ETV Bharat / state

Govt. instructions for Picnic: বনভোজকাৰীয়ে মানিব লাগিব ১৭ টা নিয়ম

author img

By

Published : Dec 29, 2022, 9:36 PM IST

Updated : Dec 29, 2022, 9:57 PM IST

যদি বনভোজলৈ যাব খুজিছে তেন্তে সাৱধান হওঁক ৷ এটা দুটা নহয়, এইবাৰ পিকনিক খাবলৈ গ'লে আপুনি মানি চলিব লাগিব 17 টা কঠোৰ নীতি নিয়ম ৷ এককথাত পিকনিকৰ SOP !

Etv Bharat
Etv Bharat

গুৱাহাটী, ২৯ ডিচেম্বৰ: এতিয়া বনভোজৰ বতৰ ৷ এই বনভোজৰ বতৰত গুৱাহাটী মহানগৰী জিলাৰ অন্তৰ্গত যিকোনো ঠাইত বনভোজ খাবলৈ গ'লে আপুনি এতিয়াৰে পৰা মানি চলিব লাগিব মুঠ ১৭ টা নিৰ্দেশনা (Government instructions for Picnic) । অন্যথা নিশ্চিত বিপদত পৰিব আপুনি । কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে বনভোজ দল সমূহলৈ জাৰি কৰিছে এই নিৰ্দেশনা । জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু মানুহৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য কৰি জাৰি কৰা হৈছে এই এছ অ' পি ৷ সকলোৰে বাবে এই এছ অ’ পি মানি চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । ২৬ ডিচেম্বৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি কৰা এই অছ অ' পিত বনভোজলৈ যোৱা লোকসকলৰ বাবে মুঠ ১৭ টা নিৰ্দেশনা জাৰি কৰা হৈছে (18 rules for picnic teams) । সেইসমূহ হৈছে-

Govt. instructions for Picnic
কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা
১। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সঠিক খবৰ আৰু অনুমতি অবিহনে কোনো ব্যক্তি বা দলে বনভোজস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব । স্থানীয় প্ৰশাসনিক সংস্থাসমূহে সকলো বনভোজস্থলীত প্ৰৱেশ/প্ৰস্থান/গোটৰ সংখ্যা আদি নিৰীক্ষণ কৰিব ।

২। বনভোজ দলসমূহে নিৰ্ধাৰিত বনভোজ ক্ষেত্ৰৰ ভিতৰত অ-জৈৱ-পচনশীল সামগ্ৰী আৰু অন্যান্য আৱৰ্জনা বিশেষকৈ, থাৰ্ম'কল আৰু এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিক নিষ্কাশন কৰিব লাগিব । বনভোজৰ পিছত, তেওঁলোকে ব্যৱহাৰ কৰা স্থান পৰিষ্কাৰ কৰা আৰু নিৰ্ধাৰিত এলেকাবোৰত আৱৰ্জনা চাফা কৰি থৈ আহিব লাগিব । স্থান পৰিষ্কাৰ নকৰাকৈ এৰি যোৱা যিকোনো পক্ষক জৰিমনা বিহা হ'ব ।

৩। জলসম্পদ প্ৰদূষিত কৰা, বাচন বা কাপোৰ ধোৱা ঠাইত গা ধোৱা, বনভোজৰ খালী ঠাইৰ ভিতৰ অথবা জলাশয়, জুৰি আদিৰ কাষত শৌচালয় নিৰ্মাণ আদি কঠোৰভাৱে নিষিদ্ধ । হাত কেৱল নিৰ্ধাৰিত ৱাছিং এলেকাতহে ধুব পাৰিব ।

৪৷ বনভোজৰ ক্ষেত্ৰত আন যিকোনো ধৰণৰ বেআইনী ক্ৰীড়া, জুৱা খেলাটো নিষিদ্ধ ।

৫। বনভোজস্থলীৰ ভিতৰত জলাশয়বোৰত মাছ ধৰা, নাও চলোৱা, সাঁতোৰা বা আন যিকোনো জল ক্ৰীড়া নিষিদ্ধ । অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা বিশেষভাৱে অনুমতি লাভ কৰিলে জল ক্ৰীড়াত অংশ ল'ব পাৰিব ।

৬৷ উচ্চ স্বৰৰ সংগীত বজোৱা, উচ্চ শব্দৰ বাদ্যযন্ত্ৰ বজোৱা নিষিদ্ধ । বিশেষকৈ পক্ষী অভয়াৰণ্যৰ ওচৰত এই কাৰ্য কৰিব নোৱাৰিব । অন্যথা বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

৭৷ দীপৰ বিলৰ শান্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা যিকোনো কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ ৷

৮। বনভোজ স্থলীৰ ভিতৰত চিহ্ন, পোষ্টাৰ, বিল্ডিং বা অন্যান্য সম্পত্তি ধ্বংস বা বিকৃত কৰা নিষিদ্ধ ।

৯। গাত খন্দা, গছ কটা, ঘাঁহ ধ্বংস কৰা আদি কাৰ্য নিষিদ্ধ ।

১০। অনুমতি নোহোৱাকৈ কোনেও বনভোজস্থলীত খাদ্যৰ দোকান আদি দিব নোৱাৰিব ।

১১। বনভোজস্থলীৰ ভিতৰত যিকোনো সশস্ত্ৰ সঁজুলি ৰাখিব নোৱাৰিব । আতচবাজী আৰু যিকোনো গুলী চালনা কঠোৰভাৱে নিষিদ্ধ ।

১২। প্লাষ্টিকৰ টেণ্টৰ দৰে অস্থায়ী গাঁথনি নিৰ্মাণ নিষিদ্ধ ।

১৩। বনভোজস্থলীৰ ভিতৰত সুৰাযুক্ত পানীয় সেৱন কৰাটো কঠোৰভাৱে নিষিদ্ধ ।

১৪। বনভোজৰ স্থানবোৰৰ ভিতৰত কোনো বিদ্যুৎ সংযোগ প্ৰদান কৰা নহ'ব আৰু সেয়েহে বনভোজলৈ যোৱা লোকসকলৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ নিষিদ্ধ ।

১৫। বনভোজ স্থানৰ ভিতৰত অযথা চাইকেল বা বাহন চলাচল নিষিদ্ধ । কিয়নো এই কাৰ্যই আন পৰ্যটক/ৰাজহুৱা গোটক বাধা দিব পাৰে ।

১৬। বনভোজ স্থলীৰ চৌহদৰ ভিতৰত কোনো ধৰ্ম বা ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কিত কোনো কাৰ্যকলাপ নিষিদ্ধ ৷

১৭। বনভোজ স্থলী আদিৰ সৈতে সম্পৰ্কিত অনুমতি, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ মেট্ৰ'ৰ পৰা ল'ব লাগিব ।

এই নিৰ্দেশনাসমূহ অমান্য কৰা লোকসকলৰ ওপৰত বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বনাঞ্চলত সংঘটিত এনে অপৰাধৰ বাবে জৰিমনা বন বিষয়াসকলে সংগ্ৰহ কৰিব । ৰাজহ বিষয়াসকলে ৰাজহ এলেকাত অপৰাধৰ বাবে জৰিমনা সংগ্ৰহ কৰিব ।

লগতে পঢ়ক: Minority Politics in 2022: সংখ্যালঘুক লৈ কৰা বহু ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ সাক্ষী হ’ল ২০২২

Last Updated :Dec 29, 2022, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.