ETV Bharat / state

ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতিয়ে

author img

By

Published : May 31, 2020, 7:38 PM IST

বাৰিষালৈ মাজত প্ৰায় ডেৰমাহ বাকী যদিও, আগতীয়াকৈ অহা বানে ইতিমধ্যে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ তেনে ক্ষেত্ৰ ৰাজ্যৰ একাংশ স্থানত বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল মথাউৰি নিৰ্মাণৰ কাম ৷

flood prevention and rehabilitation needs in the several places of assam
flood prevention and rehabilitation needs in the several places of assam

গুৱাহাটী, ৩১ মে': ৰাজ্যৰ 7 খন জিলাত আগ বাৰিষাৰ বানে ক্ৰমাৎ ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । বাৰিষালৈ এতিয়াও মাজত প্ৰায় ডেৰমাহ বাকী যদিও, আগতীয়াকৈ অহা বানে ইতিমধ্যে যি সংহাৰী ৰূপ ধাৰণ কৰিছে তালৈ লক্ষ্য কৰিলে এইবাৰৰ বাৰিষাৰ বানে যে ক'ৰণা সন্ত্ৰাসৰ মাজতে ৰুদ্ৰমূৰ্তি ল'ব পাৰে সেই আশংকা ঘনীভূত হৈ পৰিছে ।

ৰাজ্যৰ 7 খন জিলা বিশেষকৈ চিৰাং, বাক্সা, দক্ষিণ শালমাৰা, বিশ্বনাথ, তিনিচুকীয়া, মাজুলী আৰু শোণিতপুৰত ইতিমধ্যে আগ বাৰিষাৰ বানে বিস্তৰ ক্ষতিসাধন কৰিছে । মন কৰিবলগীয়া যে, ২০১৯ বৰ্ষত হোৱা বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলসম্পদ বিভাগৰ ৩৮ টা মথাউৰিৰ লগতে অন্যান্য বিভাগৰ অধীনত থকা আন ১৭ টা মথাউৰিৰ বিভিন্ন অংশত ক্ষতিসাধন কৰিছিল । ইয়াৰে জলসম্পদ বিভাগৰ অধীনস্থ ৩৮ টা মথাউৰিৰ ৩২ টাৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী ৬ টাৰ মেৰামতি আজিও হৈ নুঠিল । আন ১৭ টাৰো মেৰামতি নহ'ল ।

বিভাগীয়ভাৱে মেৰামতি নোহোৱাৰ কাৰণ লকডাউন বুলি কৈ চৰকাৰে দায় সাৰিব খুজিলেও প্ৰকৃতাৰ্থত সেয়া সত্য নহয় । কিয়নো, মাৰ্চৰ পূৰ্বেই মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰাটো নিয়ম । কাৰণ মাৰ্চৰ পিচৰে পৰাই অসমত বৰষুণ আৰম্ভ হয় আৰু কাম কৰাটো অসম্ভৱপ্ৰায় হৈ পৰে । দেশত লকডাউন ২৪ মাৰ্চতহে আৰম্ভ হৈছিল । তেনে ক্ষেত্ৰত কাৰ গাফিলতি বা দায়িত্বহীনতাৰ বাবে এই মথাউৰি কেইটাৰ মেৰামতি সম্পূৰ্ণ হৈ নুঠিল সেয়া এক ডাঙৰ প্ৰশ্ন ।

ইয়াৰ মাজতে একাংশ ঠিকাদাৰে কৰা নিম্নমানৰ কামৰ বাবেও এতিয়া জীয়াতু ভূগিব লগীয়া হৈছে সাধাৰণ জনতাই । মাজুলীত জলসম্পদ বিভাগৰ এটা কৃষিবান্ধসহ শ্লুইছ গেট নিৰ্মাণৰ বাবে দিয়া হৈছিল ২০ লাখ টকা । কিন্তু কাম ইমানেই নিম্নমানৰ আছিল যে আগ বাৰিষাৰ প্ৰথমটো বানতেই উটি গ'ল সেই শ্লুইছ গেট ।

কেৱল সিমানেই নহয়, কাছাৰৰ মাণিকপুৰ-ৰায়পুৰত মথাউৰিৰ দুটা অংশ চিঙিছিল । সেই দুটা অংশৰ মেৰামতি আজিও নহ'ল । অনুৰূপভাৱে ইতিমধ্যে সৰ্থেবাৰীৰ পৰাহকুছি অঞ্চলত বুঢ়াদিয়াৰ মথাউৰি ছিগাৰ ফলত পশ্চিম নলবাৰীৰ বিস্তৰ অঞ্চলৰ লগতে অগণন লোক ক্ষতিগ্ৰস্ত হৈছে । অথচ এই মথাউৰিটোৰ উত্তৰ পাৰৰ অংশটো মেৰামতিৰ বাবে এনৰেগাৰ অধীনত ১০ লাখ টকাৰ আৱন্টনো দিয়া হৈছিল ।

মাত্ৰ এদিন পূৰ্বে হোজাইত কপিলী নদীৰ মথাউৰি দুঠাইত ছিগাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে । ইতিমধ্যে কপিলীৰ বাঢ়নী পানীয়ে পতিয়াপাম-কাঠকটীয়া মথাউৰি ক্ষতিগ্ৰস্ত কৰিছে । নামনিত কালদিয়া নৈৰ পানীয়ে দক্ষিণ বজালীৰ বনগাঁও আৰু সৰুক্ষেত্ৰীৰ কাৱৈমাৰীত মথাউৰি চিগিছে ।

ঠিক একেদৰে সোৱণশিৰিৰ পানীয়ে মাজুলীত অৰ্জুনপুৰী আৰু চিলাকলাৰ মাজৰ শ্লুইছ গেট ইতিমধ্যে উটুৱাই নিছে । তাৎপৰ্যপূৰ্ণ যে, ২০১৯-২০ বৰ্ষত ৰাজ্যৰ জলসম্পদ বিভাগে ২৬০ কিলোমিটাৰ মথাউৰি সৱলীকৰণ আৰু মেৰামতিৰ কাম হাতত লৈছিল । কিন্তু বাৰিষা আহি উপস্থিত হোৱাৰ পিচতো সেই কাম সম্পূৰ্ণ হৈ নুঠিল ।

লগতে পঢ়কঃ বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.