অসম

assam

হিমন্ত বিশ্ব শৰ্মাৰ নতুন প্ৰত্যাহ্বান সমাগত মণিপুৰ-ত্ৰিপুৰাৰ নিৰ্বাচন

By

Published : Sep 12, 2021, 7:42 PM IST

অসমৰ মুখ্যমন্ত্ৰীৰ আসনৰ অধিষ্ঠিত হোৱাৰ পিচতে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ 'নেডা'ৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সমাগত বৰ্ষটোত মণিপুৰ আৰু ত্ৰিপুৰাৰ নিৰ্বাচনত এন ডি এক জিকাই অনাৰ দায়িত্ব পৰিছে । তাৰ‌ বাবে এতিয়াৰ পৰাই তৎপৰ হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

manipur tripura election brings new challenge for himanta bishwa sarma
হিমন্ত বিশ্ব শৰ্মাৰ নতুন প্ৰত্যাহ্বান সমাগত মনিপুৰ-ত্ৰিপূৰাৰ নিৰ্বাচন

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : ২০২২ আৰু ২০২৩ চনৰ বৰ্ষ দুটাত উত্তৰ-পূৱৰ দুখন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন । মণিপুৰ আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব । আপাতঃ ৰাজনৈতিক সমীকৰণলৈ চালে বিজেপি বা‌ সহযোগী দল সমূহৰ পক্ষতে নিৰ্বাচনী পৰিবেশ আছে যেন‌ লাগে যদিও কেতবোৰ বিশেষ ইচ্যুৱে পৰিস্থিতিৰ পৰিৱৰ্তন ঘটালেও আচৰিত হ’বলগীয়া একো নাথাকিব ।

২০১৪ চনত নতুন দিল্লীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন বি এছ চৰকাৰ‌‌ গঠন‌ হোৱা আৰু তাৰ‌ পিছতে অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱা ঘটনাই নিঃসন্দেহে প্ৰভাৱিত কৰিছিল উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজনীতি । কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত কেতবোৰ সিদ্ধান্ত আৰু সামগ্ৰিক পৰিস্থিতিয়ে বিজেপি বা‌ সহযোগী দলৰ বিজয়ৰ পথত যে জটিলতা আনি দিছে সেয়া নিশ্চিত ।

বিশেষকৈ নাগৰিকত্ব আইনৰ সংশোধনী, মণিপুৰত ইনাৰ লাইন‌ পাৰ্মিটৰ প্ৰচলন, গো-ধন বিপননৰ ক্ষেত্ৰত অনা নিষেধাজ্ঞা, ত্ৰিপুৰাত জনগোষ্ঠীয় দলৰ আত্মপ্ৰকাশ, তৃণমূল দলৰ অভাৱনীয় সম্প্ৰসাৰণ, মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ব্যাক্তিত্ব ইত্যাদিয়ে ইতিমধ্যে ই এন ডি এৰ প্ৰতি নেতিবাচক ধাৰণাৰ সৃষ্টি কৰিছে ।

মন কৰিবলগীয়া যে, এনে পৰিস্থিতিত নেডাৰ আহ্বায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।‌‌ দলৰ এক শীৰ্ষ সূত্ৰৰ মতে এনে পৰিস্থিতি অনুমান কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰাই দুয়োখন ৰাজ্যত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ।‌‌‌ সূত্ৰটোৰ মতে, চলিত মাহৰ শেষৰ সপ্তাহত তেওঁ দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত হ'ব আৰু প্ৰাক নিৰ্বাচনী পৰিকল্পনাৰ কাম আৰম্ভ কৰিব ।

জানিব পৰা মতে বিজেপিৰ আগ্ৰাসনে মণিপুৰত জাতীয় কংগ্ৰেছ দলক অস্তিত্ব হীন কৰি তুলিছে‌ যদিও মুখ্যমন্ত্ৰী এন‌ বিৰেন্দ্ৰ সিঙৰ ভূমিকাই চৰকাৰৰ ভিতৰতে অসন্তুষ্টি ৰ সৃষ্টি কৰিছে ।‌‌‌ গতিকে পৰিস্থিতিৰ সলনি হ’লেও আচৰিত হ'ব লগীয়া একো নাথাকিব । হিমন্ত বিশ্ব শৰ্মাৰ বাবে সেয়াও হৈ পৰিছে প্ৰত্যাহ্বানৰ বিষয় ।
আনহাতে, ২০২৩ চনৰ প্ৰথম ভাগত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাৰ নিৰ্বাচনৰ বাবেও এতিয়াৰ পৰাই তৎপৰ হৈছে নেডা ।

লোক সভাৰ নিৰ্বাচনৰ বাবে মাত্ৰ এটা বছৰ‌ থকা সময়ত ৰাজকুমাৰ প্ৰদুৎ আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্ব দিবলৈ অসমৰ পৰা যোৱা সুস্মিতা দেৱে যে ৰাজ্যখনত বিজেপিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব সেয়া নিশ্চিত ।‌‌ গতিকে বিল্পৱ দেৱৰ দৰে নেতাৰ নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ যাত্ৰা অব্যাহত ৰাখিব লাগিলে হিমন্ত বিশ্ব শৰ্মাই আগতীয়া তৎপৰতা ল'বই লাগিব । উল্লেখ্য যে এনে নিৰ্বাচন কেন্দ্ৰিক বিষয়ক আগস্থান দিয়ে অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া পূজাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে আগৰতলাত উপস্থিত হৈ কেইবাখনো দলীয় বৈঠকত অংশগ্ৰহণ কৰাৰ কথা ।

লগতে পঢ়ক :অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details