অসম

assam

হিমন্ত বিশ্ব শৰ্মা উশৃংখল অল্পজ্ঞানী মুখ্যমন্ত্ৰী : অখিল গগৈ

By

Published : Sep 13, 2022, 6:33 PM IST

Updated : Sep 13, 2022, 8:22 PM IST

অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তপ্ত হৈ পৰিল বিধানসভাৰ চৌহদ ৷ অধিৱেশনৰ দ্বিতীয় দিনাই বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ক্ষুৰধাৰ সমালোচনা কৰে (MLA Akhil Gogoi criticized Assam CM in Assembly) ।

MLA Akhil Gogoi criticized Assam CM in Assembly
হিমন্ত বিশ্ব শৰ্মা উশৃংখল অল্পজ্ঞানী মুখ্যমন্ত্ৰী : অখিল গগৈ

গুৱাহাটী, 13 ছেপ্টেম্বৰ :সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধান সভাৰ আজি দ্বিতীয়টো দিন (Autumn session of Assam Assembly 2022) ৷ অধিৱেশনৰ দ্বিতীয় দিনাও উত্তপ্ত হৈ পৰিল বিধানসভাৰ চৌহদ ৷ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাই বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ক্ষুৰধাৰ সমালোচনা কৰে (MLA Akhil Gogoi criticized Assam CM in Assembly)।

বিধানসভাৰ চৌহদৰ বাহিৰত মঙলবাৰে সাংবাদিকৰ আগত বিধায়ক অখিল গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই RSS, নাগপুৰ আৰু দিল্লীক তৈল মৰ্দন কৰিবলৈ গৈ যিকোনো কথা ক’ব ধৰিছে ‌। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ সংবাদ মধ্যমকে ধৰি সকলোকে কিনি পেলাইছে । যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ইচ্ছা তাকে কৰিছে বা কৈছে’’ ।

হিমন্ত বিশ্ব শৰ্মা উশৃংখল অল্পজ্ঞানী মুখ্যমন্ত্ৰী : অখিল গগৈ

লগতে বিধায়কগৰাকীয়ে কয়, ‘‘কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে যে, তেওঁ সমাজবাদক নামানে । অথচ দেশৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদ মূল লক্ষ্য বুলি স্পষ্টকৈ কোৱা হৈছে । ইয়াৰ পৰা প্ৰতীয়মান যে হিমন্ত বিশ্ব শৰ্মাই দেশৰ সংবিধান নামানে ৷

লগতে পঢ়ক :অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ

আকৌ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে যে, তেওঁ মাৰ্ক্স আৰু লেনিনক নামানে । হিমন্ত বিশ্ব শৰ্মাৰ দৰে গণতন্ত্ৰক বিশ্বাস নকৰা ফেচীবাদক বিশ্বাস কৰা লোকে মাৰ্ক্স আৰু লেনিনক মানিম বুলি ক’লে মাৰ্ক্স আৰু লেনিনে আত্মহত্যা কৰিব’’ । মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰকো সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘ৰাজ্য চৰকাৰ এতিয়া দেউলীয়া হৈ পৰিছে ।

তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰ কৰিব এৰা নাই । নিজৰ ইচ্ছা মতে হেলিকাপ্টাৰত ঘূৰিছে । কোটি কোটি টকা খৰছ কৰি বেলেগ বেলেগ জিলাত কেবিনেট বেঠক কৰিছে । হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ধনক নিজৰ ইচ্ছা পূৰণৰ বাবে ব্যৱহাৰ কৰি আছে’’ ।

আনহাতে, প্ৰাথমিক বিদ্যালয়ত মাধ্যম বিৰ্তক সম্পৰ্কত অখিল গগৈয়ে কয়, ‘‘একাদশ শ্ৰেণীত পঢ়ি থকা মোৰ ল’ৰাই দিল্লীত পঢ়িবলৈ যোৱাৰ বাবে বিজেপি নেতা কিছুমানে সমালোচনা কৰিছে । এটা কথা বিজেপি নেতাসকলে মনত ৰখা ভাল যে সামৰ্থ থকাৰ পিছতো মোৰ সন্তানক সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াইছো ।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দুটা সন্তান সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়িছে । মোক সমালোচনা কৰাৰ অধিকাৰ বিজেপিৰ নাই’’ ।

লগতে পঢ়ক :জেহাদীৰ নামত মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে : AIUDF

Last Updated :Sep 13, 2022, 8:22 PM IST

ABOUT THE AUTHOR

...view details