ETV Bharat / state

পোকৰ উপদ্ৰৱ : কৃষি বিষয়াৰ অভয়বাণী, ভয়ৰ কোনো কাৰণ নাই - Bamboo Seed Bugs

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:50 PM IST

Bamboo Pests : চন্দ্ৰপুৰৰ কাজলীচকী, হাতীবগৰা আৰু তাঁতীমাৰা অঞ্চলটো চলিছে ক’লা পোকৰ উপদ্ৰৱ ৷ কাজলীচকী অঞ্চল পৰ্যবেক্ষণ কৰিবলৈ আজি উপস্থিত হয় গুৱাহাটী মহকুমা কৃষি বিষয়া মৌচুমী হাজৰিকা ভূঞা ৷

BAMBOO SEED BUGS AFFECTED AREAS
অব্যাহত আছে ক’লা পোকৰ সন্ত্ৰাস (ETV BHARAT ASSAM)

চন্দ্ৰপুৰত ক’লা পোকৰ সন্ত্ৰাস (ETV BHARAT ASSAM)

গুৱাহাটী, 22 মে' : চন্দ্ৰপুৰত অব্যাহত আছে ক’লা পোকৰ সন্ত্ৰাস ৷ ক’লা পোকৰ বাবে চন্দ্ৰপুৰৰ হাতীবগৰা প্ৰাথমিক বিদ্যালয় আৰু অঞ্চলটোৰ কেবাটাও অংগনৱাড়ী কেন্দ্ৰত ব্যাহত হৈ আছে পাঠদান ৷ চন্দ্ৰপুৰৰ কাজলীচকী, হাতীবগৰা আৰু তাঁতীমাৰা অঞ্চলটো চলিছে ক’লা পোকৰ উপদ্ৰৱ ৷ কৃষি বিভাগৰ লোক ক’লা পোকে উপদ্ৰৱ চলোৱা অঞ্চল সমূহত উপস্থিত হৈছে আৰু পোকৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ, কীটনাশক দ্ৰব্য চটিয়াইছে ৷

ইফালে চন্দ্ৰপুৰৰ ক’লা পোকে উপদ্ৰৱ চলোৱা কাজলীচকী অঞ্চল পৰ্যবেক্ষণ কৰিবলৈ আজি উপস্থিত হয় গুৱাহাটী মহকুমা কৃষি বিষয়া মৌচুমী হাজৰিকা ভূঞা ৷ অঞ্চলটো পৰ্যবেক্ষণ কৰি কৃষি বিষয়া মৌচুমী হাজৰিকা ভূঞাই এই পোকবিধৰ নাম Bamboo Shed Bug বুলি জানিবলৈ দিয়ে ৷ বাঁহ ফুলৰ পৰা এই পোকবিধৰ সৃষ্টি হয় বুলি জনায় ৷ লগতে এই পোকৰ পৰা ভয় আৰু আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও সদৰী কৰে কৃষি বিষয়াগৰাকীয়ে ৷

প্ৰাকৃতিক কাৰণত 40-50 বছৰৰ মূৰত বাঁহ গছত ফুল ফুলা দেখা যায় বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷ বাঁহ ফুলৰ পৰাই পোকবিধ উৎপন্ন হয় আৰু এই পোক বিধ বিষাক্ত নহয় বুলি জানিবলৈ দিয়ে তেওঁ ৷ পোক বিধৰ আয়ু মাত্ৰ 15 দিন ৷ ইতিমধ্যে বিভাগৰ তৰফৰ পৰা অঞ্চলটোৰ পৰিয়াল সমূহৰ কীটনাশক দ্ৰব্য যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা কেৱল চন্দ্ৰপুৰেই নহয়; গোলাঘাট, শোণিতপুৰ, কলিয়াবৰ আদি বিভিন্ন ঠাইতো এই পোকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে এই পোকবিধক লৈ অঞ্চলসমূহৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : কলিয়াবৰত অচিন পোকৰ প্ৰাদুৰ্ভাৱত বিদ্যালয়ৰ পাঠদান ব্যাহত - Bamboo Seed Bugs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.