অসম

assam

Press meet by Ravi Sarma: নতুন অসমীয়া ছবি 'ব্লেক এণ্ড হোৱাইট' প্ৰত্যাহাৰ কৰা হ'ব ছবিগৃহৰ পৰা

By

Published : Mar 2, 2023, 10:20 PM IST

'ব্লেক এণ্ড হোৱাইট' প্ৰত্যাহাৰ কৰা হ'ব চিত্রগৃহৰ পৰা ৷ সংবাদমেলত ঘোষণা অভিনেতা ৰবি শৰ্মা আৰু প্ৰযোজক ৰোহিত শৰ্মাৰ । অ’টিটি প্লেটফৰ্মৰ চি এন ডি প্লে’ত উপলব্ধ 'ব্লেক এন হোৱাইট'। চিত্রগৃহত ভাল শ্ল'ট লাভ নকৰাক লৈ আক্ষেপ প্ৰকাশ । ৫০টা চিত্রগৃহত এসপ্তাহত 'ব্লেক এণ্ড হোৱাইট' ছবিখনে সংগ্ৰহ কৰিছে কেৱল মাত্র ৯ লাখ টকা (Black and White will be withdrawn from theatres)।

Press meet by actor Ravi Sarma regarding his new film
ৰবি শৰ্মা আৰু প্ৰযোজক ৰোহিত শৰ্মাৰ সংবাদমেল

ৰবি শৰ্মা আৰু প্ৰযোজক ৰোহিত শৰ্মাৰ সংবাদমেল

গুৱাহাটী, ২ মাৰ্চ: জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন অসমীয়া ছবি 'ব্লেক এণ্ড হোৱাইট' ছবিগৃহৰ পৰা আঁতৰ কৰোৱা হ’ব । ৰাজ্যজুৰি ছবিগৃহৰ পৰা প্ৰত্যাহাৰ কৰি ছবিখন অ’টিটি প্লেটফৰ্মৰ চি এন ডি প্লে’ত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে । 'ব্লেক এণ্ড হোৱাইট' ছবিখনৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিভিন্ন জটিলতাক লৈ ক্ষুব্ধ হৈ পৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু যাৰবাবে ছবিখন চিত্রগৃহৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (New Assamese film Black n White)।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি অভিনেতা ৰবি শৰ্মাই চিত্রগৃহত ভাল শ্ল’ট লাভ নকৰাক লৈ আক্ষেপ প্ৰকাশ কৰে (Press meet by Ravi Sarma)। তেওঁ কয় যে আমি কোনো এট‍া চিত্রগৃহত ভাল শ্ল’ট পোৱা নাই । দিনৰ ১১ বা ২ বজাত ছবি চাবলৈ কোন দৰ্শক যাব বুলি প্ৰশ্ন কৰি তেওঁ কয় যে আমাক এনেকুৱা সময় দিয়া হৈছে । ছবিখনৰ প্ৰমোচন যি ধৰণে হ’ব লাগে তেনেকৈয়ে কৰা হৈছে আৰু বেলেগকৈ কৰিব লাগে বুলি নাভাবো ।

তেওঁ কয় যে ছবিৰ প্ৰমোচনৰ বাবে স্কুল-কলেজ তথ‍া শিক্ষানুষ্ঠানক বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলিও নাভাবো । ছাত্ৰ-ছাত্ৰীৰ পঢ়া ক্ষতি কৰি বিজ্ঞাপনৰ ক্ষেত্ৰ হিচাপে স্কুল-কলেজত যোৱাটো মই নিবিচাৰোঁ বুলি তেওঁ কয় । উল্লেখ্য যে নতুন অসমীয়া ছবি 'ব্লেক এণ্ড হোৱাইট'এ (Black and White Film) ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল । যিকেইটা চিত্রগৃহত ছবিখনৰ বাবে প্ৰযোজকে বিচৰাৰ দৰে সময় বা শ্ল'ট দিছে সেইকেইটা হলত ছবিখনৰ ফলাফল তথা দৰ্শকৰ সঁহাৰি ভাল হৈছে বুলি অভিনেতা ৰবি শৰ্মাই মত প্ৰকাশ কৰে ।

তেওঁ কয় যে ৫০টা চিত্রগৃহত এসপ্তাহত 'ব্লেক এণ্ড হোৱাইট' ছবিখনে সংগ্ৰহ কৰিছে কেৱল মাত্র ৯ লাখ টকা । ইয়াৰ বিপৰীতে ছবিখন নিৰ্মাণত ব্যয় হৈছে ৬৫ লাখ টকা । তেওঁ কয় যে ভাল শ্ল’ট নোপোৱাৰ বাবে ফলাফল বেয়া হ’লে আমাৰ ৰেকৰ্ড বেয়া হৈ যাব (Black and White will be withdrawn from theatres)।

তেওঁ লগতে কয় যে বিচৰা শ্ল'ট কেইটাৰ সময়ত ডঃ বেজবৰুৱা-২ ছবিখন লাগি আছে । বিচৰা সময় নোপোৱাৰ বাবে অহা বৃহস্পতিবাৰৰ পৰা ব্লেক এণ্ড হোৱাইট ছবিখন চিত্রগৃহৰ পৰা আঁতৰাই দিয়া হ’ব বুলি তেওঁ সদৰি কৰে । ছবিখন চিত্রগৃহৰ পৰা আঁতৰাই দিলেও ইচ্ছুক দৰ্শকে ছবিখন OTT PLATFORMৰ 'CND PLAY'ত ১০০ টকাৰ বিনিময়ত চাব পাৰিব ।

তেওঁ কয় যে ২৪ ঘণ্টাৰ বাবে দৰ্শকে মনৰ ইচ্ছামতে উপভোগ কৰিব পাৰিব ছবিখন । সংবাদমেলত ছবিখনৰ প্ৰযোজক ৰোহিত শৰ্মাই কয় যে ছবিখন সকলো চিত্রগৃহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব । দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি পোৱাৰ পিছতো বহু স্থানত অনুপযুক্ত প্ৰদৰ্শনীৰ সময় দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

তেওঁ কয় যে আমি চিনেমাখন সকলোৰে বাবে নিজ নিজ সুবিধা অনুসৰি চাব পৰাকৈ উপলব্ধ কৰিম । এতিয়া সময় আৰু অৱস্থানৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহ’ব । অসমৰ বাহিৰত থকা ব্যক্তিসকলেও কোনো অসুবিধা নোহোৱাকৈ চিনেমাখন চাব পাৰিব । তেওঁ লগতে কয় যে আমি দূৰৱৰ্তী অঞ্চলসমূহত স্থানীয়ভাৱে স্ক্ৰীণিঙৰ পৰিকল্পনা কৰি আছো । এইক্ষেত্ৰত যিকোনো লোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু আমি ইয়াক উপলব্ধ কৰাৰ বাবে যথা সাধ্য চেষ্টা কৰিম বুলি তেওঁ কয় ।

লগতে পঢ়ক:Assamese movie Black N White : ৰবি শৰ্মা কেনেকৈ অকলশৰীয়া ! নিজকে ৰবি শৰ্মাৰ ফেন আখ্যা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ABOUT THE AUTHOR

...view details