অসম

assam

25 বছৰ গৰকা মহিলাৰ দ্বাৰা পৰিচালিত মহানগৰীৰ এখন পূজা

By

Published : Oct 14, 2021, 7:54 AM IST

Updated : Oct 14, 2021, 8:26 AM IST

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা
108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা ৷ 25 বছৰ গৰকা পূজাখন পৰিচালিত কৰা হয় স্থানীয় মহিলাৰ দ্বাৰা ৷ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত কৰা হৈছে এই পূজা ৷

গুৱাহাটী, 14 অক্টোবৰ :25 বছৰ অতিক্ৰম কৰিলে মহানগৰীৰ এখন বিশেষ পূজাই ৷ পূজাখন বিশেষ বুলি এই বাবেই কোৱা হৈছে কিয়নো এই পূজাৰ সকলো কাম-কাজ পৰিচালনা কৰে মহিলাই ৷ সাধাৰণতে ৰাজহুৱা বৈদিক কাম-কাজ, পূজা-পাৰ্বণত আগভাগ লোৱা দেখা যায় পুৰুষসকলক ৷ কিন্তু মহানগৰীৰ পাথৰকুঁৱেৰীত অনুষ্ঠিত এই পূজাভাগত সকলো কাম-কাজ সম্পন্ন কৰে মহিলাসকলে ৷

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা

পূজাখনৰ আয়োজক সমিতিৰ সকলো বিষয়ববীয়া মহিলা হোৱাৰ সমান্তৰালকৈ আপুনি দেখা পাব পুৰোহিতৰ আসন অলংকৃত কৰিছে মহিলাই ৷ মহানগৰীৰ পাথৰকুঁৱেৰীৰ ১ নং মঠঘৰীয়াৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰ পূজা সমিতিত সুলভ হৈছে এই দৃশ্য ৷ বিগত বছৰৰ সমূহৰ দৰে এইবেলিও ক’ভিড প্ৰট’কল মানি চলি সমিতিখনে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পূজাৰ ৷ 2006 চনৰ পৰা চলি অহা এই পূজাভাগ সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হয় ৷

এই পূজাত দেখা পোৱা নাযায় কোনো ধৰণৰ জাক-জমকতা ৷ 108 টা ঘট স্থাপনেৰে মহিলাসকলে পূজা আগবঢ়াই দেৱী মা লৈ বুলি ৷ স্থানীয় প্ৰায় অৰ্ধ শতাধিক মহিলাই চৰকাৰী নিৰ্দেশনা মানি এইবেলিও পূজা অনুষ্ঠিত কৰিছে ৷ পৰম্পৰা অনুসৰি, বৃহস্পতিবাৰে মহানৱমী উপলক্ষে এই পূজাত অনুষ্ঠিত হ’ব কুমাৰী পূজা ৷

লগতে চাওক:তেজপুৰৰ জাহাজঘাটত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ

Last Updated :Oct 14, 2021, 8:26 AM IST

ABOUT THE AUTHOR

...view details