গুৱাহাটী, 2 ডিচেম্বৰ : প্ৰাক-সংস্থাপনৰ সুযোগ বিশেষকৈ Information Technology, Software, Finance, Analyst আৰু Product profiles খণ্ডৰ পৰা আহিছে । ক’ভিড-19 মহামাৰীয়ে চাকৰিৰ বজাৰত সংকটৰ সৃষ্টি কৰাৰ পিছতো ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT Guwahati)ত এইবছৰ প্ৰাক-প্লেচমেণ্ট অফাৰ (PPO) যথেষ্ট বৃদ্ধি পাইছে ৷ 2021-22 শিক্ষাবৰ্ষত 179 টা পিপিঅ' লাভ কৰিছে প্ৰতিষ্ঠানখনে ৷
আই আই টি গুৱাহাটী কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, এইবেলি লাভ কৰা প্ৰি-প্লেচমেণ্ট অফাৰবোৰ বিগত তিনি বছৰৰ ভিতৰত সৰ্বাধিক আছিল ৷ ইয়াৰ পূৰ্বে 2020-21 আৰু 2019-20 দুয়োটা শৈক্ষিক বৰ্ষত 133 টা পিপিঅ’ লাভ কৰিছিল প্ৰতিষ্ঠানখনে ৷ এই সম্পৰ্কত গুৱাহাটী আই আই টিৰ বিষয়া ভৱানী গিদ্দুয়ে জনায় যে, ক’ভিডকালীন সংকটৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাক-সংস্থাপনৰ সুযোগ (rise in pre placement offers in IIT Guwahati) গুৱাহাটী আই আই টি-ৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই ।
গুৱাহাটী আই আই টিয়ে দেশৰ ভিতৰৰ কোম্পানীসমূহৰ পৰাহে প্ৰাক-সংস্থাপনৰ সুযোগ পাইছে । প্ৰি-প্লেচমেণ্ট অফাৰ (PPO)ৰ বৃদ্ধিৰ কাৰণ হৈছে- এই বছৰ কেম্পাছ প্লেচমেণ্টত অংশগ্ৰহণ কৰা কোম্পানীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈছে ৷ কিয়নো ক’ভিড-19 মহামাৰীৰ পিছত উদ্যোগবোৰ পুনৰুজ্জীৱিত হৈছে ৷