অসম

assam

ভূটান চৰকাৰৰ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Sep 14, 2022, 10:24 PM IST

আঢ়ৈ বছৰৰ মূৰত অহা ২৩ ছেপ্টেম্বৰৰ পৰা ভূটানৰ প্ৰৱেশ দুৱাৰ পুনৰ মুকলি হ’ব ( Bhutan entry gate will be reopened) ৷ এই লৈ ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

Bhutan Govt and BTR Administration hold important meeting
ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনেৰে গুৰুত্বপূৰ্ণ বৈঠক

কোকৰাঝাৰ, ১৪ ছেপ্টেম্বৰ : বিটিআৰ প্ৰশাসন আৰু ভূটান চৰকাৰৰ প্ৰতিনিধিৰ মাজত বুধবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক (Bhutan Govt hold important meeting) ৷ বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিটিআৰৰ অন্তৰ্গত পাঁচখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ শীৰ্ষ বিষয়া আৰু ভূটান চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন শৃংখলা বিভাগৰ সঞ্চালকসহ ১২ জনীয় প্ৰতিনিধিৰ এটা দলে অংশগ্ৰহণ কৰে ৷ মূলত দুয়োখন দেশৰ মাজত বেপাৰ, বাণিজ্য আৰু যাতায়াতক লৈ এই বৈঠকখন অনুষ্ঠিত হয় ৷

উল্লেখ্য যে, মহামাৰী ক’ভিডৰ পৰিপ্ৰেক্ষিতত প্ৰায় আঢ়ৈ বছৰৰ ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসম তথা ভাৰতীয় নাগৰিকৰ বাবে প্ৰৱেশ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ আছিল ৷ যাৰ ফলত দুয়োখন দেশৰ মাজত ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰিছিল আৰু ইয়াৰ বাবে দুয়োখন দেশৰ বিশেষকৈ সীমান্তৱৰ্তী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হৈছিল ৷

ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনেৰে গুৰুত্বপূৰ্ণ বৈঠক

কিন্তু ক’ভিডৰ প্ৰকোপ কমি অহাত অহা ২৩ ছেপ্টেম্বৰৰ পৰা ভূটানৰ প্ৰৱেশ দুৱাৰ পুনৰ মুকলি কৰা হ’ব (Bhutan entry gate will be reopened)৷ ফলত ভূটান আৰু ভাৰতৰ মাজত যাতায়তৰ লগতে বেপাৰ, বাণিজ্য আৰু পৰ্যটকৰ ব্যৱস্থা এক প্ৰকাৰে স্বাভাৱিক হোৱাৰ পথত ৷ বুধবাৰে বিটিআৰ সচিবালয়ত ভূটান আৰু বিটিআৰ প্ৰশাসনৰে হোৱা বৈঠকৰ অন্তত এই তথ্য সদৰী কৰে ভূটানৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন-শৃংখলা বিভাগৰ সঞ্চালক টাছি পেঞ্জৰে ৷ বৈঠকত ভূটান চৰকাৰে দাদগিৰি আৰু নামলাঙত পৰ্যটকৰ সুবিধাৰ্থে এটা প্ৰৱজন কাৰ্যালয় মুকলি কৰা হ’ব বুলিও জনায় দেশখনৰ আইন-শৃংখলা বিভাগৰ সঞ্চালকগৰাকীয়ে ৷

বৈঠকত ভূটানৰ সৰপাং জিলাৰ DC লৱজাং, জংখাৰ জিলাৰ DC টাছি ৱাংগমু, ছানড্ৰপ ঝংখাৰৰ SP ছোগায়েলকে ধৰি ১২ জনীয়া ৰয়েল ভূটানৰ এটি দল উপস্থিত থকাৰ বিপৰীতে বিটিআৰৰ হৈ বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, বিটিআৰৰ সচিব নৰেন বসুমতাৰী, উপ-সচিব অনিত্য বসুমতাৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেকে ধৰি চিৰাং, বাগছা ওদালগুৰি আৰু তামুলপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:বিধানসভা অধিবেশনৰ তৃতীয়দিনা কংগ্ৰছৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details