অসম

assam

ULFA Govt Peace Talks: চৰকাৰে প্ৰস্তুত কৰা খচৰাত সন্তুষ্ট নহয় আলফা; অনুপ চেতিয়া

By

Published : May 11, 2023, 5:01 PM IST

চৰকাৰ আৰু সংযুক্ত মুক্ত বাহিনী অসম চমুকৈ আলফাৰ মাজৰ শান্তি আলোচনাৰ স্থিতি কি (ULFA Govt peace talks) ? কি পৰ্যায়ত আছে চৰকাৰ-আলফাৰ মাজৰ শান্তি আলোচনা ? বৃহস্পতিবাৰে হাতীগাঁওস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে জনায় অনুপ চেতিয়াই ।

ULFA-Govt Peace Talks
ULFA-Govt Peace Talks

চৰকাৰে প্ৰস্তুত কৰা খচৰাত সন্তুষ্ট নহয় আলফা; অনুপ চেতিয়া

গুৱাহাটী, ১১ মে': অসম চৰকাৰ আৰু সংযুক্ত মুক্ত বাহিনী অসম ((United Liberation Front of Assam) চমুকৈ আলফাৰ মাজৰ শান্তি আলোচনাৰ স্থিতি সম্পৰ্কে জনালে অনুপ চেতিয়াই (Anup Chetia press meet on ULFA govt peace talks) । আলফা-চৰকাৰৰ মাজৰ শান্তি আলোচনা কি পৰ্যায়ত আছে সেই বিষয়ে জনাবলৈ এক সংবাদমেল অনুষ্ঠিত কৰে অনুপ চেতিয়াই । বৃহস্পতিবাৰে হাতীগাঁৱৰ বনফুল পথস্থিত কাৰ্যালয়ত সংযুক্ত মুক্ত বাহিনী অসমৰ এক সংবাদমেল সম্বোধন কৰে অনুপ চেতিয়াই (ULFA Govt peace talks) ।

সংবাদমেলত অনুপ চেতিয়াই কয় যে, চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনা বৰ্তমান অন্তিম পৰ্যায়ত আছে । চৰকাৰে শান্তি আলোচনা চুক্তিৰ এখন খচৰা প্ৰস্তুত কৰিছে ৷ খচৰাখন সন্দৰ্ভত আলফাৰ সৈতে ভাৰত চৰকাৰৰ বিস্তৃত আলোচনা হোৱা বুলি জনায় আলফাৰ সম্পাদক অনুপ চেতিয়াই (ULFA peace talk with Govt) ৷

আনহাতে, খচৰাত উল্লেখ থকা কথাবোৰত আলফা সম্পূৰ্ণ সন্তুষ্ট নহয় বুলিও তেওঁ জনায় ৷ তেওঁ কয়, এই খচৰাত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিশ্চিত নিশ্চয়তা নাই । যাৰ বাবে ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবলৈ আলফাই চৰকাৰক অনুৰোধ জনায় ৷ এই সন্দৰ্ভত ভাৰত চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনায় আলফাই ৷

উল্লেখ্য যে, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে নিশ্চিত নিশ্চয়তা প্ৰকাশ কৰি আলোচনাৰ পৰিসমাপ্তি বিচাৰিছে আলফাই ৷ আনহাতে, চৰকাৰে প্ৰস্তুত কৰা খচৰাত মুঠেও সন্তুষ্ট নহয় যদিও আলফাই শান্তি আলোচনা অব্যাহত ৰখিবলৈ বিচাৰে বুলিও প্ৰকাশ কৰে অনুপ চেতিয়াই ৷ অৱশ্যে শান্তি চুক্তিৰ খচৰা সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে আলফা পুনৰ আলোচনাত বহিব বিচাৰে বুলিও তেওঁ জনায় ৷ তেওঁ কয়, এনআৰচি (NRC), ভূমিৰ অধিকাৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আদি বিষয়ত দাবী উত্থাপন কৰিছিল আলফাই ৷

এই দাবীসমূহ চৰকাৰে মানি লৈছে যদিও দুই-এটা দাবী মানি লোৱা নাই চৰকাৰে ৷ আনহাতে, আলফাৰ শ্বহীদসকলক সন্মানসহকাৰে ক্ষতিপূৰণ দিয়াৰ দাবীও আছিল বুলি তেওঁ উল্লেখ কৰে । লগতে ভূটানত নিখোঁজ হোৱা ২৬ জন আলফাৰ সন্ধানত ব্যৱস্থা গ্ৰহণৰো সংবাদমেলত দাবী জনায় ৷ ইয়াৰ লগতে ৮৮ শতাংশ সমষ্টি অৰ্থাৎ ১০২ টা সমষ্টি খিলঞ্জীয়া বাবে সংৰক্ষিত কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰা বুলিও প্ৰকাশ কৰে ।

আনহাতে, অৰণ্যত থকা আলফা স্বাধীনৰ সদস্যক সংস্থাপন দিয়াকে ধৰি মূল ১২ টা দফা তেওঁলোকে সন্নৱিষ্ট কৰাৰ কথা উল্লেখ কৰে । তাৰে ভিতৰত ১১টা দফা চৰকাৰে মানি লৈছে যদিও ৮৮ শতাংশ সমষ্টি সংৰক্ষণৰ বিষয়টো চৰকাৰে মানি লোৱা নাই বুলি তেওঁ উল্লেখ কৰে ৷ এই দাবী মানি ল'লেই চৰকাৰৰ সৈতে আলোচনা সম্পূৰ্ণ হ'ব বুলি তেওঁ সংবাদমেলযোগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :APW Case Against Ranjan Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এপিডব্লিউৰ অভিজিৎ শৰ্মাৰ গোচৰ

ABOUT THE AUTHOR

...view details