ETV Bharat / state

APW Case Against Ranjan Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এপিডব্লিউৰ অভিজিৎ শৰ্মাৰ গোচৰ

author img

By

Published : May 11, 2023, 2:16 PM IST

APW-ৰ সভাপতি অভিজিৎ শৰ্মাই প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে (APW case against Ranjan Gogoi) । ইয়াৰ উপৰি ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ 'JUSTICE FOR THE JUDGE' নিষিদ্ধ কৰিবলৈও গোচৰ তৰিছে ।

APW Case Against Ranjan Gogoi
APW Case Against Ranjan Gogoi

গুৱাহাটী, ১১ মে’ : বেজৰ নাকত খৰ ! দেশৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়ধীশৰ বিৰুদ্ধে গোচৰ ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ (former CJM Ranjan Gogoi) বিৰুদ্ধে আছাম পাব্লিক ৱৰ্কছ (Assam Public Works) চমুকৈ APW-ৰ সভাপতি অভিজিৎ শৰ্মাই দুটাকৈ গোচৰ ৰুজু কৰিছে ৷

অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে প্ৰথমটো গোচৰত ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে (APW case against Ranjan Gogoi) । ইয়াৰ উপৰি আনটো গোচৰত ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ 'JUSTICE FOR THE JUDGE' নিষিদ্ধ কৰিবলৈও গোচৰ তৰিছে । এই গ্ৰন্থখনত কিছু আপত্তিজনক তথ্য সন্নিৱিষ্ট হোৱা বুলি অভিজিৎ শৰ্মাই অভিযোগ উত্থাপন কৰিছে ।

এই প্ৰসংগত কামৰূপ মহানগৰ দেৱানী আদালতত ২৬১/২০২৩ আৰু ৪৪৭/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে (case against former CJM Ranjan Gogoi) । উল্লেখযোগ্য যে আলফা, NRC-কে ধৰি বিভিন্ন ৰাজহুৱা বিষয়ত সজোৰে সুদীৰ্ঘ দিন ধৰি সৰৱ হৈ আহিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ মুৰব্বী অভিজিৎ শৰ্মাই (APW chief Abhijit Sarma) । কিছুদিন পূৰ্বে অভিজিৎ শৰ্মাই প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ন্যায়ালয়ত উপস্থিত কৰোৱাৰ সকীয়নি দি ক্ষমা খোজাৰ আহ্বান জনাইছিল ৷

'নলবাৰীৰ ক'ৰ্টত লগ পাম আপোনাক' বুলি ৰঞ্জন গগৈক অসম প্লাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মাই প্ৰত্যহ্বান জনাইছিল প্ৰায় এমাহ পূৰ্বে ৷ ৰঞ্জন গগৈয়ে আত্মজীৱনী 'JUSTICE FOR THE JUDGE'-ত অভিজিৎ শৰ্মাৰ কেতবোৰ কথা লিখিছিল । আত্মজীৱনীখন প্ৰসংগত ৰঞ্জন গগৈক একাধিকবাৰ অভিজিৎ শৰ্মাই প্ৰত্যহ্বান জনাই আহিছে যদিও দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কোনো প্ৰত্যুত্তৰ বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই (case against Ranjon Gogoi biography) ৷ সেই অনুসৰিয়েই সক্ৰিয় সামাজিক কৰ্মী অভিজিৎ শৰ্মাই নলবাৰীত নহ’লেও কামৰূপ মহানগৰ দেৱানী আদালতত এই গোচৰ তৰে ।

লগতে পঢ়ক :Teacher Appointment: শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম, টেট উত্তীৰ্ণয়ো দিব লাগিব পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.