অসম

assam

ৰাজ্যৰ ভিন্ন প্ৰান্তত কাৰাৰুদ্ধ নেতাক বিনা চৰ্তে মুক্তি আৰু CAA বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By

Published : Dec 26, 2019, 11:43 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰ্বত্ৰে একত্ৰিত হৈছে জনগণ। আইন মানি নোলোৱাৰ হুংকাৰেৰে ৰাজপথত ওলাই আহিল সৰ্বস্তৰৰ অসমীয়া৷ বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাধাৰণ ৰাইজকে ধৰি শিল্পী সমাজ, চিত্ৰ শিল্পী আৰু বিভিন্ন দল সংগঠনে কাৰাৰুদ্ধ নেতা সকলৰ মুক্তিৰ দাবীত আৰু CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

Protest
CAA বিৰোধী প্ৰতিবাদ

গুৱাহাটী, ওডালগুৰি, শদিয়া, তিনিচুকীয়া, হাইলাকান্দি, হোজাই, গোলাঘাটঃ ছাত্ৰসমাজৰ পিচত এইবাৰ জাতি মাটি ভেটিৰ স্বাৰ্থত প্ৰতিবাদত বহিল শিক্ষকসমাজ । বৃহস্পতিবাৰে মহানগৰীৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত শিক্ষক গোটে C(A)Aৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ভাষা-সংস্কৃতি বিপদাপন্ন কৰিব পৰা আইনখনক শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীৰে অৱস্থান ধৰ্মঘটত বহে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষক সমাজে।
ইফালে আন্দোলন স্তিমিত কৰাৰ বাবে ন ন কূট কৌশল ৰচনা কৰি আছে ৰাজ্যৰ বিজেপি চৰকাৰে। শেহতীয়াকৈ শিক্ষা বিভাগে শিক্ষকসমাজে C(A)A বিৰোধী কোনো মন্তব্য কৰিব নোৱাৰিব বুলি এক নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু এই নিৰ্দেশনা জাৰি কৰাৰ পিচতো জাতিৰ স্বাৰ্থত পিছপৰি ৰোৱা নাই শিক্ষকসমাজ। এই প্ৰতিবাদস্থলীৰ পৰায়ে C(A)A বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে শিক্ষকসমাজে। জাতিৰ সংকট কালত দেশৰ প্ৰতিজন নাগৰিকে মাত মতাটো নিজৰ দায়িত্ব' বুলি মন্তব্য কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষকসমাজে।

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষকসমাজৰ প্ৰতিবাদ

ওদালগুৰিতো C(A)A বাতিলৰ দাবীত বৃহস্পতিবাৰে আছু সহ 30 টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক বিশাল জনসমাবেশ অনুষ্ঠিত হয়। আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ, সভাপতি দিপাংক কুমাৰ নাথ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, শিল্পী জুবিন গাৰ্গ, মানস ৰবীন, বিপিন চাওঁদাং, মৌচম গগৈ, পবিত্ৰ ৰাভাকে প্ৰমূখ্য কৰি বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকলৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ জনতাই এই বিশাল জনসমাবেশ অংশগ্ৰহণ কৰে।

ওডালগুৰিতো C(A)A বাতিলৰ দাবীত প্ৰতিবাদ

একেদৰে কাকপথাৰতো সংশোধিত নাগৰিকত্ব আইনখন প্ৰত্যাহৰৰ দাবীত অব্যাহত আছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে কাকপথাৰৰ চেঙেলিজানত অঞ্চলটোৰ কেইবাটাও সংগঠনৰ উদ্যোগত ৰাইজক CAAৰ বিৰুদ্ধে সজাগ কৰিবলৈ এক সভাৰ আহ্বান কৰা হয়৷ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰা এই সভাত কেইবাজনো ছাত্ৰ নেতা উপস্থিত থাকি বিজেপিক উৎসাত কৰিবলৈ আহ্বান জনায় ৷ চুতীয়া, মটককে ধৰি বহু কেইটা জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলটোত বিজেপিৰ নেতা পালিনেতাৰ লগতে CAA সপক্ষে থকা ব্যক্তি সকলক জবাবদিহী কৰাৰ সংকল্প গ্ৰহণ কৰে সভাত উপস্থিত থকা ৰাইজে ৷ ইয়াৰোপৰিও এই সভাত, গৃহিত হোৱা CAA কাৰ্যকৰী হলে ভৱিষ্যতে অসমৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব তাৰ ওপৰতো এখন বাটৰ নাটৰ যোগেদি ৰাইজক সজাগ কৰা হয় ৷

কাকপথাৰত বাটৰ নাটৰ যোগেদি CAA বিৰোধী প্ৰতিবাদ

সমান্তৰালকৈ তিনিচুকীয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত চলিহা নগৰ খেল পথাৰত এক অস্তিত্ব ৰক্ষাৰ ৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই প্ৰতিবাদী কাৰ্যসূচীত এক সহস্ৰাধিক প্ৰতিবাদী ৰাইজে C(A)A বাতিলৰ দাবী জনায় প্ৰতিবাদস্থলী কঁপাই তোলে। এই কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবেই ভাষণ প্ৰদান কৰে ।

তিনিচুকীয়াত যুৱ ছাত্ৰৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম

হাইলাকান্দিত কৃষক নেতা অখিল গগৈক মুকলি কৰি দিয়াৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এক বিশাল সমদল বাহিৰ কৰা হয়৷ প্ৰতিবাদকাৰী সকলে অখিল গগৈক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু CAA বাতিলৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ চেষ্টা চলাই৷ ইপিনে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰে৷ উল্লেখ্য যে প্ৰতিবাদকাৰী সকলক আটক কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী আধাতে সামৰিব লগীয়া হয়৷

কাৰাৰুদ্ধ নেতাক বিনা চৰ্তে মুক্তিৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

ইপিনে হোজাইত বৃহস্পতিবাৰেও অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ৷ আইন খন বাতিল কৰাৰ দাবীত হোজাইত পৃথকে পৃথকে সাব্যস্ত কৰা হ'ল প্ৰতিবাদ । হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ শিক্ষক সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা ৷ 3 ঘন্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আইন খন বাতিল কৰাৰ দাবী জনায় শিক্ষক সকলে ৷আইনখন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে প্ৰতিবাদী শিক্ষকসকলে । উল্লেখ্য যে বিশ্ব বিদ্যালয়ৰ পাঠ দান বা পৰীক্ষাত কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ শিক্ষক সকলে পাল অনুযায়ী প্ৰতিবাদ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ আনহাতে নতুন বজাৰ শ্বহীদ বেদীৰ সম্মুখতো শিল্পী, সাহিত্যিক, কবি আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় । গীত মাত কবিতাৰ মাধ্যমেৰে প্ৰতিবাদী সকলে CAA বাতিলৰ দাবী জনায়।

হোজাইত শিক্ষক সমাজৰ প্ৰতিবাদ

আনহাতে গোলাঘাটতো সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত চিত্ৰশিল্পী সকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰং তুলিকাৰে প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটৰ চিত্ৰশিল্পী সকলে৷ চিত্ৰশিল্পী সকলে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মুকলি আকাশৰ তলত CAAৰ বিৰোধিতাৰে বিভিন্ন চিত্ৰ অংকনেৰে।

চিত্ৰাংকনৰ যোগেদি চিত্ৰ শিল্পীৰ CAA বিৰোধী প্ৰতিবাদ

ইপিনে CAA বাতিলৰ দাবীত আৰু কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিয়ে গোলাঘাট উপায়ুক্ত কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মূৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গনেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। লগতে চৰকাৰে প্ৰতিবাদী কন্ঠ বন্ধ কৰিবলৈ মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা অখিল গগৈ সহ আন 5 জনকো বিনাচৰ্তে মুকলিৰ দাবী জনাই সংগঠনটোৱে।

গোলাঘাটত কাৰাৰুদ্ধ নেতাক মুক্তিৰ বাবে প্ৰতিবাদ

লগতে পঢ়ক - আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

Intro:"কা" বাতিলৰ দাবীত আজি আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ বিশাল জনসমাবেশ।আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ, সভাপতি দিপাংক কুমাৰ নাথ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, শিল্পী জুবিন গাৰ্গ, মানস ৰবীন,বিপিন চাওঁদাং,মৌচম গগৈ, পবিত্ৰ ৰাভা প্ৰমূখ্যে বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকল লগতে বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে।"কা" আমি নামানো ধ্বনিৰে, বিজেপি গ' বেক,হিমন্ত বিশ্ব হুচিয়াৰ, অসম চৰকাৰ হায় হায়,অসমত অসমীয়াৰ দাদাগিৰি চলিব,আছু জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে।Body:"কা" বাতিলৰ দাবীত আজি আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ বিশাল জনসমাবেশ।আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ, সভাপতি দিপাংক কুমাৰ নাথ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, শিল্পী জুবিন গাৰ্গ, মানস ৰবীন,বিপিন চাওঁদাং,মৌচম গগৈ, পবিত্ৰ ৰাভা প্ৰমূখ্যে বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকল লগতে বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে।"কা" আমি নামানো ধ্বনিৰে, বিজেপি গ' বেক,হিমন্ত বিশ্ব হুচিয়াৰ, অসম চৰকাৰ হায় হায়,অসমত অসমীয়াৰ দাদাগিৰি চলিব,আছু জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে।Conclusion:

ABOUT THE AUTHOR

...view details