অসম

assam

উন্নত প্ৰযুক্তিৰে আগতীয়াকৈ উমান লোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ !

By

Published : Jun 1, 2020, 1:35 AM IST

অতিশীঘ্ৰে দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰই লাভ কৰিব এক অভিনৱ গতি ৷ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যলয়ত উপস্থিত হৈ দেওবাৰে এই সম্পৰ্কে এই যোগাত্মক ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা আগতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ উমান লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷

disaster
disaster

গুৱাহাটী, 31 মে' : উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগটোক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰই লাভ কৰিব এক অভিনৱ গতি

উন্নত প্ৰযুক্তি বিদ্যাৰ সহায়ত বান সমস্যা, বজ্ৰপাত, ধুমুহা, ভূমিকম্প আদি প্ৰাকৃতিক ঘটনাৰাজিৰ উমান আগতীয়াকৈ লাভ কৰি যাতে সাৱধানতা অৱলম্বন কৰিব পাৰি তাৰ বাবেই এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কামৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

জনতা ভৱনৰ চৌহদত থকা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হৈ দেওবাৰে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়াৰ লগতে বিভাগটোৰ কাম-কাজৰো বুজ লয় । বানৰ উপদ্ৰৱৰ এই সময়খিনিত পঞ্চায়ত পৰ্যায়লৈকে উদ্ধাৰ আৰু সাহাৰ্যৰ সকলো সা-সৰঞ্জাম যোগান ধৰাৰ উপৰিও আশ্ৰয় শিবিৰসমূহত যাতে ক'ভিড-১৯ ৰ সকলো নীতি নিৰ্দেশনা মানি চলা হয় তাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিশেষকৈ আশ্ৰয় শিবিৰৰ শিশু সকলৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে, নদীপথেৰে যাত্ৰা কৰা সকলো লোকে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈও দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উন্নত প্ৰযুক্তিৰে আগতীয়াকৈ উমান লোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ !

লগতে পঢ়ক : ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতিয়ে

ABOUT THE AUTHOR

...view details