জেহাদীৰ নামত মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে : AIUDF

author img

By

Published : Sep 12, 2022, 7:50 PM IST

AIUDF MLA reacts to Madrasa demolition in assembly

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তপ্ত হৈ পৰিল বিধানসভা চৌহদ ৷ চৰকাৰে মাদ্ৰাছা ভঙা বিষয়ক কেন্দ্ৰ কৰি AIUDF দলৰ বিধায়কে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া (AIUDF MLA reacts to Madrasa demolition in assembly) ৷

গুৱাহাটী, 12 ছেপ্টেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন (Autumn session of Assam Assembly 2022) ৷ অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ ভিতৰে বাহিৰে মাদ্ৰাছা ভঙা বিষয়কলৈ AIUDF দল সৰৱ হৈ পৰা দেখা যায় (AIUDF MLA reacts to Madrasa demolition in assembly) ।

আনকি অধিৱেশনৰ প্ৰথম দিনটোত বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত AIUDF ৰ বিধায়ক আব্দুৰ ৰছিড মণ্ডলে মাদ্ৰাছা ভঙা বিষয়কলৈ ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । AIUDF ৰ বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জেহাদীৰ নামত মাদ্ৰাছাক টাৰ্গেট কৰি লৈছে ।

জেহাদীৰ নামত মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে : AIUDF

লগতে পঢ়ক : মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ

ইপিনে বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত AIUDF ৰ বিধায়ক অমিনুল ইছলামেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে মাদ্ৰাছা ভঙা কাৰ্যসূচীৰ বিৰোধীতা কৰে । তেওঁ মাদ্ৰাছা ভঙাৰ দৰে আমানৱীয় উচ্ছেদৰ ওপৰত বিধানসভাৰ মজিয়াত আলোচনাৰ পোষকতা কৰে ।

আনকি বিধায়ক পদ্ম হাজৰিকাৰ লাভৰ বাবে গৰুখুঁটিত উচ্ছেদ কৰা বুলি আমিনুল ইছলামে অভিযোগ কৰে । তেওঁ কয়, ‘‘অসমত নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰা বন্ধ কৰক’’ । উল্লেখ্য যে, বিধানসভাৰ সমগ্ৰ দিনটোৰ কাৰ্যসূচী স্থগিত ৰাখি অকল এই বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে AIUFD এ বিধানসভাৰ অধ্যক্ষক আহ্বান জনাইছিল ।

লগতে পঢ়ক : মাদ্ৰাছা উচ্ছেদ প্ৰসংগ লৈ প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈ যাম: আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.