অসম

assam

আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 2:30 PM IST

Updated : Jan 2, 2024, 3:14 PM IST

BMI test: কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ ছাউনীত আজিৰে পৰা ৬ জানুৱাৰীলৈ অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI টেষ্ট আৰম্ভ হৈছে । এই পৰীক্ষাত যদি কোনো আৰক্ষী জোৱান সফল হ’ব নোৱাৰে তেন্তে তেওঁলোকক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সম্ভাৱনা আছে ৷

second phase of BMI test
আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা

আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা

গুৱাহাটী, ২ জানুৱাৰী: মঙলবাৰে অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ ছাউনীত আজিৰে পৰা ৬ জানুৱাৰীলৈ অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI টেষ্ট অব্যাহত আছে ৷ ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা শিলচৰ আৰু যোৰহাটত আৰক্ষীৰ BMI টেষ্ট আৰম্ভ হৈছে ।

অসমৰ ১,৮৮৪ গৰাকী আৰক্ষী জোৱানে অৱতীৰ্ণ হ’ব লাগিব এই BMI টেষ্টত । গুৱাহাটীত ১,১০০ আৰক্ষী অৱতীৰ্ণ হ'ব এই BMI টেষ্টত । শাৰিৰীক গঠনৰ ক্ষেত্ৰত ৩০% ফিট নাথাকিলে অনুত্তীৰ্ণ হ’ব এই BMI টেষ্টত ।‌ ইয়াৰ পূৰ্বে প্ৰথম পৰীক্ষাত সফল হ’ব নোৱৰা ১,৮৮৪ গৰাকী আৰক্ষী বিষয়া-কনিষ্টবলক তিনিমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল । সেইসকল আৰক্ষী জোৱান যদি এইবাৰ সফল হ’ব নোৱাৰে তেন্তে তেওঁলোকক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল বিগত 2023 বৰ্ষতে ৷ মেদবহুল তথা পেটুৱা আৰক্ষীৰ লোক নোহোৱা কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছিল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙে নিৰ্দেশনা জাৰি কৰি কৈছিল যে, পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলকভাৱে এৰিব লাগিব চাকৰি ৷

তাৰ পিচৰে পৰা বিগত বৰ্ষৰ ১৬ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষা কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল । বি এম আই টেষ্টিঙৰ প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাচতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

প্ৰথম পৰ্যায়ত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ বি এম আই পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ১,৮৮৪ গৰাকী সদস্য মেদবহুল । অৰ্থাৎ, ৩০ প্লাছ BMI ৰ আৰক্ষীৰ সংখ্যা হৈছে ১,৮৮৪ গৰাকী ৷

লগতে পঢ়ক:৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

Last Updated :Jan 2, 2024, 3:14 PM IST

ABOUT THE AUTHOR

...view details