ETV Bharat / state

ধনৰ বিনিময়ত কাৰাবন্দীক ফোন, পাণ-তামোল, চিগাৰেট, চাধা যোগান ! মুখ্যমন্ত্ৰীলৈ কয়দীৰ বিষ্ফোৰক পত্ৰ - North Lakhimpur district jail

Letter by prisoner to CM: লখিমপুৰ জিলা কাৰাগাৰৰ কাৰাবন্দীৰ এখন পত্ৰই সৃষ্টি কৰিছে জোঁকাৰণিৰ । কাৰাগাৰখনৰ ভিতৰচ'ৰাৰ কেতবোৰ অনিয়ম উল্লেখ কৰা কাৰাবন্দী ৰ পত্ৰখনক লৈ চলিছে সৰ্বত্ৰে চৰ্চা ।

Letter by prisoner to CM
মুখ্যমন্ত্ৰীলৈ কাৰাবন্দীৰ পত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2024 at 10:01 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ, 14 জুন: এখন অভিযোগ পত্ৰই কঁপাইছে লখিমপুৰ জিলা কাৰাগাৰ । বিস্ফোৰক অভিযোগ পত্ৰখনে কাৰাগাৰৰ ভিতৰৰ অনিয়ম উন্মোচন কৰিছে ৷ পত্ৰখন লখিমপুৰ জিলা কাৰাগাৰৰ কাৰাবন্দীসকলৰ ।

যোৱা ৩০ এপ্ৰিলত লিখা এই পত্ৰখনে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নামবিহীন আৰু লখিমপুৰ জিলা কাৰাগাৰৰ সমূহ কাৰাবন্দী বুলি উল্লেখ কৰা তথা মুখ্যমন্ত্ৰীলৈ বুলি প্ৰেৰণ পত্ৰখনত কাৰাগাৰৰ ভিতৰচ'ৰাৰ কেতবোৰ অভিযোগ উত্থাপন কৰা হৈছে । একাংশ কাৰাবন্দীয়ে এই বিস্ফোৰক অভিযোগ পত্ৰখনত উল্লেখ কৰিছে ৷

Letter by prisoner to CM
মুখ্যমন্ত্ৰীলৈ কাৰাবন্দীৰ পত্ৰ (ETV Bharat Assam)

লগতে পঢ়ক: কেনেকৈ মৃত কয়েদীক উলিয়াই দিলে কাৰাগাৰ কৰ্তৃপক্ষই

অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰচ’ৰাত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আহিছে । পত্ৰখনত কাৰাবন্দীয়ে উল্লেখ কৰিছে যে লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কাৰাগাৰখনৰ প্ৰধান প্ৰহৰী কেৱল সোণোৱালে আচামীৰ লগত ম’বাইল ফোনৰ লেন-দেন আৰু নিচাজাতীয় সামগ্ৰী আদান-প্ৰদান কৰাৰ বিষয়ে অৱগত হোৱাৰ পিচতো কাৰাগাৰৰ অধীক্ষকে ৰহস্যজনক কাৰণত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

অভিযুক্ত প্ৰধান প্ৰহৰীগৰাকীৰ কাৰ্যকালত কাৰাবন্দীৰ লগত ধনৰ লেন-দেন আৰু সোণৰ চেইনৰ লগত চাৰিজনকৈ কাৰাবন্দী ক্ৰমে প্ৰণৱ বনিয়া, ৰাহুল দৈমাৰী, পাপু দাস আৰু ৰাহুল পেগুক পলোৱাৰ সুযোগ দিয়াৰ পিচত তেওঁক অন্য স্থানলৈ বদলি কৰা হৈছিল যদিও তেওঁ পুনৰ লখিমপুৰ জিলা কাৰাগাৰলৈ আহে । আনহাতে নকল সোণৰ গোচৰত যিসকল কাৰাবন্দীয়ে জে’লৰ ভাত খাবলগীয়া হৈছে, তেনে একাংশ কাৰাবন্দীক জে’লৰ নীতি-নিয়ম ভংগ কৰি ধনৰ বিনিময়ত পৃথককৈ খোৱা-বোৱাৰো ব্যৱস্থা কৰি আহিছে ৷

Letter by prisoner to CM
মুখ্যমন্ত্ৰীলৈ কাৰাবন্দীৰ পত্ৰ (ETV Bharat Assam)

লগতে পঢ়ক: কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ?

তেনেদৰে এনে কাৰাবন্দীক ম’বাইল ফোনৰ ব্যৱস্থাও কৰি দিয়া হয় বুলি পত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে ৷ যিসকল কাৰাবন্দীয়ে ধন দিব পাৰে তেনে কাৰাবন্দীক যিকোনো সময়তে জে’লৰ ভিতৰত থকা কাৰ্যালয়লৈ মাতি ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হয় বুলি পত্ৰখনৰ জৰিয়তে বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে ৷ কয়দীসকলক খালাচ লিখি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলিও পত্ৰখনৰ জৰিয়তে অভিযোগ তোলা হৈছে ।

Letter by prisoner to CM
মুখ্যমন্ত্ৰীলৈ কাৰাবন্দীৰ পত্ৰ (ETV Bharat Assam)

জিলা কাৰাগাৰৰ ভিতৰত এতিয়া অবৈধভাৱে ভাত, মাছ, মাংস চলি থকাৰ লগতে পাণ-তামোল, চিগাৰেট, চাধা আদিৰ লগতে আন নিচাজাতীয় দ্ৰব্যও চলে বুলি অভিযোগত প্ৰত্ৰখনত উল্লেখ কৰা হয় ৷ কাৰাবন্দীসকলৰ এই অভিযোগ সন্দৰ্ভত কাৰাগাৰখনৰ অধীক্ষক ৰাহুল বৰগোহাঁইৰ লগত ইটিভিৰ তৰফৰ পৰা টেলিফোনিক যোগাযোগ কৰাত তেওঁ উল্লেখিত পত্ৰখনৰ অভিযোগৰ সত্যতা নাই বুলি কয় । এই লৈ এক তদন্ত ইতিমধ্যে চলি আছে আৰু তদন্ত চলি থকাৰ বাবে বিতংভাৱে তেওঁ জনোৱাৰ পৰা বিৰত থাকে । তদন্ত অন্ত পৰিলে এই অভিযোগ পত্ৰখনৰ ৰহস্য পোহৰলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি ২১ বছৰীয়া কয়দী ! গৰ্ভপাতৰ বাবে আবেদন