অসম

assam

প্ৰাকৃতিক দুৰ্যোগঃ অধিক শোচনীয়ৰ হৈছে ৰাজ্যৰ বান পৰিস্থিতি

By

Published : Jul 14, 2020, 2:22 PM IST

অসম ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা তথ্যত সোমবাৰৰ দিনটোলৈকে লক্ষীমপুৰ, বৰপেটা, বঙাইগাঁও, কামৰূপ(গ্ৰাম্য), গোলাঘাট আৰু আৰু শিৱসাগৰত এগৰাকীকৈ ব্যক্তিয়ে বানত প্ৰাণ হেৰুৱাইছে ৷ ফলত বানত মৃত্য়ু হোৱা লোকৰ সংখ্যা 76 লৈ বৃদ্ধি পায় ৷ ইয়াৰ ভিতৰত প্ৰায় 50 গৰাকী ব্যক্তিয়ে বানত মৃত্যুবৰণ কৰাৰ বিপৰীতে 26 গৰাকীয়ে ভূমিস্খলনত প্ৰাণ হেৰুৱায় ৷

Assam floods claim 6 more lives, 22 lakh hit across 27 districts etv bharat news
ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ

গুৱাহাটী,14 জুলাই:এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগে লগ এৰি নিদিয়া হৈছে ৰাজ্যত ৷ প্ৰতিবছৰৰ দৰে বাৰিষাৰ দ্বিতীয়টো বানে একপ্ৰকাৰ বিধ্বস্ত কৰি পেলাইছে ৰাজ্য়ৰ আন্তঃগাঁথনি ৷ ক্ৰমাৎ অধিক শোচনীয় পৰিস্থিতিৰ দিশে গতি কৰিছে ৰাজ্য়ৰ বান পৰিস্থিতি ৷ চৰকাৰী তথ্য অনুসৰি, ইতিমধ্যে ৰাজ্য়ত বানৰ কবলত পৰিছে 27 জিলাৰ প্ৰায় 22 লক্ষাধিক বাসিন্দা ৷ অসম ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা তথ্যত সোমবাৰৰ দিনটোলৈকে লক্ষীমপুৰ,বৰপেটা,বঙাইগাঁও,কামৰূপ (গ্ৰাম্য),গোলাঘাট আৰু আৰু শিৱসাগৰৰ এগৰাকীকৈ ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ কথা উল্লেখ কৰা হৈছে ৷ ফলত বানত মৃত্য়ু হোৱা লোকৰ সংখ্যা 76 লৈ বৃদ্ধি পায় ৷ ইয়াৰ ভিতৰত প্ৰায় 50 গৰাকী ব্যক্তিয়ে বানত মৃত্যুবৰণ কৰাৰ বিপৰীতে 26 গৰাকীয়ে ভূমিস্খলনত প্ৰাণ হেৰুৱায় ৷

অসম ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি 12.63 লাখ লোক ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বানত আক্ৰান্ত হৈছে ৷

সম্প্ৰতি ৰাজ্যৰ ভিতৰত বৰপেটা জিলাত ভয়াৱহ ক্ষতি কৰিছে বানে ৷ জিলাখনৰ প্ৰায় 5.44 লাখ লোকৰ বিপৰীতে দক্ষিণ শালমাৰাত 1.92 লাখ লোক বানত জুৰুলা হৈছে ৷ তদুপৰি ধেমাজিত আক্ৰান্তৰ সংখ্যা হৈছে 1.30 লাখ ৷ ইতিমধ্যে বানাক্ৰান্তসকলক উদ্ধাৰৰ বাবে নিয়োজিত কৰা হৈছে এনডিআৰএফ আৰু এচডিআৰএফ বাহিনীক ৷ উদ্ধাৰকাৰী দল দুটাই অহৰহ প্ৰচেষ্টাৰে 98 খন নাওঁ ব্যৱহাৰ কৰি বিগত 24 ঘণ্টাত বানৰ কবলৰ পৰা উদ্ধাৰ কৰে প্ৰায় 19,548 গৰাকী লোকক ৷ উল্লেখ্য যে,দেওবাৰলৈকে 24 খন জিলাত আক্ৰান্তৰ সংখ্যা আছিল 12.97 লাখ ৷ বৰ্তমান ৰাজ্যৰ 2,763 খন গাঁৱৰ লগতে 1,03,806 হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ আক্ৰান্তসকলৰ বাবে ইতিমধ্যে 20 খন জিলাত স্থাপন কৰা হৈছে প্ৰায় 480 টাকৈ অস্থায়ী সাহায্য শিবিৰ ৷ এই শিবিৰসমূহত বৰ্তমানলৈকে আশ্ৰয় গ্ৰহণ কৰিছে 60,696 গৰাকী লোকে ৷ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি ইতিমধ্যে মুকলি কৰা হৈছে বান সাহায্য ৷ মঙলবাৰৰ দিনটোলৈকে ৰাজ্য়ত 7,774.75 কুইণ্টল চাউল,ডাইল, নিমখ আৰু 10,925.69 লিটাৰ মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বানাক্ৰান্তৰ মাজত বিতৰণ কৰা হৈছে ৷ তদুপৰি শিশু খাদ্য, ত্ৰিপাল, মমবাতি, দিয়াচলাই, বিস্কুট, খোৱাপানী,পশুখাদ্য়,মাস্ক আদিও বিতৰণ কৰা হৈছে বন্য়াৰ্তৰ মাজত ৷ প্ৰকৃততে ৰাজ্যত কেইবাদিনো নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলতে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহ পানীৰে উপচি পৰে ৷ বিশেষকৈ মহানগৰী গুৱাহাটী, ধুবুৰী, গোৱালপাৰা, নিমাতীঘাট, তেজপুৰ আদিত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ ৷ কেইবাখনো জিলাৰ দলং, ৰাষ্টা, কালভাৰ্ট আদি বানে উটুৱাই লৈ যোৱাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ৷

ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ

বানৰ সমান্তৰালকৈ একাংশ জিলাত জন-জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই ৷ বিশেষকৈ মাজুলী, ওদালগুৰি, নলবাৰী আৰু চিৰাঙত খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ প্ৰত্যাহ্বান ৷ বানে ৰাজ্যৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ ফলত আলৈ-আথানি নোহোৱা হৈছে বন্যপ্ৰাণীসমূহৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 223 টা শিবিৰৰ 173 টা শিবিৰে কবলত পৰিছে বানৰ ৷ তদুপৰি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্য়ানৰ 40 টা শিবিৰৰ 24 টায়ে ক্ষতিৰ সন্মুখীন হৈছে বানত ৷ বানৰ কবলৰ পৰা বনকৰ্মীসকলে এই মুহুৰ্তলৈকে 47 টা বন্য জন্তু জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰা উদ্ধাৰ হৈছে 70 টা বন্যপ্ৰাণী ৷ সম্প্ৰতি উদ্যানখনৰ প্ৰায় 95 শতাংশ এলেকা কবলত পৰিছে বানৰ ৷ এই তথ্য সদৰী কৰিছে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ মুখ্য বন বিষয়াই ৷ তদুপৰি বিগত 24 ঘণ্টাত ৰাজ্যত 17,81,920 ঘৰচীয়া পশুধন বানৰ সন্মুখীন হোৱাতো নিশ্চিত হৈছে ৷

লগতে চাওকঃবান : নিজে নাও চলাই দায়িত্ব সম্পাদন এগৰাকী আশাকৰ্মীৰ

ABOUT THE AUTHOR

...view details