অসম

assam

Guideline for new year celebration: নৱবৰ্ষ উদযাপনৰ বাবে মহানগৰবাসীয়ে মানিব লাগিব এই কেইটা নিৰ্দেশনা

By

Published : Dec 30, 2022, 10:53 PM IST

গুৱাহাটী মহানগীৰত নৱবৰ্ষ উদযাপনৰ বাবে মানি চলিব লগিব কেতবোৰ নীতি-নিয়ম ৷ মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা মানিহে আপুনি ওলাব পাৰিব বাহিৰলৈ ৷ অন্যথা বিপদত পৰিব আপুনি ৷ জানি লওক মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা সমূহ কি কি ?

Guideline for new year celebration
নৱবৰ্ষ উদযাপনৰ বাবে মহানগৰবাসীয়ে মানিব লাগিব এই কেইটা নিৰ্দেশনা

গুৱাহাটী,৩০ ডিচেম্বৰঃ নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিশেষভাৱে তৎপৰ হৈছে মহানগৰ আৰক্ষী । বনভোজৰ ক্ষেত্ৰত(Guideline for picnic) প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পাছত এইবাৰ নৱবৰ্ষ উদযাপনৰ(Guideline for new year celebration) ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ নীতি-নিয়ম ৷ মহানগৰ আৰক্ষীয়ে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাৰি কৰা নিয়মসমূহ হৈছে-

1. সুৰাপান কৰি গাড়ী নচলাব(Don't drink and drive) ।

2. নিৰ্ধাৰিত গতিবেগতহে গাড়ী চলাব(keep a speed limit) ।

3. দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰিব(Helmet is compulsory) ।

4. গাড়ী চলোৱাৰ সময়ত বৈধ অনুজ্ঞাপত্ৰ লগত ৰাখিব(Keep your license with you) ।

5. চাৰিকীয়া গাড়ী চলোৱাৰ সময়ত চালকে চিটবেল্ট লগোৱাটো বাধ্যতামূলক । চালকৰ লগতে সমুখৰ আসনত আৰু পিছৰ আসনত থকা আৰোহীয়েও ‘চিটবেল্ট’ লগোৱাটো নিশ্চিত কৰিব(Seatbelt is mandatory) ।

6. চাৰিকীয়া গাড়ী অথবা দুচকীয়া বাহন চলাই থাকোতে কেতিয়াও মোবাইল ফোনত কথা নাপাতিব(Phone is prohibited during driving) ।

7. মূলপথত উঠাৰ পূৰ্বে আপোনাৰ গাড়ীৰ গতিবেগ হ্ৰাস কৰক(Slow down your vehicle) ।

8. গাড়ী চলোৱাৰ সময়ত সন্মুখৰ গাড়ীৰ পৰা নিৰাপদ ব্যৱধান বজাই ৰাখক(Maintain a distance) ৷

9. নিৰ্ধাৰিত স্থানতহে গাড়ী ৰখাব(Park your car on specific location) ৷

10. নিৰ্ধাৰণ কৰি থোৱা পথ অনুসৰণ কৰিব ।

11. হোটেল, মল, ৰেষ্টুৰেণ্ট, ক্লাব ইত্যাদিয়ে নৱবৰ্ষ উদযাপনৰ বাবে যদি কোনো বিশেষ অনুষ্ঠানৰ আয়োজন কৰে, তেনেহ'লে গ্ৰাহক নাইবা দর্শনার্থীৰ গতিবিধি দৃশ্যমান হোৱাকৈ চি চি কেমেৰা ব্যৱহাৰ কৰিব লাগিব(CCTV is mandatory for hotel, malls etc) ।

12. বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হোটেল, ক্লাব, ৰেষ্টুৰেণ্টসমূহে ভিৰ নিয়ন্ত্ৰণৰ বাবে পর্যাপ্ত সেচ্ছাসেৱক, ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিব লাগিব ।

13. বিশেষ অনুষ্ঠানৰ অংশগ্ৰহণকাৰী তথা দর্শনার্থীৰ বাবে পর্যাপ্ত পাৰ্কিং স্থান, নিৰাপত্তা ব্যৱস্থা আৰু চি চি কেমেৰা থাকিব লাগিব । প্ৰয়োজনতকৈ বেছি ভিৰ কোনো কাৰণতে হ’বলৈ অনুমতি দিয়া নহ'ব(Excessive gathering not be allowed) ।

14. নৱবৰ্ষ উদ্যাপনৰ নামত উদ্ভণ্ডালি এৰাই চলক ।

15. যান-জঁট এৰাই চলাৰ বাবে নাগৰিকসকলে বাহনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হওক । পৰাপক্ষত বাহনৰ অতিৰিক্ত ব্যৱহাৰ পৰিহাৰ কৰক ।

16. উৎসৱ উদযাপনৰ সময়ত নাগৰিকসকলে আনৰ অসুবিধাৰ দিশটোৰ প্ৰতি সংবেদনশীল হোৱা উচিত ।

17. সদায় যান-বাহনৰ বিধি মানি চলক(Follow traffic rules) ।

18. আইন প্ৰয়োগকাৰী সংস্থাৰ লগত সহযোগ কৰক ।

লগতে পঢ়ক:Govt. instructions for Picnic: বনভোজকাৰীয়ে মানিব লাগিব ১৭ টা নিয়ম

ABOUT THE AUTHOR

...view details