অসম

assam

Arsenicated water causes of cancer: বিশ্বৰ ভিতৰতে গুৱাহাটীত দ্বিতীয় সৰ্বাধিক Gallbladder Cancer ৰোগী !

By

Published : Jan 18, 2023, 7:35 PM IST

গৱেষণা অনুসৰি আৰ্চেনিকযুক্ত পানী কৰ্কট ৰোগৰ অন্যতম এটা কাৰণ হ'ব পাৰে (Arsenicated water can be causes of cancer) । ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা বিষয়া ডাঃ মণিগ্ৰীভা কৃষ্ণাত্ৰেয়ে ব্যক্ত কৰিলে অধ্যয়নৰ সবিশেষ ।

Cancer
Cancer

আৰ্চেনিকযুক্ত পানীয়ে মাতিছে গলব্লাডাৰ কেন্সাৰ

গুৱাহাটী, ১৮ জানুৱাৰী :আৰ্চেনিকযুক্ত পানী স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক (Water containing arsenic harmful for health) । এই কথা সকলোৱে জানো । কিন্তু শেহতীয়া এক গৱেষণাত ভয়াৱহ তথ্য পোহৰলৈ আহিছে । গৱেষণা অনুসৰি, আৰ্চেনিকযুক্ত পানী কৰ্কট ৰোগৰ অন্যতম এটা কাৰণ হ'ব পাৰে (Arsenicated water can be causes of cancer) । বিশেষকৈ আৰ্চেনিকযুক্ত পানী সেৱন কৰিলে গ'লব্লাডাৰ তথা পিত্তথলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে (Arsenicated water causes gallbladder cancer) ।

উল্লেখ্য যে এই ক্ষেত্রত গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে (Dr B Baruah Cancer Institute) লণ্ডন স্কুল অব হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন (London School of Hygine and Tropical Medicine), ভাৰতীয় জনস্বাস্থ্য ফাউণ্ডেচন (Public Health Engineering) আৰু নতুন দিল্লীৰ দীৰ্ঘম্যাদী ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, মহাবীৰ কৰ্কট সংস্থান আৰু খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (IIT Kharagpur) সহযোগত গৱেষণামূলক অধ্যয়ন চলাইছিল ।

আৰ্চেনিকযুক্ত পানীৰ ব্যৱহাৰ আৰু পিত্তথলীৰ কৰ্কট সন্দৰ্ভত চলোৱা অধ্যয়নত এই কথা পোহৰলৈ আহে যে খোৱাপানীত আৰ্চেনিকৰ মাত্রা অত্যধিক থাকিলে পিত্তথলীত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা বিষয়া আৰু অধ্যয়নটোৰ লগত জড়িত ডাঃ মণিগ্ৰীভা কৃষ্ণাত্ৰেৰ । তেওঁ কয় যে খোৱাপানীত আৰ্চেনিকৰ ফলত মানুহৰ বিভিন্ন জটিলতা হ'ব পাৰে যদিও অধ্যয়নত পোহৰলৈ আহিছে যে আৰ্চেনিকযুক্ত পানী সেৱনৰ ফলত পিত্তথলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।

অধ্যয়ন অনুসৰি, প্ৰতি লিটাৰত এক মাইক্ৰ'গ্ৰামতকৈ কম ভূগৰ্ভস্থ পানীত আৰ্চেনিক ঘনত্ব থকা অঞ্চলত বাস কৰা বাসিন্দাসকলৰ তুলনাত প্ৰতি লিটাৰত ১ৰ পৰা ৮ মাইক্ৰ'গ্ৰামলৈকে আৰ্চেনিক ঘনত্ব থকা অঞ্চলত পিত্তথলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায় । সেইদৰে উচ্চ আৰ্চেনিক স্তৰ থকা অঞ্চলত ইয়াৰ সম্ভাৱনীয়তা আৰু অধিক বৃদ্ধি পায় । তেওঁ লগতে কয় যে অসমত পিত্তথলীৰ কৰ্কট ৰোগীৰ সংখ্যা যথেষ্ঠ বেছি । বিশেষকৈ মহিলাসকলৰ মাজত ইয়াৰ হাৰ সৰ্বাধিক ।

উদ্বেগৰ বিষয় যে মহিলাৰ গ'লব্লাডাৰ কৰ্কট ৰোগৰ ক্ষেত্রত বিশ্বৰ ভিতৰতে কামৰূপ মহানগৰ জিলা দ্বিতীয় স্থানত আছে । লক্ষণীয় বিষয় যে পানীয়েই জীৱন যদিও পানীৰ বাবেই মানুহৰ জীৱনলৈ ভয়াৱহ সংকট আহিব পাৰে । পানীত আৰ্চেনিকৰ মাত্রা অধিক হ'লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিৰ উপৰি মাৰাত্মক কৰ্কট ৰোগ হ'ব পাৰে । তেনেস্থলত এইক্ষেত্রত সৰ্বসাধাৰণ ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব । চৰকাৰেও এইক্ষেত্রত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগিব । অন্যথা কৰ্কট ৰোগৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পাব ।

লগতে পঢ়ক :Assam State Zoo new member : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুই কণমানি আলহী

ABOUT THE AUTHOR

...view details