অসম

assam

Assam Govt Recruitment 2022: চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ চৰ্চাত ভিক্টৰ দাস

By

Published : Oct 19, 2022, 10:18 PM IST

চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ চৰ্চালৈ আহিল ভিক্টৰ দাস ৷ মঙলবাৰে ছেবাৰ ৱেবচাইটত উপলব্ধ হোৱা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ (Assam Govt Recruitment 2022) ফলাফলত ভিক্টৰ দাসে পাঠদান কৰা প্ৰতিষ্ঠান Scordemy ৰ পৰা এহেজাৰতকৈও অধিক ছাত্ৰ–ছাত্ৰী চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে । যাক লৈ এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে ।

thousands-of-candidates-of-victor-das-institute-passed-out-in-assam-direct-recruitment-2022
চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ চৰ্চাত ভিক্টৰ দাস

গুৱাহাটী,১৯ অক্টোবৰ: অৱশেষত ঘোষণা হ’ল অসম চৰকাৰৰ কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। মঙলবাৰে ছেবাৰ ৱেবচাইটত উপলব্ধ হ'ল চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল । চতুৰ্থ বৰ্গৰ ১৩ হাজাৰ ৩৪১ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । ৪ লাখ ৪৩ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত । তাৰ মাজৰ ২৬ হাজাৰ ৬৮২ জনে উত্তীৰ্ণ হৈছে এই পৰীক্ষাত ।

জানিব পৰা মতে, এটা পদৰ বিপৰীতে ২ জনকৈ উত্তীৰ্ণ হৈছে পৰীক্ষাত । এই পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবাই (Assam Direct Recruitment 2022) । সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ ফলাফল SEBAৰ ৱেবচাইট www.sebaonline.org যোগে ঘোষণা হোৱাৰ কথা টুইটযোগে সদৰি কৰিছিল । কিন্তু সোমবাৰে নিশাই একাংশ প্ৰাৰ্থীয়ে ফলাফল লাভ কৰে ছেবা ৱেবচাইটত । সোমবাৰে নিশা ফলাফল লাভ কৰাক লৈ বিভিন্ন মহলত তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হৈছে ।

ইয়াৰ পিছতেই পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাসৰ নাম । অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে চৰ্চালৈ আহিছে ভিক্টৰ । পৰীক্ষাত ভিক্টৰ দাসে পাঠদান কৰা প্ৰতিষ্ঠান Scordemy ৰ পৰা এহেজাৰতকৈও অধিক ছাত্ৰ–ছাত্ৰী চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে । যাক এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে । লিখিত পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু চৰ্চিত ভিক্টৰ দাসে । মঙলবাৰে নিশা কামৰূপৰ দদৰাৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত ভিক্টৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘মই জেনুইন মানুহ, মই ভাগৰা নাই ’ বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল । ইয়াৰ পাছতে অসম আৰক্ষীয়ে ভিক্টৰ দাসক সোধা-পোছা কৰাৰ অন্তত ৬ টাকৈ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৷

বিগত 17 ছেপ্টেম্বৰত মুকলি আকাশৰ তললৈ আহিছিল ভিক্টৰ দাস । গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰিছিল (Victor Das got bail)। আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলতে আদালতে মঞ্জুৰ কৰে অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ উল্লেখ্য যে ভিক্টৰ দাসৰ মন্তব্যই সমাজত দুটা ফৈদৰ সৃষ্টি কৰিব বুলি চৰকাৰী অধিবক্তাই প্ৰদৰ্শন কৰা যুক্তি ন্যায়ালয়ে নাকচ কৰে ।

ভিক্টৰ দাস হৈছে এটা ক'চিং ইনষ্টিটিউটৰ শিক্ষক । তেওঁৰ প্ৰকৃত ঘৰ কামৰূপৰ দদৰাত যদিও ভিক্টৰ দাসে মহানগৰীৰ মালিগাঁৱতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছে । তেওঁ Scordemy নামৰ ক'চিং ইনষ্টিটিউটখন বিগত তিনিমাহ ধৰি লাচিত নগৰত চলাই আহিছে । ক'চিং ইনষ্টিটিউখন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা তেওঁ Scordemy নামেৰে শিক্ষামূলক Blog এটাও চলাই আহিছে ।

লগতে পঢ়ক:Assam direct recruitment result 2022 : চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details