নিউজ ডেস্ক, 23 অক্টোবৰ: সোমবাৰে পুৱাতেই সকলো গুণমুগ্ধক কন্দুৱাই ইহ সংসাৰৰ পৰা মেলানি মাগিলে প্ৰখ্যাত শিক্ষাবিদ, সংগীতজ্ঞ ড৹ বীৰেন্দ্ৰনাথ দত্তই ৷ তেখেতৰ মধুৰ কণ্ঠৰে নিগৰি অহা ‘‘বগলী বগা ফোঁট দি যা’’, ‘‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’’, ‘‘ৰহিমলা ওৰণিৰ মাজেৰে’’, ‘‘অ’ ধুন ধুনীয়া মোৰ অকণমানি’’ আদি চিৰসেউজ গীতসমূহ আজিৰ দৰে অনাগত প্ৰজন্মৰ মাজতো যে জনপ্ৰিয় হৈ থাকিব তাত কোনো দ্বিধাগ্ৰস্ততা নাই ৷
ড৹ বীৰেন্দ্ৰনাথ সমাজৰ ভিন্ন ভাৰতৰ লোক-সংস্কৃতি অধ্যয়নৰ অন্যতম পুৰোধা আছিল । তেওঁৰ বিয়োগ কেৱল শৈক্ষিক সমাজৰ বাবেই নহয়, অসমীয়া লোক-সংস্কৃতি তথা সাংস্কৃতিক সমাজখনৰ বাবেও এক অপূৰণীয় ক্ষতি ।
এগৰাকী শিক্ষাবিদ, সংগীতজ্ঞ, গীতিকাৰ হিচাপে অধ্যাপক দত্তৰ বহুমুখী অৱদানে অসমৰ সাংস্কৃতিক পৰিৱেশত অম্লান জেউতি বিলাই গৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি অধ্যয়ন বিভাগত তেওঁ নিজৰ জ্ঞান-গৰিমা আৰু সমৰ্পিত মনোভাৱেৰে আগবঢ়াই থৈ যোৱা অৱদান উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অমূল্য হৈ ৰ’ব ।