অসম

assam

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন

By

Published : Feb 18, 2021, 6:58 PM IST

যোৰহাটত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত জিলা আছুৰ আহ্বানত টীয়কৰ ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন । দোষীক উচিত শাস্তিৰ দাবী আছু কৰ্মীসকলৰ ।

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন

টীয়ক,১৮ ফেব্ৰুৱাৰী:যোৰহাট জিলাৰ সাংবাদিকক দুবৃত্তই আক্ৰমণ কৰা ঘটনাত গৰিহণা দিয়াৰ লগতে টীয়কত সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্বৰূপে টীয়ক ৰাজ্যিক বাছ আস্থানৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত ক'লা পতাকা উত্তোলন কৰিলে যোৰহাট জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে । সাংবাদিকক আক্ৰমণ কৰা দুস্কৃতিকাৰীক উচিত শাস্তিৰ দাবী তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে । লগতে তেওঁলোকে অভিযোগ তোলে যে বিজেপি চৰকাৰৰ আশীৰ্বাদত একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল সাংবাদিক লগতে আটাছু নেতাক । দোষীক উপযুক্ত শাস্তি দিয়াৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সুৰক্ষা প্ৰদান কৰিবলৈ অসমৰ গৃহ বিভাগক দাবী জনাই আছু কৰ্মীসকলে ।

উল্লেখ যে যোৱা ১৬ ফেব্ৰুৱাৰীত নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰিছিল । এই ঘটনাত সাংবাদিকসহ কেইবাগৰাকী লোক আহত হৈছিল । যোৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনাৰ লগত জড়িত কেইবাজনকো আটক কৰিছে ।

লগতে পঢ়ক:তিনিচুকীয়াত ৭টা আপুৰুগীয়া বনৰৌ সহ দুজনক আটক

ABOUT THE AUTHOR

...view details