অসম

assam

Railway police raid : ৰে'ল আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩৪ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য

By

Published : Dec 31, 2022, 7:27 PM IST

চলিত বছৰত ৰে'ল আৰক্ষীয়ে জব্দ কৰিছে ৩৩ কোটি ৯ লাখ ৯৫ হাজাৰ ৬৫০ টকাৰ নিচাজাতীয় দ্ৰব্য (GRP raid against drugs)। বিভিন্ন ৰে'ল ষ্টেচনত 2022 ৰ জানুৱাৰীৰ পৰা ২৬ ডিচেম্বৰলৈ জব্দ হৈছে ৩৫৬৫.৮৫৫ কিলোগ্ৰাম গাঞ্জা । মুঠ ১৮৩ গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।

Railway police raid
ৰেল' আৰক্ষীৰ অভিযান জব্দ প্ৰায় ৩৪ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য

গুৱাহাটী,৩১ ডিচেম্বৰ :নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনৰ ব্যাপক অভিযান অব্যাহত আছে (Anti drugs operation in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে ড্ৰাগছ, গাঞ্জাকে ধৰি বহু নিচাজাতীয় দ্ৰব্য । কোটি কোটি টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰাজ্যিক আৰক্ষীৰ সমান্তৰালকৈ চৰকাৰী ৰেল' আৰক্ষীয়েও নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে (Anti drugs operation of GRP)।

সূত্ৰৰ মতে চলিত বছৰত চৰকাৰী ৰে'ল আৰক্ষীৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৰে'ল ষ্টেচনসমূহত জব্দ হৈছে ৩৩ কোটি ৯ লাখ ৯৫ হাজাৰ ৬৫০ টকাৰ নিচাজাতীয় দ্ৰব্য । তাৰ ভিতৰত সৰ্বাধিক মূল্যৰ গাঞ্জা জব্দ কৰা হৈছে । চৰকাৰী ৰে'ল আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ২৬ ডিচেম্বৰলৈ ৩৫৬৫.৮৫৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছে যাৰ মূল্য ১৭ কোটি ৮২ লাখ ৯২ হাজাৰ ৭৫০ টকা (Ganja seized by Government railway police)। আনহাতে ম'ৰফিন ১০২০ গ্ৰাম জব্দ হৈছে । যাৰ বজাৰ মূল্য ৫১ লাখ টকা ।

৩৫,৯৫৭ টা নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে । জব্দ হোৱা টেবলেটখিনিৰ মূল্য ১ কোটি ৭৯ লাখ ৭৮ হাজাৰ ৫০০ টকা হ'ব বুলি অনুমান কৰা হৈছে । ইফালে ১৭০ টা কফ চিৰাপ বটল জব্দ কৰা হৈছে । জব্দ হোৱা কফচিৰাপ খিনিৰ মূল্য ১ লাখ ১৯ হাজাৰ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে ।

আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰেল' ষ্টেচনত ৫৮৭৫.১২ গ্ৰাম হে'ৰইন জব্দ হৈছে । জব্দ হোৱা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১১ কোটি ৭৫ লাখ ২ হাজাৰ ৪০০ টকা হ'ব । ৰেল' ষ্টেচনসমূহত অ'পিয়াম ২৪ কিলোগ্ৰাম জব্দ কৰা হৈছে । ইয়াৰ মূল্য ১ কোটি ২০ লাখ ৩ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে ।

নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ সন্দৰ্ভত বিভিন্ন থানাত ১৮৮ টা গোচৰ ৰুজু হৈছে । এই গোচৰসমূহৰ বিৰুদ্ধে মুঠ ১৮৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ৭১ টা গোচৰত অভিযোগনামাও দাখিল কৰিছে আৰক্ষীয়ে ।

আনহাতে ৰেল'ৱে ষ্টেচনত মুঠ ২৬৭৮ গ্ৰাম সোণ জব্দ কৰা হৈছে (Gold smuggling through rail)। মৰিয়নি ৰেল'ৱে ষ্টেচনত ৬৯৭ গ্ৰাম আৰু গুৱাহাটী ৰেল'ৱে ষ্টেচনত ১৯৮০ গ্ৰাম সোণ জব্দ কৰা হৈছে । সোণ সৰবৰাহৰ লগত জড়িত ৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে সৰবৰাহকাৰীসকলে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত নতুন নতুন কৌশল অৱলম্বন কৰিছে । সৰবৰাহকাৰীসকলে অতি কৌশলেৰে পথ সলনি কৰি ৰেল'পথক নিচাজাতীয় সামগ্ৰীৰ লগতে অবৈধ সামগ্ৰী সৰবৰাহৰ পথ হিচাপে বাছি লৈছে বুলিও আৰক্ষীয়ে জনাইছে । অৱশ্যে সকলো সময়ত ৰেল' আৰক্ষী সষ্টম হৈ আছে বুলিও দাবী কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Bike lifter arrested: মঙলদৈ আৰক্ষীৰ অভিযানত জব্দ 7 খন দুচকীয়া বাহন

ABOUT THE AUTHOR

...view details