অসম

assam

Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

By

Published : Dec 2, 2022, 4:24 PM IST

Updated : Dec 2, 2022, 7:36 PM IST

Mysterious death Guwahati
ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ হৈছে মাতৃ-কন্যাৰ মৃতদেহ

গুৱাহাটী মহানগৰীত অঘটন ৷ মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীৰ এটা বাসগৃহৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে মাতৃ-কন্যাৰ মৃতদেহ (Mother and Daughter commit Suicide in Guwahati) । স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱৰাৰ বাবে অত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ ৷

গুৱাহাটী, ২ ডিচেম্বৰ : অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ পুনৰবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীৰ এটা বাসগৃহৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে মাতৃ-কন্যাৰ মৃতদেহ (Mother and Daughter commit Suicide in Guwahati)।

বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

মৃত মহিলাগৰাকীৰ নাম নাজমা ওৰফে মাইনু চুলতানা বুলি জানিব পৰা গৈছে । আনহাতে, মাতৃৰ কাষতে উদ্ধাৰ হৈছে কন্যাগৰাকীৰ বয়স ৭ বছৰ ৷ এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ পাচতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

অৱশ্যে এয়া আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে । ইফালে স্বামী আজাদ আলীয়ে ইয়াক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিছে যদিও সমগ্ৰ ঘটনা বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে (Mysterious death Guwahati)। চিপ লৈ আত্মহত্যা কৰা বুলি স্বামীয়ে দাবী কৰিছে যদিও আৰক্ষী অহাৰ পূৰ্বেই মৃতদেহ দুটা নমাই অনা হৈছে ।

ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

উল্লেখ যে, গৰৈমাৰীৰ বাসিন্দা আজাদ আলী পেচাত এজন ৰাজমিস্ত্ৰী । পত্নী আৰু কন্যাৰ সৈতে তেওঁ হাতীগাঁৱৰ সিজুবাৰীৰ এটা ঘৰত ভাড়াতীয়া হিচাবে আছিল । ইফালে মৃত্যুৰ পূৰ্বে মহিলাগৰাকীয়ে এটা ভিডিঅ’ বনাইছিল ৷ য’ত স্বামীৰ শাৰীৰিক তথা মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই মৃত্যুৰ পথ বাচি লোৱা বুলি উল্লেখ কৰিছে (Mother and daughter mysterious suicide case) ৷

উক্ত ভিডিঅ’ত মহিলাগৰাকীয়ে উল্লেখ কৰে, ‘‘জীয়াই থাকোঁতে শান্তি নাপালো ৷ মৰাৰ পিছত যাতে শান্তি পাওঁ ৷ তাৰ বাবে সকলোৱে দোৱা কৰিব । পাৰিলে মোক আৰু মোৰ ছোৱালীজনীক একেটা ঠাইতে ৰাখিব’’ ৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত মৃত মহিলাগৰাকীৰ স্বামী আজাদ আলীক আটক কৰি থানালৈ লৈ যায় ৷

লগতে পঢ়ক :Mysterious death in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

Last Updated :Dec 2, 2022, 7:36 PM IST

ABOUT THE AUTHOR

...view details