS)। মন্ত্ৰীগৰাকীৰ দেহৰক্ষীয়ে উক্ত স্থানৰ পৰা বাহনখনক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ পিছতেই সংঘটিত হৈছে এই ঘটনাটো । ইতিমধ্য়ে দুজন লোকক উক্ত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ।

Indira Gandhi Institute of Medical Sciences
মন্ত্ৰী তেজ প্ৰতাপ যাদৱৰ বাহনত খুন্দা

নেশ্য়নেল ডেস্ক, ২৫ ডিচেম্বৰ: বিহাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী তেজ প্ৰতাপ যাদৱে চৰকাৰী গাড়ীৰে কামৰ বাবে নিশা পাটনাৰ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ অহাৰ সময়ত এখন বাহনৰ সৈতে সংঘৰ্ষ হয় (Indira Gandhi Institute of Medical Sciences)। ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, মন্ত্ৰী তেজ প্ৰতাপৰ চৰকাৰী বাহনখন চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডৰ সন্মুখত ৰখাই থোৱা হৈছিল ।

মন্ত্ৰী তেজ প্ৰতাপে জৰুৰীকালীন ৱাৰ্ডৰ পৰা ওলাই যোৱাৰ সময়তে এখন স্ক'ৰপিঅ' আহি উক্ত স্থানত উপস্থিত হয় (Minister Tej Pratap Yadav)। সেই সময়ত মন্ত্ৰীগৰাকীৰ দেহৰক্ষীসকলে তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে । এই কথা শুনি সুৰাপান কৰা চালকজনে গাড়ীখন পিচুৱাই নিয়াৰ পৰিৱৰ্তে দ্ৰুতগতিত আগুৱাই নি সন্মুখত ৰখাই থোৱা মন্ত্ৰীগৰাকীৰ বাহনখনত খুন্দিয়ায় (Tej Pratap Yadav car collided)। ইতিমধ্য়ে শাস্ত্ৰীনগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ।

মন্ত্ৰী তেজ প্ৰতাপ যাদৱৰ গাড়ীত খুন্দা মৰাৰ পিছত তাত থকা লোকসকলে গাড়ীখনৰ চালক আৰু আন এজন লোকক কৰায়ত্ব কৰে । পিছত অভিযুক্ত চালকৰ লগতে লোকজনক আৰক্ষীক গতাই দিয়ে । আৰক্ষী চকীত ব্ৰেথ এনালাইজাৰৰে পৰীক্ষা কৰাৰ পিছত এইটো নিশ্চিত হৈছে যে সেই সময়ত চালকজন সুৰাসক্ত অৱস্থাত আছিল (Breath Analyzer)।

এই ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উপ-আৰক্ষী অধীক্ষক( আইন-শৃংখলা) সঞ্জয় কুমাৰ আৰু ষ্টেচন হাউছ বিষয়া ৰামশংকৰ সিঙ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে । উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, আৰক্ষীয়ে ইতিমধ্য়ে মন্ত্ৰীগৰাকীৰ বাহনত খুন্দা মৰা বাহনখন জব্দ কৰা হৈছে (Scorpio hit minister Tej Pratap Yadav car)। উক্ত ঘটনাসন্দৰ্ভত চালকজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । ইপিনে, বাহনখনৰ চালক অজিতে আৰক্ষীক কয় যে, তেওঁ তেওঁৰ মাতৃৰ চিকিৎসাৰ বাবে আইজিআইএমএছলৈ আহিছিল ।

উপ-আৰক্ষী অধীক্ষক (আইন-শৃংখলা) সঞ্জয় কুমাৰ উক্ত ঘটনা সন্দৰ্ভত কয়,"আমি তথ্য পাইছিলো যে কোনোবা এজন লোকে মন্ত্ৰী তেজ প্ৰতাপ যাদৱৰ গাড়ীত খুন্দা মাৰিছিল । ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰত্যক্ষদৰ্শীয়ে কয় যে, মন্ত্ৰীগৰাকীয়ে কিবা কামৰ বাবে আইজিআইএমএছলৈ আহিছিল । তেওঁৰ চৰকাৰী বাহনখন চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডৰ সন্মুখত ৰখাই থোৱা হৈছিল, য'ত সুৰাপান কৰা চালকজনে গাড়ীখনত খুন্দা মাৰিছিল । "

লগতে পঢ়ক:Ravishankar prasad target Bharat Jodo Yatra : ৰাহুল গান্ধীক আক্ৰমণ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.