অসম

assam

গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

By

Published : Sep 22, 2022, 11:18 AM IST

Updated : Sep 22, 2022, 12:02 PM IST

pfi-leader-arrested-in-guwahati

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো PFI ৰ বিৰুদ্ধে চলিছে অভিযান (NIA operation against PFI)। মহানগৰীৰ হাতীগাঁৱত অভিযান চলাই NIA য়ে গ্ৰেপ্তাৰ কৰে পি এফ আইৰ নেতা আমিনুল হকক । কামৰূপৰ নগৰবেৰাৰ পৰাও চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

গুৱাহাটী,২২ ছেপ্টেম্বৰ :দেশজুৰি ইছলামিক সংগঠন পপুলাৰ ফ্ৰ'ণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে 'NIA'ৰ অভিযান অব্যাহত আছে (NIA operation against PFI)। দেশজুৰি পি এফ আইৰ শতাধিক নেতা-কৰ্মীক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে (PFI leader arrests)। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো পি এফ আইৰ বিৰুদ্ধে চলিছে অভিযান ।

দেশজুৰি পি এফ আইৰ বিৰুদ্ধে এন আই এৰ অভিযান অব্যাহত থকাৰ মাজতেই মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ পি এফ আইৰ নেতা (NIA arrests PFI leader in Guwahati)। হাতীগাঁৱত গ্ৰেপ্তাৰ হোৱা পি এফ আইৰ নেতাজন আমিনুল হক বুলি জানিব পৰা গৈছে । মহানগৰ আৰক্ষী আৰু NIAৰ যৌথ অভিযান চলোৱা হয় হাতীগাঁৱৰ পি এফ আইৰ কাৰ্যালয়ত । ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ হকৰ বিৰুদ্ধে ।

গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

হাতীগাঁৱৰ জিলমিল পথৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পি এফ আইৰ নেতা আমিনুল হকক । আনহাতে কামৰূপৰ নগৰবেৰাৰ পৰাও চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে (NIA operation against PFI at Kamrup)। নগৰবেৰাৰ জামলাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল ৰেজ্জাক, বিদ্যানগৰৰ পৰা ৰফিকুল ইছলাম আৰু বথুৰাদিয়াৰ পৰা নজৰুল ইছলামক । দেশৰ ১০ খন ৰাজ্যত এই অভিযান চলাইছে NIAয়ে আৰু এই অভিযানত এন আই এক সহযোগ কৰিছে EDয়ে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ভাষ্য অনুসৰি ই বৰ্তমানলৈ দেশৰ সৰ্ববৃহৎ অভিযান ।

উল্লেখ্য যে অভিযোগ অনুসৰি পি এফ আই অৰ্থাৎ পপুলাৰ ফ্ৰ'ন্ট অৱ ইণ্ডিয়া হৈছে এটা ইছলামিক কুটাঘাতকাৰী সংগঠন । সন্ত্ৰাসবাদক উদগনি আৰু সন্ত্ৰ‍াসবাদীক ধন যোগানৰ অভিযোগত দেশজুৰি এই অভিযান চলোৱা হৈছে । আনহাতে এন আই এৰ এই অভিযানৰ প্ৰতিবাদ কৰে পি এফ আইৰ কৰ্মীসকলে ।

লগতে পঢ়ক :মৰাণত আলফাৰ লিংকমেন আটক

Last Updated :Sep 22, 2022, 12:02 PM IST

ABOUT THE AUTHOR

...view details