ETV Bharat / state

Minority Politics in 2022: সংখ্যালঘুক লৈ কৰা বহু ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ সাক্ষী হ’ল ২০২২

author img

By

Published : Dec 29, 2022, 9:00 PM IST

Year Ending 2022
সংখ্যালঘু সম্প্ৰদায়ক লৈ ৰাজনৈতিক দলসমূহে কৰা ৰাজনীতি

বিদায়ক্ষণত ২০২২ বর্ষ (Year Ending 2022)। বছৰটোত অসমৰ সংখ্যালঘুসকলক লৈ কি ৰাজনীতি কৰিলে কোন ৰাজনৈতিক দলে ? বিশেষকৈ শাসনত থকা চৰকাৰে কৰা উচ্ছেদৰ প্ৰসংগক লৈ বিৰোধী দলৰ মাজতো যেন আৰম্ভ হৈছে ৰাজনৈতিক মুনাফা আদায়ৰ এক অঘোষিত প্ৰতিযোগিতা চলিল বছৰটোত । উভতি চাওঁ আহক ২০২২ বৰ্ষত সংখ্যালঘুসকলক লৈ হোৱা ৰাজনৈতিক ঘটনা-পৰিঘটনা ।

নিউজ ডেস্ক, 28 ডিচেম্বৰ : বিদায়ী ক্ষণত ২০২২ বর্ষ(Year Ending 2022) ৷ বহু ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ সাক্ষী ২০২২ বর্ষক বিদায় দিবলৈ সাজু হৈছে সকলো ৷ কিন্তু এই বিদায়ক্ষণত বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ক লৈ ৰাজনৈতিক দলসমূহে কৰা ৰাজনীতিক লৈয়েই প্ৰস্তুত কৰা হৈছে এক বিশেষ প্ৰতিবেদন (Minority Politics in Assam)।

বটদ্ৰৱাত হোৱা উচ্ছেদৰ প্ৰসংগ: ২০২২ বৰ্ষত অসমৰ কেইবাটাও স্থানত চলিল উচ্ছেদ অভিযান ৷ বিশেষকৈ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ নামত সত্ৰৰ ভূমিৰ বিপৰীতে চৰকাৰী ভূমিতহে উচ্ছেদ চলাই বাঃ বাঃ লোৱাৰ চেষ্টা চলালে শাসকীয় দল বিজেপিয়ে । এই কাৰ্যই ৰাজনৈতিক মহলত মেৰু বিভাজনৰ স্বাক্ষৰ বহন কৰা বুলি চৰ্চা লাভ কৰে (Eviction in 2022 Assam)৷

Minority Politics in 2022
বেদখলকাৰীক উচ্ছেদ

চৰকাৰী ভূমিত উচ্ছেদ চলাই চৰকাৰে এফালে বেদখলমুক্ত কৰে যদিও উচ্ছেদিত বিশেষকৈ সংখ্যালঘু লোকসকলক লৈ বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফৰ মাজত আৰম্ভ হৈছে সংখ্যালঘুৰ সমৰ্থন আদায়ৰ এক অঘোষিত প্ৰতিযোগিতা৷ উচ্ছেদিত লোকৰ কাষত উপস্থিত হৈ কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ প্ৰতিনিধিয়ে বিজেপিক সমালোচনাৰ লগতে বিভিন্ন মন্তব্য কৰিয়েই সংখ্যালঘু লোকৰ সমৰ্থন আদায়ৰ চেষ্টা চলালে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ।

মিঞাৰ শ্ৰেণীবিভাজন: শাসকীয় বিজেপি দলে ২০২২ বর্ষতে অসমৰ মুছলমানসকলক বিভক্ত কৰি খিলঞ্জীয়া আৰু পূৰ্ব বংগীয় অৰ্থাৎ মিঞাৰ স্বীকৃতি(Indigenous Muslims) প্ৰদান কৰি আন এক ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা বুলিও বিভিন্ন মহলত চৰ্চা চলিছে । কেৱল এয়াই নহয়, সাম্প্ৰতিক সময়ত নিৰ্বাচনত জয়ী হোৱাৰ যেন মূলমন্ত্ৰ হৈ পৰিছে অসমৰ সংখ্যালঘু । কি কংগ্ৰেছৰ, কি এ আই ইউ ডি এফ, কি বিজেপি; সকলোৰে বাবে অসমৰ সংখ্যালঘুসকল হৈ পৰিছে ৰাজনীতিৰ মূল ইছ্যু ।

বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই অসমৰ সংখ্যালঘুসকলক মুকলিকৈ তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে একাংশ ৰাজনৈতিক নেতাই । সংখ্যালঘুসকলৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰিয়েই সংখ্যাগুৰুৰ সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় বিজেপি দলে ।

কংগ্ৰেছ: বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী-বিধায়ক হৈছে বহু সংখ্যালঘূ নেতা । সংখ্যালঘুৰ নামত মন্ত্ৰী-বিধায়ক হৈ যেন সকলোৱে আদায় কৰিলে নিজৰ ব্যক্তিগত মুনাফা । তাহানিৰ পৰাই সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি বহু মন্ত্ৰী-বিধায়ক হৈ থকাৰ পিছতো অজস্ৰ সমস্যাৰ মাজত থকা সংখ্যালঘূসকলৰ কোনো এটা সমস্যা স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

Minority Politics in 2022
উচ্ছেদিতৰ কাষত কংগ্ৰেছ

সংখ্যালঘু সম্প্ৰদায়ৰ মূল সমস্যাৰ অন্যতম সমস্যা হৈছে ‘ডি ভোটাৰ’ অথবা সন্দেহজনক নাগৰিক । অগপ, কংগ্ৰেছ চৰকাৰৰ দিনতে সৰ্বাধিক ডি ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল সংখ্যালঘুসকল । কিন্তু বিদেশী বিতাড়নৰ নামত বহু প্ৰকৃত ভাৰতীয় নাগৰিককো ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ দীর্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে । কিন্তু প্ৰকৃত বিদেশী চিনাক্ত কৰি ভাৰতীয় নাগৰিকক ডি ভোটাৰৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ বিগত কংগ্ৰেছ চৰকাৰে গ্ৰহণ নকৰিলে কোনো সু-ব্যৱস্থা ।

Minority Politics in 2022
উচ্ছেদিত সংখ্যালঘু লোকৰ কাষত ৰকিবুল হুছেইন

কেৱল এয়াই নহয়; বান, ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই গৃহহীন হোৱা সংখ্যালঘুসকলক কোনোদিনে মাটিৰ পট্টা দিয়াৰ কথাও চিন্তা নকৰিলে বিগত কংগ্ৰেছ চৰকাৰে (Land Patta to erosion victim)। আনকি চৰ অঞ্চলত বসবাস কৰা সংখ্যালঘুসকলক মাটিৰ পট্টা দিয়াৰ দাবী বছৰ ধৰি উত্থাপন হৈ অহাৰ পিছতো বিগত কংগ্ৰেছ চৰকাৰত কোনো এগৰাকী মন্ত্ৰীয়েও এই সন্দৰ্ভত গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা । এনে বহু সমস্যাৰ মাজত থকা অসমৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰি অসমত জন্ম লাভ কৰে এ আই ইউ ডি এফ নামৰ আন এটা ৰাজনৈতিক দলে ।

এ আই ইউ ডি এফ: অসমৰ বঞ্চিত, নিষ্পেষিত, নিপীড়িত সংখ্যালঘুৰ শক্তিশালী কণ্ঠ বুলি সংখ্যলঘু অধ্যুষিত এলেকাত ব্যাপক প্ৰচাৰ চলাই ২০০৬ চনতে প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হয় প্ৰতিষ্ঠিত ব্যৱসায়ী মৌলানা বদৰউদ্দিন আজমল নেতৃত্বাধীন ইউ ডি এফ দলে । প্ৰথম অৱস্থাতেই সংখ্যালঘু অধ্যুষিত এলেকাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন ইউ ডি এফ দল । কিন্তু ক্ৰমান্বয়ে আজমলৰ ৰাজনৈতিক স্বাৰ্থ আদায়ৰ প্ৰকৃত উদ্দেশ্য যেন কিছু স্পষ্ট হৈ পৰিছিল । যাৰ বাবে পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত বিগত নিৰ্বাচনত কংগ্ৰেছৰ বুকুচাত উঠি ১৮ খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিল ।

Minority Politics in 2022
হিন্দুৰ বিৰুদ্ধে মন্তব্য কৰি দেশ তোলপাৰ কৰা আজমল

বিভিন্ন সময়ত বিভিন্ন সাম্প্ৰদায়িক তথা বিতৰ্কিত মন্তব্য কৰা বদৰুদ্দিন আজমলেও যে সংখ্যালঘুসকলক লৈ এক ৰাজনীতি আৰম্ভ কৰিছে সেয়াও যেন স্পষ্ট হৈ পৰিছে দিনৰ পোহৰৰ দৰেই । উল্লেখযোগ্য যে, সংখ্যালঘুৰ বিৰোধিতা কৰা বুলি চৰ্চিত বিজেপি দলৰ বিৰুদ্ধেই প্ৰচাৰ চলাই সংখ্যালঘূৰ ভোটেৰে নৰ্বাচিত কংগ্ৰেছ এ আই ইউ ডি এফ দলৰ বহু বিধায়কে ২০২২ বর্ষতে অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গোপনে বিজেপিক সমৰ্থন কৰি উদঙাই দিয়ে নিজৰ প্ৰকৃত স্বৰূপ ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফৰ বিধায়কে বিজেপিৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক ভোটদান কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে সমালোচনা কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিধায়কক বিজেপিৰ সমৰ্থনত ভোটদান কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছক সমালোচনা কৰে এ আই ইউ ডি এফ দলে ।

2022 বৰ্ষৰ শেষৰ ফালে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ এক মন্তব্য দেশজুৰি চৰ্চা লাভ কৰে ৷ সংখ্যালঘু ভোটাৰক নিজৰ শিৱিৰত স্থায়ী কৰি ৰখাৰ স্বাৰ্থত আজমলে কৰা উক্ত মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল সৰ্বত্ৰে ৷ সাংসদগৰাকীয়ে কয় যে, ‘হিন্দু ধৰ্মাৱলম্বী লোকে 40 বছৰ বয়সলৈকে 1ৰ পৰা 3 গৰাকী অবৈধ পত্নীৰ লগতে সম্পৰ্ক ৰক্ষা কৰে ৷ 40 বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে 18 বছৰ আৰু ল’ৰাই 22 বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷" সাংসদ বদৰুদ্দিন আজমলৰ এই মন্তব্যইও ৰাজনৈতিক মহলত জোঁকাৰণিৰ সৃষ্টি কৰে 2022 বৰ্ষত (Badruddin Ajmal Controversy)৷

মুঠৰ ওপৰত সংখ্যালঘুৰ সমৰ্থন আদায়ৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটা ৰাজনৈতিক দলেই যেন সংখ্যালঘুসকলক বিপথে পৰিচালিত কৰাৰো চেষ্টা অব্যাহত ৰাখে ।

লগতে পঢ়ক: Crime in Assam: 2022 বৰ্ষত বহুকেইটা অপৰাধজনিত ঘটনাই জোকাৰি গ’ল ৰাজ্য, পঢ়ক কিছু গুৰুত্বপূৰ্ণ ঘটনাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.