Assam State Zoo new member : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুই কণমানি আলহী

By

Published : Jan 18, 2023, 4:38 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

প্ৰকৃতিপ্ৰেমী লগতে অসম ৰাজ্যিক চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলৰ নতুন বছৰৰ প্ৰথমটো মাহতে এটি সুখবৰ । গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটা নতুন কণমানি আলহী । নতুন আলহী দুটা হৈছে দুটা সিংহ পোৱালি । অসম ৰাজ্যিক চিৰিয়াখানাত থকা ৰাণী নামৰ সিংহিনীজনীয়ে মঙলবাৰে জন্ম দিলে দুটাকৈ পোৱালি (Lion cubs born at Assam state Zoo)। মঙলবাৰে পুৱাই জন্ম পালে পোৱালি দুটা ।

বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ আছে সিংহ পোৱালি দুটা । দুই নতুন আলহীৰ সৈতে চিৰিয়াখানাত এতিয়া সিংহৰ সংখ্যা ৭ টালৈ বৃদ্ধি পালে । দুই নতুন আলহীৰ আগমনৰ বাবে সম্প্ৰতি চিৰিয়াখানাত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । সিংহ পোৱালী দুটাক চাবলৈ চিৰিয়াখানালৈ অধিক দৰ্শনাৰ্থী আগমন হ'ব বুলিও আশা কৰিছে কৰ্তৃপক্ষই ।

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ' অশ্বিনী কুমাৰে জনোৱা মতে যিহেতু পোৱালি দুটা সুস্থ হৈ আছে সেয়ে মাতৃ আৰু পোৱালি দুটাক পৃথকে ৰখা হৈছে । যাতে মাতৃ আৰু পোৱালিয়ে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে চিৰিয়াখানা কৰ্তৃপক্ষই (New lion cubs at Assam state Zoo)।

ইফালে শেহতীয়াকৈ অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । যাৰ বাবে চিৰিয়াখানাৰ জীৱ-জন্তুবোৰক যাতে এই শীতৰ পৰা পৰিত্ৰাণ দিব পৰা যায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ তথা চিৰিয়াখানা কৰ্তৃপক্ষই । জীৱ-জন্তুবোৰক উত্তাপ দিবৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই ব্যৱহাৰ কৰিছে হিটাৰ, ব্ল'ৱাৰ, হাই ভল্টেজ বাল্ব আদি ।

কৰ্তৃপক্ষই ঢেঁকীয়াপতীয়া বাঘৰ বাবে গঁড়ালৰ বাহিৰত হিটাৰ সংস্থাপনৰ লগতে সিংহৰ গঁড়ালৰ বাহিৰত ব্ল'ৱাৰ আৰু সৰীসৃপবোৰ ৰখা স্থানত হাই ভল্টেজ বাল্বৰ ব্যৱস্থা কৰিছে (Arrangements to protect zoo animals from winter)। আনহাতে কিছুমান জীৱ-জন্তুক শীতৰ পৰা ৰখা কৰিবলৈ গঁড়ালবোৰ পলিথিন, টাৰ্প'লিন আদিৰে ঢাকি ৰখাৰো ব্যৱস্থা কৰা হৈছে । বিশেষকৈ নিশাৰ ভাগত যাতে গঁড়ালবোৰত বতাহ সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.