অসম

assam

ৰাজীৱ ভৱনত ববিতা শৰ্মাক উষ্ম আদৰণি

By

Published : Mar 29, 2019, 7:28 PM IST

অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই দুজনকৈ পুৰুষ নেতা বলীন বৰদলৈ আৰু ৰমেন বৰঠাকুৰক পৰাজিত কৰি ববিতা শৰ্মাই লাভ কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব ৷ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ববিতা শৰ্মা জিন্দাবাদ ধ্বনিৰে উষ্ম আদৰণি জনাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজাৰ মাজত নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বুলিও সাংবাদিকক জনায় ববিতা শৰ্মাই ৷

BABITA SHARMA

গুৱাহাটী, 29 মাৰ্চ: অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই কংগ্ৰেছ দলে অসমৰ সবাতোকৈ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ নেত্ৰী ববিতা শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে তেওঁ ৰাজীৱ ভৱনত উপস্থিত হয় ৷ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ববিতা শৰ্মা জিন্দাবাদ ধ্বনিৰে উষ্ম আদৰণি জনাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলা সদস্যসকলেও ববিতা শৰ্মাক মিঠাই খুৱাই আদৰণি জনায় ৷ গুৱাহাটী সমষ্টিক পুনৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ পূৰ্ণ চেষ্টা চলাব বুলি ববিতা শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে । ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজাৰ মাজত নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বুলিও ববিতাই সাংবাদিকক জনায় ৷

BABITA SHARMA

উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে কাক টিকট প্ৰদান কৰিব এই প্ৰশ্নই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছিল । কংগ্ৰেছ দলৰ দুজনকৈ পুৰুষ নেতা বলীন বৰদলৈ আৰু ৰমেন বৰঠাকুৰক পিছ পেলাই অৱশেষত ববিতা শৰ্মাই টিকট লাভ কৰিবলৈ সক্ষম হয় ।

Intro:গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত ৰাজীৱ ভৱনত উপস্থিত ববিতা শৰ্মা। কংগ্ৰেছ দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনাই ববিতা শৰ্মাক।


Body:অৱশেষত সকলো জলপান কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ দলে ঘোষণা কৰিলে অসমৰ সবাতোকৈ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। কংগ্ৰেছ দলৰ নেত্ৰী ববিতা শৰ্মাই লাভ কৰিলে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীত্ব। গুৱাহাটীত লোকসভাৰ বাবে কংগ্ৰেছ হাই কামাণ্ডে ববিতা শৰ্মাৰ নাম ঘোষণা কৰাৰ পিছতে কংগ্ৰেছ কৰ্মীয়ে ববিতা শৰ্মাক ৰাজীৱ ভৱনত উষ্ম আদৰণি জনায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলা সদস্য সকলে ববিতা শৰ্মাক মিঠাই খুৱাই, ববিতা শৰ্মা জিন্দাবাদ ধ্বনিৰে পাৰ্টি কার্যলায়লৈ আদৰণি আনে। গুৱাহাটী সমষ্টিক পুনৰ কংগ্ৰেছ দলৰ দখললৈ আনিবলৈ পূৰ্ণ চেষ্টা চলাব বুলি ববিতা শৰ্মাই সাংবাদিকক জানিবলৈ দিয়ে। ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওঝাৰ মাজত মূল তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বুলিও ববিতাই মন্তব্য কৰে।

বাইট : ববিতা শৰ্মা


Conclusion:গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে কাক টিকট প্ৰদান কৰিব এই প্ৰশ্নই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কংগ্ৰেছ দলৰ দুজনকৈ পুৰুষ নেতা বলিন বৰদলৈ আৰু ৰমেন বৰঠাকুৰক পিছ পেলাই অৱশেষত বিজেপিৰ মহিলা প্ৰাৰ্থী কুইন ওঝাক তীব্ৰ প্ৰতিদ্বন্দিতা দিবলৈ ববিতা শৰ্মাই টিকট লাভ কৰিবলৈ সক্ষম হ'ল।

ABOUT THE AUTHOR

...view details