অসম

assam

আজি ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

By

Published : Nov 2, 2021, 7:37 AM IST

30 অক্টোবৰত অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি ক্ৰমে- 28 নং গোসাইগাঁও, 41 নং ভৱানীপুৰ, 58 নং তামুলপুৰ, 101 নং মৰিয়নী আৰু 107 নং থাওৰা সমষ্টিত আজি ঘোষণা হ’ব উপ-নিৰ্বাচন(Bypolls)ৰ ফলাফল ৷ 7,96,456 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ৷
counting of votes for bypolls
উপ-নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক, 2 নৱেম্বৰ :আজি ৰাজ্যৰ পাঁচটা সমষ্টিত ঘোষণা হ’ব উপ-নিৰ্বাচন(Bypolls)ৰ ফলাফল ৷ 30 অক্টোবৰত পাঁচটা সমষ্টি ক্ৰমে- 28 নং গোসাঁইগাঁও, 41 নং ভৱানীপুৰ, 58 নং তামুলপুৰ, 101 নং মৰিয়নী আৰু 107 নং থাওৰা সমষ্টিত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন ৷ এইবাৰৰ উপ-নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল 7,96,456 গৰাকী ৷

মুঠ ভোটাৰৰ পুৰুষৰ সংখ্যা আছিল 4,03,374 গৰাকী, মহিলা ভোটাৰ আছিল 3,93,078 গৰাকী আৰু 4 গৰাকী আছিল তৃতীয় লিংগৰ ভোটাৰ ৷ আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা আছিল 31 গৰাকী ৷

নিৰ্বাচন আয়োগে(Election Commission) প্ৰকাশ কৰা তথ্য অনুসৰি, গোসাঁইগাঁও সমষ্টি(Gossaigaon Constituency)ত 77.37 শতাংশ, ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত 78 শতাংশ, তামুলপুৰ সমষ্টি(Tamulpur Constituency)ত 67.88 শতাংশ, মৰিয়নী সমষ্টি(Mariani Constituency)ত 75.07 শতাংশ আৰু থাওৰা সমষ্টি(Thowra Constituency)ত 73.38 শতাংশ ভোটদান সম্পন্ন হয় ।

মুঠ 69.60 শতাংশৰে পাঁচোটা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন হয় ৷ মন কৰিবলগীয়া যে, এইবাৰৰ উপ-নিৰ্বাচনত কোনো এটা সমষ্টিতেই ভোটদানৰ হাৰে স্পৰ্শ নকৰিলে 80 শতাংশৰ ঘৰ ৷ ইফালে উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত পালন কৰিবলগীয়া কিছু নীতি-নিয়ম বান্ধি দিছে নিৰ্বাচন আয়োগে ৷

ফলাফল ঘোষণা হোৱাৰ পাচত কোনো ধৰণৰ বিজয় সমদল আয়োজন কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব ৷ ইয়াৰোপৰি, ৰিটাৰ্ণিং বিষয়াৰ পৰা বিজয়ী প্ৰাৰ্থী অথবা তেওঁৰ প্ৰতিনিধিয়ে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ সময়ত দুজনতকৈ অধিক ব্যক্তিয়ে সংগ দিয়াৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে নিৰ্বাচন আয়োগে ৷

পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে ৷ পাঁচোটা সমষ্টিত কোনে মাৰিব শেষ হাঁহি, তাক লৈ এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে দল-সংগঠনৰ লগতে অসমবাসীৰ ৰাইজৰ ৷

লগতে পঢ়ক :উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে ?

ABOUT THE AUTHOR

...view details