Assamese movie Black N White : ৰবি শৰ্মা কেনেকৈ অকলশৰীয়া ! নিজকে ৰবি শৰ্মাৰ ফেন আখ্যা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

By

Published : Feb 27, 2023, 9:07 PM IST

Updated : Feb 28, 2023, 9:00 AM IST

thumbnail

ৰঙিয়া, 27 ফেব্ৰুৱাৰী : ছবছৰীয়া এক দীঘলীয়া বিৰতিৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ৷ বহু চৰ্চিত ছবি ব্লেক এণ্ড হোৱাইটেৰে ছবিজগতলৈ প্ৰত্যাৱৰ্তন কৰিছে অভিনেতাজনে (Assamese movie Black N White) ৷ মুক্তিৰ পিছত ছবিখনে অৱশ্যে সুন্দৰ প্ৰদৰ্শন কৰিছে বুলি চলচ্চিত্ৰপ্ৰেমী দৰ্শকে জানিবলৈ দিছে ৷ দৰ্শকৰ পৰা এই সঁহাৰি লাভ কৰি অভিভূত হৈ পৰিছে ৰবি শৰ্মা (Ravi Sarma latest assamese film) ৷ কিন্তু তথাপিও যেন সুখী হ’ব পৰা নাই অভিনেতাজন ৷ কোনোবাখিনিত তেওঁ অকলশৰীয়া অনুভৱ কৰিছে (Ravi Sarma social media) ! কিন্তু কিয় জানো আহকচোন ৷

অসমৰ আগশাৰীৰ অভিনেতা ৰবি শৰ্মাই শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ  BLACK N WHITE ছবিখন দৰ্শকৰে সৈতে ৰঙিয়াৰ ডিলাইট ছবিগৃহত একেলগে উপভোগ কৰিলে ৷ দৰ্শকৰ শাৰীত প্ৰিয় অভিনেতা গৰাকীক দেখি উৎফুল্লিত হৈ পৰিল ছবিপ্ৰেমী ৰাইজ ৷ সকলোৱে ছবিখন শেষ হোৱাৰ পিছত অভিনেতাজনৰ সৈতে মত-বিনিময় কৰি জানিবলৈ দিয়ে যে, তেওঁলোক এই ছবিখন চাই সুখী ৷ দৰ্শকৰ পৰা ইমান মৰম লাভ কৰি আৱেগিক হৈ পৰে ৰবি শৰ্মা ৷

কিন্তু ইমান খিনি ফ’ল’ৱাৰ  থকাৰ পিছতো ৰবি শৰ্মাৰ এটা ছ’চিয়েল মিডিয়া পোষ্টে খলকনি লগাইছে মনোৰঞ্জন জগতত ৷ নিজকে অকলশৰীয়া অনুভৱ কৰিছে বুলি এটা পোষ্ট শ্বেয়াৰ কৰাৰ পাচতে অভিনেতাজনৰ অনুৰাগীসকল চিন্তাত পৰে ৷ সকলোৱে তেওঁলৈ সমৰ্থন জনাই নিজ নিজ মত প্ৰেৰণ কৰে ৷ শেহতীয়াকৈ এই পোষ্টটো সন্দৰ্ভত পৱিত্ৰ মাৰ্ঘেৰিটাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদ তথা সাংস্কৃতিক কৰ্মী গৰাকীয়ে কয় যে, ৰবি শৰ্মা কেতিয়াও অকলশৰীয়া হ’বই নোৱাৰে, কিয়নো বিগত 25 টা বছৰে তেওঁ নিজৰ এক শক্তিশালী স্থিতি নিৰ্মাণ কৰি লৈছে ৷ মাৰ্ঘেৰিটাই নিজকে ৰবি শৰ্মাৰ এগৰাকী ডাঙৰ অনুৰাগী বুলিও অভিহিত কৰি তেওঁৰ অভিনয়, নৃত্য আৰু ষ্টাণ্টৰো প্ৰশংসা কৰে ৷ প্ৰণালীৱদ্ধ প্ৰচাৰৰ অভাৱৰ বাবেই তেওঁ অকলশৰীয়া অনুভৱ কৰিছে বুলি মত দিয়ে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷

"সঁচা কথা নক’লে কিন্তু মিত্ৰতা নহয়, মিত্ৰ যদি হয় তেওঁ সঁচা কথা ক’ব লাগে কাৰণ আনৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হ’বলৈ দিব নালাগে বন্ধুজনক", এই বাক্য শাৰীৰে ৰবি শৰ্মাই সকলোকে ছবিগৃহলৈ আহিবলৈ অনুৰোধ জনাই ৷ কেৱল BLACK N WHITE য়েই নহয় আহিবলগীয়া প্ৰতিখন অসমীয়া ছবি চাবলৈ প্ৰতিজন অসমীয়াকে অনুৰোধ কৰে তেওঁ ৷ অসমীয়া ছবি এখনৰ ক্ষেত্ৰত সকলোৱে সমজুৱাকৈ প্ৰচাৰৰ বাবে আগবাঢ়ি নাহে বুলিয়েই উক্ত পোষ্টটো শ্বেয়াৰ কৰিছিল ৰবি শৰ্মাই (Black N white promotion) ৷

লগতে পঢ়ক : বহুতৰ মাজত একমাত্ৰ স্পষ্টবাদী মতৰ বাবেই জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা

Last Updated : Feb 28, 2023, 9:00 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.