ETV Bharat / bharat

Magazines recovered at Darbhanga Airport : বিমানবন্দৰৰ যাত্ৰীৰ বেগত উদ্ধাৰ মেগজিন আৰু কাৰ্টিজ

author img

By

Published : Dec 25, 2022, 12:27 PM IST

Darbhanga Airport
বিমানবন্দৰৰ যাত্ৰীৰ বেগত উদ্ধাৰ মেগজিন আৰু কাৰ্টিজ

মেগজিন আৰু ৩ টা ৯ এমএমৰ সজীৱ কাৰ্টিজসহ গ্ৰেপ্তাৰ হৈছে এজন বিমান যাত্ৰী (Passenger Arrested at Darbhanga Airport)। সন্দেহজনক লোকজন মতিহাৰী জিলাৰ ঢাকাৰ কালামুদ্দিন । তেওঁৰ পৰা প্ৰেছ কাৰ্ডো উদ্ধাৰ । জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Darbhanga Airport
মেগজিন, কাৰ্টিজসহ বিমানযাত্ৰী গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : বিহাৰৰ দৰভাংগা বিমান বন্দৰত চাঞ্চল্যকৰ ঘটনা । এগৰাকী যাত্ৰীৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰৰ পাছতে উত্তেজনা বিমানবন্দৰত । সম্প্ৰতি যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে । বিহাৰৰ অতি ব্যস্ত দৰভাংগা বিমানবন্দৰত নিয়োজিত সুৰক্ষা কৰ্মীয়ে এগৰাকী যাত্ৰীৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰে (Magazines and cartridges recovered)। যাত্ৰীগৰাকীৰ বেগৰ পৰা এটা মেগজিন আৰু ৩ টা ৯ এমএমৰ সজীৱ কাৰ্টিজ জব্দ কৰে । লগতে তেওঁৰ পৰা বিভিন্ন সন্দেহজনক নথি-পত্ৰও উদ্ধাৰ কৰে । যাত্ৰীগৰাকী মতিহাৰী জিলাৰ ঢাকাৰ কালামুদ্দিন বুলি চিনাক্ত কৰা হৈছে (Passenger arrested at Darbhanga Airport)।

কালামুদ্দিনে শনিবাৰে মতিহাৰীৰ পৰা দৰভাংগালৈ আহিছিল । দৰভাংগাৰ পৰা মুম্বাইলৈ যাবলৈ লওঁতেই বিমানবন্দৰত তালাচীৰ সময়ত তেওঁৰ বেগৰ ভিতৰত মাৰণাস্ত্ৰখিনি পোৱা গৈছিল । লগে লগে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰি বিমানবন্দৰ কৰ্তৃপক্ষক গতাই দিয়ে ।

Darbhanga Airport
কালামুদ্দিনৰ পৰা প্ৰেছ কাৰ্ডও উদ্ধাৰ

ইফালে জেৰাৰ অন্তত, বিমানবন্দৰ কৰ্তৃপক্ষই যুৱকজনক নিৰাপত্তাৰ খাতিৰত সদৰ থানাৰ আৰক্ষীক গতাই দিয়ে । সদৰ আৰক্ষী থানাত যুৱকজনক মহকুমা আৰক্ষী বিষয়াকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই কেইবা ঘণ্টা ধৰি জেৰা চলায় । জেৰাৰ অন্তত মহকুমা আৰক্ষী বিষয়া অমিত কুমাৰে কয় যে কালামুদ্দিনৰ পৰা এটা মেগজিন আৰু তিনিটা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰিও, তেওঁৰ পৰা বহু ভুৱা পৰিচয় পত্ৰ, পেন কাৰ্ড আৰু অন্যান্য নথিপত্ৰও উদ্ধাৰ কৰা হৈছে । সম্প্ৰতি সেই নথি-পত্ৰবোৰৰ বৈধতাৰ পৰীক্ষা কৰি থকা হৈছে ।

আচৰিত কথাটো হ'ল যে, ধৃত কালামুদ্দিনে নিজকে সাংবাদিক বুলি পৰিচয় দিছিল (Magazine recovered from so called journalist)। আনকি তেওঁৰ পৰা প্ৰেছ কাৰ্ডৰ লগতে মানৱ অধিকাৰ কাৰ্ড আৰু বিভিন্ন পৰিচয় পত্ৰও পোৱা গৈছে । কিছুমান নথি ভুৱা বুলি ইতিমধ্যে প্ৰমাণ হৈছে যদিও পেন কাৰ্ড আৰু আন আন নথিসমূহ পৰীক্ষা কৰি থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে সমগ্ৰ ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে দৰভাংগা বিমানবন্দৰত ।

কালামুদ্দিন আচলতে কোনো বিদ্ৰোহী সংগঠন সদস্য নেকি ? নে ৰাজ্যখনৰ কোনো ডকাইতি ঘটনাৰ লগত জড়িত আছিল কালামুদ্দিন ? ইফালে বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ কথাটো জনাৰ পাছতো এনেদৰে মাৰণাস্ত্ৰ লৈ বিমানবন্দৰলৈ যোৱা কাৰ্যকো বিভিন্নজনে সন্দেহৰ দৃষ্টিৰে চাইছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :Militant cadre detained: কাছাৰত HPC উগ্ৰপন্থী গোটৰ শীৰ্ষ কেডাৰ আটক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.